ঢকুৱাখনাত বন বিভাগৰ কৃপাত বনজ সম্পদৰ চোৰাং বেহা

ঢকুৱাখনাত বন বিভাগৰ কৃপাত বনজ সম্পদৰ চোৰাং বেহা

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ প্ৰকৃতি সংৰক্ষণ, পাৰিপাৰ্শ্বিক পৰিৱেশ সুৰক্ষিতকৰণৰ জনচেতনা জগাই তোলাৰ এক দীর্ঘকালীন চিৰাচৰিত প্ৰক্ৰিয়া অব্যাহত আছে বিশ্বজুৰি। ৰজা ঘৰে প্রজাঘৰে অনবৰত এই বিষয়ত গণ চেতনাবোধ জাগ্ৰত কৰাৰ নিৰবিছিন্ন প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে ঢকুৱাখনাত এক বিপৰীত প্ৰতিচ্ছবি পোহৰলৈ আহিছে। প্ৰকৃতিগত ভাৱে শ্যামলা ঢকুৱাখনাত এতিয়া বনদৈস্যুৰ উপৰ্যুপৰি তাণ্ডৱ চলি এফালৰ পৰা তহিলং কৰি গৈছে চিৰ সেউজ ক্ষেত্ৰখন।

অতি তাৎপৰ্যপূৰ্ণ বিষয় হৈছে ৰাজ্য চৰকাৰৰ বনজ সম্পদৰ সুৰক্ষাগত দিশটোৰ লগতে বনানিকৰণৰ দিশটো মনোযোগ দিবলৈ ৰাজকোষৰ মাহিলী বেতন দি পোহপাল দি অহা ঢকুৱাখনাৰ বিয়াগোম বন বিভাগৰ কৃপা আৰু দৰদী ভূমিকা এই বন দৈস্যুসকলৰ বাবে প্ৰধান আশীৰ্বাদ হৈ পৰিছে । ঢকুৱাখনাৰ পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু পৰিমণ্ডলৰ বাবেই প্ৰচণ্ড ভাবুকি হৈ থিয় দিয়া এই বন বিভাগটোৰ ইচ্ছাকৃত অকমন্যতাৰ সুবৰ্ণ সুযোগ লৈ মহকুমাটোৰ সৰ্বত্ৰতে চলি আহিছে মূল্যবান বনজ সম্পদৰ এখন বৃহৎ চোৰাং বজাৰ ।

অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি বিভিন্ন স্থানত থকা পৈণত অপৈণত সকলো গছ কাটি এই প্ৰকৃতি ধ্বংসকাৰী অৰ্থলোভী চক্ৰটোৱে দৈনিক বনজ সম্পদৰ গোপন সৰবৰাহ কৰি আহিছে ৰাজপথেৰে। আন্ধাৰৰ সুযোগ লৈ ৰাজপথেৰে ট্ৰেক্টৰ আৰু লঘু মালবাহী বাহনেৰে সৰবৰাহ কৰি অহা চোৰাং বনজ সম্পদৰ বেহাখন বন বিভাগৰ কৃপাত সুদীর্ঘ দিন ধৰি চলি আহিছে আৰু চলি থাকিব। কাৰণ এনেবোৰ চৰকাৰী ৰক্ষক ৰূপী ভক্ষকৰ পৃষ্ঠপোষকতা আৰু বুজাবুজি আছে এনেবোৰ সমাজ বিৰোধী চক্ৰৰ লগত। ঢকুৱাখনা খণ্ড উপ বন বিভাগৰ ওপৰত উত্থাপিত এই গুৰুতৰ অভিযোগৰ প্ৰামানিক তথ্য "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতত মজুত আছে ।

যোৱা এটা সপ্তাহত চোৰাং বনজ সম্পদ ভর্তি দুখনকৈ ট্রেক্টৰ সংবাদ মাধ্যমৰ অভিযান কালত ধৰা পৰাৰ পাছত উপলব্ধ তথ্যতে উন্মোচিত হৈছে বন বিভাগ-বনদৈস্যুৰ গোপন মিতিৰালি। চোৰাং ভাৱে কটা বৃহৎ গছৰ কুণ্ডা ঢকুৱাখনা নগৰৰ এটা চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰাপ্ত কাঠৰ মিললৈ সৰবৰাহ কৰা আৰু গ্ৰাহকৰ জোখত ফালি অনা বৃহৎ পৰিমাণৰ তক্তা এক বিশেষ স্থানলৈ নিয়া সমস্ত প্ৰামানিক তথ্য মজুত আছে ।

বন বিভাগৰ কৃপা লভি আৰু আশীষধন্য হৈ অব্যাহত থকা এনে অবাধ বন ধ্বংস যজ্ঞৰ সৈতে জড়িত অশুভ চক্ৰটোক লেকাম লগোৱাৰ দায়িত্ব কাৰ আৰু কৰিছে কি ? নিশা হ'লেই চোৰাং কাঠৰ মুকলি সৰবৰাহৰ ৰম্যভূমি হৈ পৰা ঢকুৱাখনাত নিৰন্তৰ হাৰত চলি থকা এই দুষ্কাৰ্য নিয়ন্ত্ৰণত ঢকুৱাখনা আৰক্ষীও ব্যৰ্থ হোৱা দৃষ্টিগোচৰ হৈছে। আন্ধাৰ হ'লেই ৰাজপথৰে অবৈধ ভাৱে গছৰ কুণ্ডা আৰু তক্তা সৰবৰাহ কৰা আৰু বৈধ কাঠৰ মিলত অবৈধ কাঠৰ চোৰাং বেহা পাতি অহা চোৰাং খেলখন দেখি উদ্বিগ্ন ঢকুৱাখনাৰ প্ৰকৃতি প্ৰেমী মঞ্জিত পাতিৰ আৰু চেভ গ্ৰীণ ৱৰ্ল্ড মিছন আৰু ব্ৰহ্মপুত্ৰ চাপৰি বনানিকৰণ নামৰ প্ৰকৃতি সংগঠন দুটা ।

কেৱল মুনাফা লাভৰ অংকত প্ৰকৃতি ধ্বংস কৰি বনজ সম্পদৰ অবৈধ বেহা চলাই অহা এই অবিবেচকী কাণ্ড সন্দৰ্ভত লখিমপুৰ জিলা বন বিভাগৰ তদন্ত আৰু এনেবোৰ অবৈধ চক্ৰৰ ওপৰত অভিযান চলোৱাৰ দাবী জনাইছে প্ৰাকৃতিক সংগঠন দুটাই আৰু প্ৰকৃতি প্ৰেমী ৰাইজে।

ঢকুৱাখনাত বন বিভাগৰ কৃপাত বনজ সম্পদৰ চোৰাং বেহা
নুমলীগড় ৰিফাইনেৰী ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in