ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ নেতৃত্ববাহী উমৈহতীয়া সংগ্ৰামী সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদ। পৰিষদৰ অন্যতম শক্তিশালী শাখা ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৩০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন শনিবাৰে অনুষ্ঠিত হয়। ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সোনাৰী চাপৰি আঞ্চলিক সমিতিৰ আতিথ্যত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দিন জোৰা কাৰ্যসূচীৰে  সম্পন্ন হয় বাৰ্ষিক সাধাৰণ সভাখন।

জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ৭খন আঞ্চলিক সমিতিৰ লগতে সকলো কৰ্মচাৰী সন্থা, সংগঠন আৰু সংঘৰ বিষয়ববীয়া আৰু কৰ্মকর্তাসকলৰ উপস্থিতিত সভাৰ শুভাৰম্ভ কৰে হয় পঞ্চায়ত প্ৰেক্ষাগৃহ চৌহদত গছপুলি ৰোপণৰ জৰিয়তে। ঢকুৱাখনা  জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া আৰু সম্পাদক  সুনীল কুমাৰ দত্তৰ লগতে গৰিষ্ঠ সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰা এই কাৰ্যসূচী ৰূপায়ন কৰে সোনাৰী চাপৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভদ্ৰ গগৈ আৰু পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হীৰা দত্তই।

ইয়াৰ পাছতে পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি অতুল চুতীয়াই। পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে পতিয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমেন কলিতাই। দুপৰীয়া সাধাৰণ সভা অনুষ্ঠিত হয় সভাপতি অতুল চুতীয়াৰ সভাপতিত্বত। সোনাৰী চাপৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন চন্দ্ৰ শইকীয়াৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা সভাত উদ্বোধনী বক্তব্য আগবঢ়াই ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক জীৱন চন্দ্ৰ গগৈয়ে। প্ৰায় ডেৰ শতাধিক কৰ্মচাৰী প্ৰতিনিধি উপস্থিত থকা সাধাৰণ সভাত পৰিষদৰ সাংগঠনিক ভেঁটি সুদৃঢ়কৰণ, পৰিষদৰ দাবী চনদ কাৰ্যকৰীকৰণ, ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ আদি বিভিন্ন শিতানত বিশদ পৰ্য্যালোচনা কৰা হয়। সাধাৰণ সভাত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় উপস্থিত প্ৰতিনিধি বিষয়ববীয়াসকলৰ সৰ্বসন্মতিক্ৰমে।

সভাত ২০০৫ চনৰ পাছত নিযুক্ত কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণা পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত কৰা, অৰ্হতা সম্পন্ন টিউটৰ শিক্ষকসকলক পূৰ্ণ পৰ্য্যায়ৰ শিক্ষকৰ মৰ্যাদা দিয়া, অংগনৱাদী কৰ্মী-সহায়িকা আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ মাহিলী পৰিতোষিক বৃদ্ধি কৰা, মহকুমাটোৰ সমবায় সমিতি একাংশত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত কৰা আদি মুঠ ১৬টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইপিনে জিলা সমিতিৰ সাধাৰণ সভাখন সফলতাৰে সম্পন্ন কৰাত সহযোগিতা কৰাৰ বাবে সোনাৰী চাপৰি আঞ্চলিক সমিতিৰ সভাপতি গোবিন চন্দ্ৰ শইকীয়া আৰু সম্পাদক বিজু চুতীয়াই সকলোলৈকে কৃতজ্ঞতা জনাইছে।

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in