ছাগলী চুৰিত লিপ্ত ঢকুৱাখানাৰ ২নিচাসক্ত যুৱক...

ছাগলী চুৰিত লিপ্ত ঢকুৱাখানাৰ ২নিচাসক্ত যুৱক...

author-image
Asomiya Pratidin
New Update
ছাগলী চুৰিত লিপ্ত ঢকুৱাখানাৰ ২নিচাসক্ত যুৱক...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ নগৰে গাঁৱে অবাধ হাৰত প্ৰচলন হৈছে নিষিদ্ধ মাৰাত্মক ড্ৰাগছ। এচাম যুৱ প্ৰজন্মৰ হাতে হাতে সুলভ হৈ পৰা এই মাৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি ঢকুৱাখনাৰ সৰ্বত্ৰতে অসামাজিক আৰু অনৈতিক ঘটনা অবাধ হাৰত সংঘটিত হোৱা পৰিলক্ষিত হৈ আহিছে। শেহতীয়াকৈ এনে দুটা ড্ৰাগছ আসক্তই ৰাজপথৰ পৰা ছাগলী চোৰ কৰি ৰঙাঘৰৰ আলহী হ'বলগা হৈছে।

Advertisment

সংগৃহীত তথ্য মতে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ব্লক চাৰিআলিৰ পৰা বলাই ঘাট হৈ কৃষ্ণপুৰ গাঁও সংযোগী লোকনিৰ্মাণ পথৰ দাঁতিত চৰি থকা দুটা ছাগলী জনশূন্য অৱস্থাৰ সুযোগ লৈ দুজন মাতাল যুৱকে ধৰি এখন স্কুটীত উঠাই নিবলৈ চেষ্টা কৰে। ছাগলী দুটাৰ চিঞৰ শুনি দূৰৈৰ পথাৰত থকা চহা ব্যক্তিয়ে দেখি গাঁৱৰ ৰাইজক অৱগত কৰে ।ৰাইজে চাৰিও দিশৰ পৰা ঘেৰি ছাগলী চোৰ দুটা ধৰাৰ চেষ্টা চলাই।কিন্তু ৰাইজৰ ৰোষত পৰাৰ ভয়ত ছাগলী এৰি দৌৰি পলায়ন কৰাৰ চেষ্টা কৰে যুৱক দুজনে।

দুই ছাগলী চোৰক খেদি খেদি ৰাইজে অৱশেষত দুয়োটাকে আটক কৰিবলৈ সক্ষম হয়। ৰাইজৰ হাতত হাতে লোটে ছাগলী চোৰ কৰি ধৰা পৰা বিপথগামী যুৱক দুজন হৈছে বকুলগুৰি গাঁৱৰ জীৱন পাতিৰৰ পুত্ৰ ঋতু ৰাজ পাতিৰ(কালা) আৰু বৰবিল গাঁওৰ সুনিধৰ টাইডৰ পুত্ৰ জ্যোতিপ্ৰসাদ টাউড(গেনিয়া)। দুয়োটা ছাগলী চোৰক অঞ্চলটোৰ একাংশ ৰাইজে উত্তম মাধ্যম সোধাই গাঁওৰক্ষী বাহিনীক গতাই দিয়ে।

গাঁওৰক্ষী বাহিনীয়ে মঙলবাৰে নিশা ঢকুৱাখনা সদৰ থানাত গটাই দি গোচৰ ৰুজু কৰিছে। ৰাইজৰ জেৰাত দুয়োটা ছাগলী চোৰে নিজৰ ভুলৰ কথা স্বীকাৰ কৰিছে ।উল্লেখ্য যে ৰাইজৰ জেৰাৰ সময়ত দুয়োটা চোৰৰ পকেটৰ পৰা নিষিদ্ধ ড্ৰাগছৰ এটা খালি কন্টেইনাৰ উদ্ধাৰ কৰিছে। দুয়োটা চোৰে ড্ৰাগছ খোৱাৰ কথা স্বীকাৰ কৰিছে ।ঢকুৱাখনাৰ সৰ্বত্ৰতে তীব্র গতিত বাইক স্কুটী চলাই জনজীৱন সংকটপূৰ্ণ কৰি তোলা এচাম উদণ্ড যুৱকৰ দ্বাৰাই এনে ভয়ংকৰ দুষ্কাৰ্য সংঘটিত হোৱাৰ পাছতো ঢকুৱাখনা আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

Also Read: কঠীয়াতলীত নাট কৰ্মশালাৰ সফল সামৰণি...

dhakuakhana