ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত) লৈ ITEP অনুমোদন

পুনৰ ঢকুৱাখনা মহাবিদ্যালয়ে আৰ্জিলে স্বীকৃতি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত) লৈ ITEP অনুমোদন

ডিজিটেল সংবাদ,ঢকুৱাখনা: শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষাধিকৰ্তাৰ (NCTE) এক অন্যান্য বিদ্যায়তনিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ে। উত্তৰ অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ক ITEP (Integrated Teacher Education Programme) ৰ বাবে যোগ্য শিক্ষানুষ্ঠান হিচাবে বুধবাৰে স্বীকৃতি প্ৰদান কৰা হৈছে।

Advertisment

যোৱা ১৫ আৰু ১৬ অক্টোবৰত অনুষ্ঠিত ERC ৰ উচ্চস্তৰীয় বৈঠকৰ চূড়ান্ত সিদ্ধান্ত অনুসৰি ITEP য়ে নিৰ্ধাৰণ কৰি দিয়া সকলো প্ৰয়োজনীয় অনুমাপক পৰীক্ষণ কৰি ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ক উক্ত পাঠ্যক্ৰমৰ বাবে যোগ্য নিৰ্বাচিত কৰি বুধবাৰে ঘোষণা কৰাত ঢকুৱাখনাৰ লগতে মহাবিদ্যালয় পৰিয়ালৰ মাজত উল্লাসৰ বন্যা বৈছে।

মহাবিদ্যালয়খনক নব্য উত্তৰণমুখী চিন্তা চেতনাৰে নিৰ্মাণত দিবা নৈশ একাকাৰ কৰি অহা অধ্যক্ষ ডঃ যোগানন্দ সূতৰ নেতৃত্বত প্ৰতিগৰাকী শিক্ষাগুৰু, কৰ্মচাৰী, শিক্ষাৰ্থীৰ সহযোগিতাৰ উৎকৃষ্ট ফচল এই স্বীকৃতি। স্মৰণযোগ্য যে ৰাজ্যখনৰ প্ৰায় ৪০ খন আবেদনকাৰী মহাবিদ্যালয়ৰ ভিতৰত প্ৰাৰম্ভিক স্তৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দুখন মহাবিদ্যালয় ক্ৰমে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত)আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে ।

ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ দুখন মহাবিদ্যালয় ক্ৰমে ৰঙাপৰা মহাবিদ্যালয় আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় সহ ৰাজ্যখনৰ মুঠ ৪খন স্নাতক মহাবিদ্যালয়কহে ITEP (Integrated Teacher Education Programme) ৰ বাবে যোগ্য মহাবিদ্যালয় হিচাবে স্বীকৃতি প্ৰদান কৰিছে । মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে মহাবিদ্যালয় পৰিয়াল আৰু প্ৰতিগৰাকী শিক্ষাব্ৰতী ,শুভাকাংক্ষীৰ অৱদানৰ শলাগ লৈ অনাগত শৈক্ষিক যাত্ৰাৰ সহযোগিতা কামনা কৰিছে ।

Also Read: নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ ৰ ২৫ মাৰ্চ, ১৯৫১ নহয়...

dhakuakhana collage