ঢকুৱাখনা চেণ্ট্ৰেল স্কুলৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰাৰ্থনা গৃহ উন্মোচন...

ঢকুৱাখনা চেণ্ট্ৰেল স্কুলৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰাৰ্থনা গৃহ উন্মোচন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা চেণ্ট্ৰেল স্কুলৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰাৰ্থনা গৃহ উন্মোচন...

ঢকুৱাখনা চেণ্ট্ৰেল স্কুলৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰাৰ্থনা গৃহ উন্মোচন...

ডিজিটেল সংবাদ ঢকুৱাখনা: কেৱল গুণগত  বিদ্যায়তনিক শিক্ষা নহয় । লোক কৃষ্টি, সংস্কৃতি, সুকুমাৰ কলা, বৌদ্ধিক সকলো দিশ সামৰি উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ লক্ষৰে শিক্ষা দান কৰা এখন বিদ্যালয়। নাম ঢকুৱাখনা চেণ্ট্ৰেল স্কুল। ১৯৮৫ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এইখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ে বিগত ৩৯ বছৰীয়া বৰ্ণিল যাত্ৰাপথত উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত অতুল্য অৱদান আগবঢ়াই গৈছে।

Advertisment

এই বিদ্যালয়খনতে শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এক মননশীল অনুষ্ঠান। বিদ্যালয় পৰিয়ালৰ নিজস্ব পুঁজিৰে নিৰ্মিত এটা সুদৃশ্যমান প্ৰাৰ্থনা ভৱন উদ্বোধন কৰা হয় মাংগলিক পৰিবেশত। বিদ্যালয়ৰ অধ্যক্ষ কেশৱ চন্দ্ৰ গগৈয়ে আঁত ধৰে এই উদ্বোধনী অনুষ্ঠানৰ ।

বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষাৰ্থী, বিদ্যালয় প্ৰতিষ্ঠাপক শিক্ষাসদী, প্ৰাক্তন শিক্ষাৰ্থী,  অভিভাৱক, শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা সভাত চেইণ্ট থমাছ স্কুলৰ অধ্যক্ষ চেবী এম বেবী,  বিশিষ্ট  নাগৰিক ছবিলাল জৈন, ভবেন গগৈ, নিত্যা লাহন, দীপক ফুকন, কুশল গগৈ, উত্তম বৰুৱা, যতীন বৰুৱা, নৱনিতা গগৈ, নিবেদিতা লাগাচু, ইন্দিৰা গগৈ আদি উপস্থিত থাকি প্ৰাৰ্থনা গৃহৰ ফিটা কাটি শুভ উদ্বোধন কৰে।  ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছবিলাল জৈন, শিক্ষাসদী কুশল গগৈ, শিক্ষাবিদ সেবী এম বেবী , দীপক ফুকন,যতীন্দ্ৰ কুমাৰ বৰুৱাই শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালীন স্মৃতি ৰোমন্থন কৰে।

বক্তাসকলে ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমান স্বৰ্ণউজ্জ্বল কৰি তোলাত বৰ্তমানৰ দৰে অনাগত সময়তো অতুলনীয় অৱদান আগবঢ়াই যোৱাৰ বাবে আত্মনিয়োগ কৰাৰ আহ্বান জনায় শিক্ষক শিক্ষাৰ্থীসকলক। জনাকীৰ্ণ সভাতেই বিদ্যালয়খনৰ ১৯৮৬ চনৰ প্ৰথম বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আত্ম প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হোৱা ১৩ গৰাকী প্ৰাক্তন শিক্ষাৰ্থীক স্মাৰক প্ৰদান কৰা হয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা।

ইয়াৰ পাছতেই বিদ্যালয় শিক্ষকসকলৰ পৰিবেশিত এটা শ্ৰুতিমধুৰ বৃন্দগানেৰে বৰণীয়া সাংস্কৃতিক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিদ্যালয়ৰ অভিভাৱক,শিক্ষক, শিক্ষাৰ্থীসকলৰ পৰিবেশিত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

Also Read: অসুস্থ পদপথৰ কুকুৰক সুস্থ কৰিবলৈ ৰতন টাটাই দিলে আহ্বানঃ মুম্বাইবাসীয়ে দিলে সহাৰি

ঢকুৱাখনা