ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ক্ষমতাই যেন অন্ধ কৰিছে ঢকুৱাখনা পৌৰসভাৰ পৌৰপতিক। কিছুদিন আগতে ঢকুৱাখনা নগৰৰ ৰাজহুৱা শ্মশানশালী "শান্তিধাম"ৰ ভূমি বেদখল কৰি ব্যাপক হাৰত ধিকৃত হোৱা পৌৰপতি ৰাজীৱ দাস এইবাৰ নামিছে পৌৰ এলেকাৰ এটা চহা পৰিয়ালৰ ভূমি বেদখলত। ঢকুৱাখনা পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ ভাটি হুজ গাঁৱৰ বাসিন্দা ভৱ কান্ত ভঁৰালীয়ে সংবাদ মাধ্যমক প্ৰদান কৰা লিখিত অভিযোগ মতে ব্যক্তিজনৰ ১০নং ৱাৰ্ডৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ চাপৰি মেপৰ দাগ নম্বৰ- ১১২ৰ প্ৰায় ২ বিঘা মাটিত খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰি আহিছিল।
নিজ পৈতৃক সম্পত্তি উক্ত ভূখণ্ডত চাৰি বেৰা মাৰি খেতি কৰি জীৱন নিৰ্বাহ কৰা সেই ভূখণ্ড বেদখলত নামিছে পৌৰপতি ৰাজীৱ দাস । যোৱা ৩ ছেপ্টেম্বৰত বেদখলকাৰী দাসে প্ৰায় ১০ জনীয়া এটা দল লগত লৈ ব্যক্তিজনৰ অস্থায়ী চাৰি বেৰা ভাঙি নিজে পকী খুঁটা অবৈধ ভাৱে স্থাপন কৰে মাটিৰ মালিকৰ অজ্ঞাতে। পৰৱৰ্তী সময়ত এই বিষয়ে জানিব পাৰি দুৰ্ভগীয়া মাটিৰ পট্টাদাৰ ভৱ কান্ত ভঁৰালীয়ে ঢকুৱাখনা সদৰ থানাত এক গোচৰ দাখিল কৰে।
এজাহাৰকাৰী ভঁৰালীয়ে পৌৰপতি দাসৰ বিৰুদ্ধে ব্যক্তিগত পট্টাৰ মাটি বলপূৰ্বক বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে। এই সন্দৰ্ভত সদৰ থানাৰ উপ পৰিদৰ্শক ছিদ্দিক আলি আহমেদৰ জৰিয়তে গোচৰৰ তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে। গোচৰিয়া ভৱ কান্ত ভঁৰালীয়ে জনোৱা মতে ২০২২ বর্ষলৈকে মাটিৰ খাজনা চৰকাৰক আদায় দি থকাৰ পাছতো উক্ত ভূখণ্ডলৈ লুলুপ দৃষ্টি দি নিজৰ কৰি লবলৈ বলপূৰ্বক হেঁচা প্ৰয়োগ কৰি চহা পৰিয়ালটোক সীমাহীন মানসিক নিৰ্যাতন ভোগাই আহিছে ৰাজীৱ দাসে।
কেৱল গেৰুৱা দলৰ পৌৰপতি হোৱাৰ সুবাদতে ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰ কৰি ৰাজীৱ দাসে আৰম্ভ কৰা এনে দৌৰাত্ম্যৰ বাবে নাগৰিকৰ পৈতৃক সম্পত্তিলৈকো চৰম ভাবুকি আহি পৰা বুলি ক্ষোভেৰে জানিবলৈ দি এই উৰ্ধবাহু নৃত্য ৰোধত বিধায়ক নৱ দলেৰ হস্তক্ষেপ কামনা কৰিছে দুৰ্ভগীয়া কৃষক পৰিয়ালটোৱে । উল্লেখ্য যে এইগৰাকী বিতৰ্কিত পৌৰপতিয়ে ঢকুৱাখনা নগৰৰ এখন ৰাজহুৱা শ্মশানশালীৰ ভূমি বেদখল কৰি তাত শিৱ মন্দিৰ স্থাপনৰ এক গোপন চক্ৰান্ত কৰিছিল।
পৰৱৰ্তী সময়ত শ্মশানশালী পৰিচালনা সমিতিৰ জ্ঞাত হোৱাত ব্যাপক বিৰুদ্ধাচৰণ হোৱাৰ পাছত দাসৰ এই ভূমি বেদখলৰ ষড়যন্ত্ৰত চেঁচা পানী পৰিছিল। শেহতীয়াকৈ পুনৰ এইগৰাকী কৃষকৰ ভূমি বেদখলত নামি পৰা দাসৰ এনে কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। অৱশ্যে আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাছতহে প্ৰকৃত সত্যতা পোহৰলৈ আহিব ।