ঢকুৱাখনাত চিকিৎসকৰ দলক কৰ্তব্য পালনত বাধা এচাম শিক্ষকৰ

ঢকুৱাখনাত চিকিৎসকৰ দলক কৰ্তব্য পালনত বাধা এচাম শিক্ষকৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চিকিৎসকৰ দলক কৰ্তব্য পালনত বাধা এচাম শিক্ষকৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ ভদ্ৰতাৰ সীমা চেৰোৱা এক নিলৰ্জ কাণ্ড সংঘটিত হৈছে ঢকুৱাখনাত। ঢকুৱাখনাৰ কঁঠালপৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে সংঘটিত হৈছে এই অবিবেচকী কাণ্ড। বিদ্যালয়খনৰ একাংশ উন্নাসিক শিক্ষকৰ উদণ্ড আচৰণৰ সন্মুখীন হৈ চৰকাৰী কৰ্তব্য পালনৰ বাবে যোৱা ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ এটা চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দল বিমুখ হ'ব লগা হয়।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ নিৰ্দেশনা আৰু কৰ্মসূচী অনুসৰি ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ভ্ৰাম্যমাণ চিকিৎসক গোটৰ চিকিৎসক অনুৰাগ গুপ্তাৰ নেতৃত্বত এটা স্বাস্থ্যকৰ্মীৰ দল উপস্থিত হৈছিল উক্ত বিদ্যালয়খনত। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১০.৩০ বজাত বিদ্যালয় চৌহদত প্ৰথমে প্ৰৱেশ কৰিছিল দলটোৰ "লেবৰেটৰী টেকনিছিয়ান" মানস জ্যোতি বৰা। বৰাই নিজৰ বাইকখন চৌহদৰ ভিতৰত  নিৰাপদে ৰখাৰ বাবে প্ৰৱেশ কৰোঁতেই বিদ্যালখনৰ দাম্ভিক শিক্ষক উমলতা পেগুৱে  প্ৰথম গালি গালাজ আৰম্ভ কৰে। একপ্ৰকাৰৰ কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰি পেগুৱে উন্মত্ত আচৰণ কৰি চৰকাৰী কৰ্তব্যৰত স্বাস্থ্যকৰ্মীগৰাকীক "চৌহদ লোকনিৰ্মাণ বিভাগৰ পথ ভাবিছে নেকি" বুলি ধমকি দি বাহিৰ হৈ যোৱাৰ নিৰ্দেশ দিয়ে।

স্বাস্থ্যকৰ্মী গৰাকীয়ে বিনম্ৰতাৰে তেওঁৰ পৰিচয় দাঙি ধৰি চৰকাৰী কৰ্তব্য পালন কৰিবলৈ অহা আৰু বিদ্যালয়লৈ শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে "এম এম ইউ"ৰ দল অহাৰ কথা ব্যক্ত কৰি বিভাগৰ গাড়ী প্রদর্শন কৰে। কিন্তু উদণ্ড মানসিকতা প্ৰদৰ্শন কৰি শিক্ষকগৰাকীয়ে কোনো চৰকাৰী কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি দম্ভালি মাৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। স্তম্ভিত স্বাস্থ্য কৰ্মীগৰাকীয়ে এই সন্দৰ্ভত বিদ্যালয় প্ৰধানগৰাকীক অৱগত কৰাৰ বাবে কাৰ্য্যালয়লৈ যাওঁতে পুনৰ দুগৰাকী শিক্ষক ক্ৰমে ৰানা দলে আৰু দুৰ্গেশ্বৰ বৰুৱাই উদণ্ড আচৰণ কৰা শিক্ষক পেগুক সহযোগিতা কৰি স্বাস্থ্য কৰ্মীজনক কাৰ্য্যালয়তে ৰাজহুৱাকৈ অভব্য আচৰণ কৰে। কোনো কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ সকীয়াই দিয়ে। 

শিক্ষাৰ্থীৰ হিম'গ্লবিন পৰীক্ষা, চকু, দাঁতৰ পৰীক্ষা আদি স্বাস্থ্য পৰীক্ষণ কৰাৰ লগতে সমাগত আগষ্ট মাহত হ'বলগা হস্ত প্ৰস্খলন কাৰ্যসূচী সন্দৰ্ভত সজাগতা কৰিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি বিদ্যালয়লৈ যোৱা দলটোক বিদ্যালয় প্ৰাঙ্গনত কৰ্তব্য ৰূপায়নত বাধা দিয়াৰ বাবে নিৰাশ হৈ উভতি আহিবলৈ বাধ্য হয়। অৱশ্যে পৰৱৰ্তী সময়ত অংগনৱাদী কৰ্মী আৰু সহায়িকাৰ হস্তক্ষেপত কঁঠালপৰা চাৰিআলিত অৱস্থিত এখন চেলুনৰ বাৰাণ্ডাত বহি কেন্দ্ৰটোৰ শিশু আৰু স্থানীয় ৰাইজকলৈ ন্যস্ত দায়িত্ব সম্পন্ন কৰে।

শিক্ষকতাৰ নামত গুণ্ডাগিৰী চলোৱা এই শিক্ষকসকলৰ এনে দৌৰাত্ম্যৰ বাবেই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগা হ'ল । চৰকাৰী কৰ্তব্য পালনত বাধা দিয়া, চৰকাৰী কৰ্মচাৰীক ৰাজহুৱাভাৱে অপমান কৰা , বিদ্যালয়ত উদণ্ড আচৰণ কৰি শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰা এই তিনি কাণ্ডজ্ঞানহীন শিক্ষকৰ ওপৰত জিলা স্বাস্থ্য বিভাগ, বিদ্যালয়সমূহৰ পৰিদৰ্শক, ঢকুৱাখনা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা তদন্ত হোৱাটো কামনা কৰিছে অঞ্চলবাসী ৰাইজে। এনেবোৰ উদণ্ড শিক্ষকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত চিকিৎসক , স্বাস্থ্য কৰ্মীৰ জীৱন নিৰাপত্তাহীনতাত ভোগাৰো আশংকা কৰা হৈছে। বিশ্ব চকু দিৱসৰ দিনাই চিকিৎসক স্বাস্থ্য কৰ্মীৰ দলটো অপদস্থ হোৱাৰ পাছত প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব ।

Also Read: যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে চিকিৎসক মৃদুপৱন নাথ...

dhakuakhana