/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/62828d74-d330-4338-82ef-a90d5546cc33/DHOKUAKHANA_13.jpg)
ঢকুৱাখনা মহাবিদ্যালয় সুৰক্ষা আঁচনিৰ শুভাৰম্ভ...
ডিজিটেল সংবাদ ঢকুৱাখনা: তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে পৰিদৰ্শন কৰি যোৱা এক ভয়ানক সমস্যাৰ পলমকৈ হলেও বুধবাৰে স্থায়ী নিৰসন ঘটিল। ঢকুৱাখনাৰ মাজেৰে চিৰ প্ৰবাহমান চাৰিকড়িয়া নদীখনে সুদীর্ঘ দিন ধৰি নগৰাঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানলৈ প্ৰচণ্ড ভাবুকি মাতি আনিছিল।
তাৰ ভিতৰত ঢকুৱাখনা মহাবিদ্যালয় অন্যতম। ঢকুৱাখনা শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ অস্তিত্বলৈ ভাবুকি নমাই নদীখনে বিস্তৰ ভূখণ্ড ইতিমধ্যে গৰ্ভস্থ কৰিছে। নদীখনৰ এনে সংসাৰ মূৰ্তি তদানীন্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰি গৈছিল তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সহযোগত।
বিগত প্ৰায় ৪ বছৰীয়া পৰিকল্পনাৰ পাছত বুধবাৰে মহাবিদ্যালয়খনৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে এক অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰা হয়। বিধায়ক নৱ কুমাৰ দলেয়ে বুধবাৰে মহাবিদ্যালয় চৌহদৰ খহনীয়াস্থলীত দুপৰীয়া আঁচনিখনৰ ফিটা কাটি প্ৰতিৰোধ আঁচনিৰ কামৰ শুভাৰম্ভ কৰে।
ঢকুৱাখনা উপ-জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতা, ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচ, মহাবিদ্যালয়ৰসমূহ শিক্ষক, শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থীৰ লগতে ঢকুৱাখনা জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী ফুকন, ৰাজীৱ বুঢ়াগোহাঁই আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। মহাবিদ্যালয়ৰ অধ্যাপক সেৱক চুতীয়াই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানত বক্তব্য ৰাখি বিধায়ক দলেয়ে মহাবিদ্যালয়খনক উত্তৰ অসমৰ ভিতৰত উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী এখন লেখত ল'বলগীয়া শিক্ষানুষ্ঠানলৈ উত্তৰণ ঘটাবলৈ পৰিকল্পনা কৰাৰ কথা দোহাৰে।
মহাবিদ্যালয়খনৰ অভিভাৱকত্ব গ্ৰহণ কৰি বিধায়ক দলেয়ে মহাবিদ্যালয়খনৰ সৰ্বাংগীন উত্তৰনৰ বাবে গ্ৰহণ কৰা এই পৰিকল্পনাৰ শলাগ লয় মহাবিদ্যালয় পৰিয়ালে।
Also Read: SBIয়ে দাখিল কৰা ইলেক্ট্ৰৰেল বণ্ডৰ তথ্যত আছে কি? চাওঁক সবিশেষ...