/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fc1589f2-0f4a-42ba-b4b9-8b7e3f6f849c/Dalal.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: গ্ৰাম্য দৰিদ্ৰ নাগৰিকৰ মাজত চৰকাৰী অনাময় ব্যৱস্থা যোগান ধৰাৰ নামত একাংশ দৰিদ্ৰ মহিলাৰ পৰা প্ৰলোভনেৰে লুণ্ঠনৰ জাল পেলাই এটা দালাল ঢকুৱাখনাত ৰঙা ঘৰৰ আলহী হ'ল। ৰাইজৰ লপা-খপা খাই ঢকুৱাখনা সদৰ থানাৰ আলহী হ'বলগীয়া হোৱা দালালটোৰ নাম দীপজ্যোতি হাজৰিকা।
মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাপঙিয়া গাঁৱৰ বাসিন্দা প্ৰবীণ হাজৰিকাৰ পুত্ৰ দীপজ্যোতি হাজৰিকাক ঢকুৱাখনা সদৰ থানাৰ ৮১/২০২৩ নং গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ বিৱৰণি মতে, ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক চৰকাৰী অনাময় সেৱা প্ৰদানৰ নামত দালালটোয়ে ঘৰে ঘৰে গৈ মহিলাসকলৰ পৰা আধাৰ কাৰ্ড, বেংক পাছবুক আদি সংগ্ৰহ কৰি প্ৰতি গৰাকী মহিলাৰ পৰা ডেৰশ টকাৰ পৰা দুশ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d73c5f9b-56c0-42c4-815b-b845094f6f06/9787e0ab_345b_4e9b_8df1_823cdc7ba741.jpg)
এটা পকী চৰকাৰী অনাময় ব্যৱস্থা লাভৰ আশাত মহিলাসকলে চৰকাৰী নিয়ম ভাবি দীপজ্যোতি হাজৰিকাক বিচৰা সকলো নথিপত্ৰ আৰু নগদ টকা আদায় দিছিল। তদুপৰি মাতমৰা পঞ্চায়তৰ বিভিন্ন গাঁৱৰ লগতে আমলখি দাংধৰা গাঁৱৰ মহিলা সকলৰ পৰা দালালটোয়ে বৃহৎ পৰিমাণৰ অৰ্থসংগ্ৰহ কৰাতেই ক্ষান্ত নাথাকি গাঁৱখনৰ দৰিদ্ৰ মহিলা ৰুমী মিলিৰ বেংক একাউণ্টৰ পৰা চলনা কৰি মুঠ ১৭ হাজাৰ টকা যোৱা ৯ আৰু ১০ জুনত দুবাৰকৈ উলিয়াই নিয়ে।
কেৱল সেয়ে নহয়, বিভিন্ন মহিলাৰ পৰা আধাৰ কাৰ্ড, বেংক পাচবুক আদিৰ নকল কপি সংগ্ৰহ কৰাৰ পাছত মুঠ ১১ গৰাকী মহিলাৰ অ' টি পি আহিব বুলি কৈ ৰুমী মিলিৰ চিম কাৰ্ড হেণ্ডচেতৰ পৰা গোপনে উলিয়াই নি সঞ্চিত পুঁজি উলিয়াই নিয়ে। গ্ৰাম্য মহিলা সকলে পুঁজি আৰু নথিপত্ৰ জমা দিয়াৰ পাছতো আঁচনি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত দালাল শইকীয়াক প্ৰশ্ন কৰাত নানা প্ৰতাৰণামূলক কথা কৈ কেৱল আশ্বাস দি দিন অতিবাহিত কৰে।
এই সন্দৰ্ভত সোমবাৰে ৰুমী মিলি আৰু একাংশ প্ৰবঞ্চিত মহিলাই হাজৰিকাৰ আচৰণত সন্দেহ কৰি ভাড়াঘৰৰ পৰা আটক কৰি গাঁওৰক্ষী বাহিনীক চমজাই দিয়ে। পাছত ৰাইজে লপা-থপা দিয়া দালালটোক গাঁওৰক্ষী বাহিনীয়ে ঢকুৱাখনা সদৰ থানাত গতাই দিয়ে। এই সন্দৰ্ভত ভুক্তভোগী মহিলাই এক এজাহাৰ দাখিল কৰাৰ পাছত গোচৰটো পঞ্জীয়ন কৰা হয়।
সম্প্ৰতি সদৰ থানাৰ লকআপত আৱদ্ধ দালালটোক মঙ্গলবাৰে স্বাস্থ্য পৰীক্ষা কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব তদন্তকাৰী আৰক্ষীয়ে। ইপিনে চৰকাৰী আঁচনি প্ৰদানৰ নামত লুণ্ঠনৰ নিৰ্লজ বেহা মেলা প্ৰতাৰক হাজৰিকাক গ্ৰেপ্তাৰৰ খবৰ পাই ঢকুৱাখনা সদৰ থানাত ভুক্তভোগী মহিলাসকলে ভীৰ কৰি প্ৰাপ্য অগ্ৰীম ধন উভতাই বিচাৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।
Also Read: জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীৰে বিধায়কক স্মাৰক পত্ৰ প্ৰদান...