ঢকুৱাখনালৈ অশনি সংকেতঃ উটি গ'ল কোটি টকাৰ জিঅ' বেগ

ঢকুৱাখনাবাসীৰ জীৱনকলৈ হেতালি খেলা বিষয়া আমোলাৰ অকমন্যতাকলৈ ক্ষুব্ধ ঢকুৱাখনাবাসী...
ঢকুৱাখনালৈ অশনি সংকেতঃ উটি গ'ল কোটি টকাৰ জিঅ' বেগ

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সমাগত বান বাৰিষা।আগতীয়াকৈ অহা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আগতীয়া বানৰ ঢলত উফন্দী উঠিছে ঢকুৱাখনাৰ ভৌগলিক পৰিসীমাৰ কাষেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ বুকু। ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰবাহিত প্ৰচণ্ড সোঁতৰ সংহাৰী মূৰ্তিয়ে ঢকুৱাখনা আৰু মাজুলীৰ ভৌগোলিক অস্তিত্বলৈ অশনি সংকেত মাতি আনিছে।

ঢকুৱাখনাৰ লগতে নদী দ্বীপ মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীৰ ৬ নং বান্দেনা স্পাৰত ব্ৰহ্মপুত্ৰই ভয়াৱহ খহনীয়া চলাই ত্ৰাসৰ সৃষ্টি কৰিছে।নদীখনে বিগত এটা মাহৰ ভিতৰত শিহৰণকাৰী খহনীয়া চলাই ২০০ মিটাৰৰো অধিক ভিতৰলৈ সোমাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

বিগত সময়ত নিৰবিছিন্ন হাৰত খহনীয়া চলাই ব্ৰহ্মপুত্ৰই নদীখনৰ ৬ নং বান্দেনা স্পাৰৰ সন্মুখৰ বিস্তৰ অংশ গৰ্ভস্থ কৰিছে। স্পাৰটোৰ সন্মুখ ভাগ আৱৰি থকা বহু সংখ্যক জিঅ' বেগ আৰু এপ্ৰ'ন ইতিমধ্যে উটুৱাই নি ব্ৰহ্মপুত্ৰই ভয়াৱহ বিপদৰ আগজাননী দিছে। ইতিমধ্যে পাৰটোৰ বৃহৎ পৰিমাণৰ এনে খহনীয়া প্ৰতিৰোধী সামগ্ৰী নদীৰ বুকুত জাহ গ'ল।উচন গ'ল কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনি ।

ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ বানৰ ধলে স্পাৰটোৰ উজনিত প্ৰায় ১০ কোটি টকা ব্যয়ৰে সংস্থাপন কৰা ১৫ খন পাৰকুপাই স্ক্ৰীন আঁচনি উটুৱাই নিয়ে। সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰই ঢকুৱাখনাৰ টুৰিবাৰীৰ পৰা বামুনি চাপৰি,যোগীসুঁতি,বান্দেনা আৰু মাতমৰা পৰ্যন্ত বিশাল অংশত সুদীর্ঘ দিন ধৰি ভয়াৱহ গৰাখহনীয়া চলাই আহিছে।অথচ এই ভয়ংকৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

মন্ত্ৰী পীযুজ হাজৰীকাই এই খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত হৈ স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণৰ ঘোষণা কৰিছিল।প্ৰতিশ্ৰুতি দিছিল বান মুক্ত ঢকুৱাখনাৰ।পিছে সেই সকলোবোৰ ধুৱাচাঙত উঠিল। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো,সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনৰ দায়িত্বহীন ভূমিকাৰ বাবে ঢকুৱাখনাত বাৰিষাৰ কালত অবৰ্ণনীয় সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আহি পৰিছে।

আধুনিক ঢকুৱাখনা নিৰ্মাণৰ খনিকৰ হিচাবে আত্মজাহিৰ কৰি অহা বিধায়ক নৱ দলেয়েও এই ক্ষেত্ৰত মুকবধিৰৰ ভূমিকা গ্ৰহণ কৰি আহিছে। আঁচনি উদ্বোধন কৰি দায়িত্ব সামৰিছে বিধায়কগৰাকীয়ে।যাৰ বাবে ঢকুৱাখনাত ১৭ কোটিৰ নতুন আঁচনি এখনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ঘনীভূত হৈছে।পৰিণতিত ঢকুৱাখনালৈ এক ভয়ানক পৰিস্থিতিৰ ইংগিত আহিছে।

ঢকুৱাখনা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা আঁচনি পালমৰা নীতিৰে চলাই গৈছে। তাৎপৰ্যপূৰ্ণভাবে এই প্ৰতিৰোধ আঁচনিৰ নামটো সংঘটিত হৈছে ভয়ানক বিত্তীয় কেলেংকাৰী। ক্ৰুটিপূৰ্ণ পাৰকুপাই যোগান ধৰি বিভাগীয় বিষয়াক হস্তগত কৰি খহনীয়া ৰোধৰ নামত বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

লখিমপুৰ জলসম্পদ মণ্ডলৰ অধীক্ষক অভিযন্তা,অতিৰিক্ত মুখ্য অভিযন্তা আৰু মুখ্য অভিযন্তাৰ দায়িত্বহীন ভূমিকাৰ বাবেই ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে। ঢকুৱাখনাবাসীৰ জীৱনকলৈ হেতালি খেলা বিষয়া আমোলাৰ অকমন্যতাকলৈ ক্ষুব্ধ ঢকুৱাখনাবাসী। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াকলৈ এক মুনাফালোভী বিভাগীয় বিষয়া ঠিকাদাৰে সংঘটিত কৰিছে ভয়ানক বিত্তীয় কেলেংকাৰী।

ঢকুৱাখনালৈ অশনি সংকেতঃ উটি গ'ল কোটি টকাৰ জিঅ' বেগ
বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in