/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f763da8c-b5c6-42e3-8ab2-ebdb0e94dfdc/15.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঐক্য সম্প্ৰীতি আৰু সমন্বয়ৰ বাণী বিলাই অসমীয়া জাতীয় লোক উৎসৱলৈ উত্তৰণ ঘটা ফাটবিহু বাকৰি দেওবাৰে ৰূপান্তৰিত হ'ল বিশাল জনসমুদ্ৰলৈ। ঢকুৱাখনাৰ ম'হঘুলি চাপৰিৰ শাৰী শাৰী বট বৃক্ষৰ তলিত ৰাজ্যখনৰ লাখ লাখ লোক কৃষ্টি প্ৰেমীৰ অভূতপূৰ্ব সমাগমেৰে দেওবাৰে এই লোক উৎসৱ উজলি উঠিল ভূ-মণ্ডলৰ একক আৰু অন্যন্য জাতীয় উৎসৱ হিচাবে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1b399246-a306-4275-ae0a-44541e97cf13/ff47f610_2ce5_4e5a_b218_313d8ccfa461.jpg)
ফাটবিহুৰ দেওবাৰে অন্তিম দিনা দুপৰীয়া প্ৰখৰ ৰদকো উপেক্ষা কৰি ৰাজ্যখনৰ লাখ লাখ সংস্কৃতি প্ৰেমী উপস্থিত হয় ফাটবিহু বাকৰিত। পুৱাৰ পৰাই লানিৰ দৰে নিছিগা জনশ্ৰুত প্ৰবাহিত হয় ফাটবিহু বাকৰিলৈ। স্বকীয় লোকসংস্কৃতিৰ সোণহেৰীয়া জাতীয় সাজ পৰিধান কৰি বিহু বাকৰি আৰু ৰাজপথৰ ওপৰত উপবিষ্ট হোৱা বিশাল সমষ্টিৰ উৎসাহপূৰ্ণ পৰিৱেশত অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভ কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c5349f30-4230-4ce9-8eb4-53fe991ef1bf/ebf4b236_d25e_468b_80c5_5ed2de859c90.jpg)
ফাটবিহু বাকৰিৰ বিৰ দি বাট নোপোৱা জনসমূদ্ৰৰ বিপুল হৰ্ষ উল্লাসৰ মাজত মনোমোহা সাংস্কৃতিক মহোৎসৱৰ উদ্বোধন কৰে অভিনেত্ৰী প্ৰীতি কংকণাই। বিহু বাকৰিত উপস্থিত হোৱা উদ্ধোধক প্ৰীতি কংকণাক ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাস, উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ ,সম্পাদক ভবেন্দ্ৰজিত গগৈৰ নেতৃত্বত ভমকা ফুলীয়া গামোচা, সৰুদৈয়া জাপি আদিৰে উষ্ণ আদৰণি জনোৱা হয়। ফাটবিহুবলীয়া ৰাইজৰ শ্রদ্ধাশীল আদৰণি গ্ৰহণ কৰি সন্মোহিত উদ্ধোধিকা গৰাকীয়ে চমু বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/093f0ef0-db9c-4a94-8232-f9712dd1a5b3/f5c44dcd_0230_4ea0_ad2c_e0053bb60fb4.jpg)
বৰ অসমৰ ভেটি গঢ়োতা ভূমিপুত্ৰ জনগোষ্ঠী সোণোৱাল কছাৰী কৃষ্টি দল, মিচিং কৃষ্টি দল, তাই আহোম কৃষ্টি দল , দেউৰী কৃষ্টি দল, তিৱা কৃষ্টি দল ,বড়ো কৃষ্টি দল, হুঁচৰি দল, হাজং কৃষ্টি দল ,বঙালী কৃষ্টি দল, টকা বিহু দল ,মটক লোক কৃষ্টি দল, টাই খামতি কৃষ্টি দল, চুতীয়া জনগোষ্ঠীৰ সোৰাই ৰাঙলী বিহু দল ,মাছধৰা দৃশ্য মানৱৰ স্থিৰ চিত্ৰ প্ৰদৰ্শন চহা কৃষকৰ দল, তেজীমলাৰ শাস্তি প্ৰদান দৃশ্য, তাঁতশালৰ দৃশ্য, মিচিং জনগোষ্ঠীৰ আপং চকা দৃশ্য, বুঢ়ী আইৰ সাধু কোৱা দৃশ্য, হৰিনাম দলকে প্ৰমুখ্য কৰি মুঠ ৬৫ টা অসমীয়া কৃষ্টি সংস্কৃতি বৰ্ণিত দৃশ্যৰ প্ৰতীকী উপস্থাপন কৰা হয় বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d456f23c-cb56-4e87-9832-600cd9fa1491/002db9bf_7021_43e6_ac77_fe1bb461d7fb.jpg)
অভিলেখ সংখ্যক জন সমাগমেৰে প্ৰাণৱন্ত হৈ উঠা এই সাংস্কৃতিক শোভাযাত্ৰাই বিহু বাকৰিৰ পৰা ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰে। ইয়াৰ পাছতে ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু অনুষ্ঠিত কৰা হয় । যোৰহাটৰ বিশিষ্ট লোকসংস্কৃতিৰ সাধক দিগন্ত শইকীয়াই উদ্বোধন কৰা এই মুকলি বিহু প্ৰতিযোগিতাত বিভিন্ন জাতি জনগোষ্ঠীৰ মুঠ ৪৫ টা বিহু দলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2862b482-9c5f-4eed-b86b-b93cfd3dff3c/f74492c1_f2e0_42d9_8866_2ecf70b9369c.jpg)
ইয়াৰ পাছতে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে মাজুলীৰ সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই। উদ্বোধনী ভাষণত ডঃ বৰুৱাই বিহুৱেই জাতীয় জীৱনৰ মেৰুদণ্ড বুলি কৈ সাম্প্ৰতিক সময়ত বহু বিহু অবাটে যোৱাত অসন্তুষ্টি প্ৰকাশ কৰে। বিহু বাকৰিলৈ সকলো জাতি জনগোষ্ঠীৰ স্বতঃস্ফূৰ্ত মানুহৰ সমাগমে তাকেই প্ৰতিপন্ন কৰা বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d9659436-884d-451c-8d69-8e5f99bf1dfa/6e732298_09c1_4649_97a9_2ba9c1d75902.jpg)
মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে ঢোলৰ ওজা সোমনাথ বৰা উপস্থিত থাকি মননশীল বক্তব্য আগবঢ়াই। সভাত বিশিষ্ট অতিথি হিচাবে বিধায়ক নৱ দলে ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডঃ ৰাণী নৰহ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আদি উপস্থিত থাকে । মুকলি সভাতে বহু কেইটা বিহু দলৰ বিহু প্ৰদৰ্শন কৰাৰ উপৰিও ফাটবিহুৰ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অর্জন কৰা প্ৰতিযোগী দল সমূহক বঁটা প্ৰদান কৰা হয়।
Also Read: পুনৰ পৰাস্ত ৰাজস্থান ৰয়েলছ : নিম্ন স্ক'ৰীয় মেচত চেন্নাইৰ জয়লাভ