Advertisment

ঢকুৱাখনাৰ ব্যৱসায়ীক চিনেমাৰ কায়দাৰে অপহৰণ...

এক বলিউডী কায়দাৰে বুধবাৰে সন্ধিয়া ঢকুৱাখনাত সংঘটিত হয় চাঞ্চল্যকৰ অপহৰনৰ ঘটনা। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাহধোৱা গাঁৱৰ মাহধুৱা-খুটাপৰা তিনিআলিত দেৱেন্দ্ৰ ৰাজ কুমাৰ নামৰ এগৰাকী হাৰিয়ানাৰ ব্যক্তিয়ে পত্নীৰ সহযোগত এখন ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিস্থান খুলি আছিল।

author-image
Tushar Pratim
New Update
ঢকুৱাখনাৰ ব্যবসায়িক চিনেমাৰ কায়দাৰে অপহৰণ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক বলিউডী কায়দাৰে বুধবাৰে সন্ধিয়া ঢকুৱাখনাত সংঘটিত হয় চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। ঘটনাৰ স্থান ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাহধোৱা গাঁৱত । 

Advertisment

গাঁওখনৰ মাহধুৱা-খুটাপৰা তিনিআলিত দেৱেন্দ্ৰ ৰাজ কুমাৰ(৬৫) নামৰ এগৰাকী হাৰিয়ানাৰ ব্যক্তিয়ে পত্নীৰ সহযোগত এখন ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিস্থান খুলি আছিল। হাৰিয়ানাৰ বাসিন্দা দেৱেন্দ্ৰ কুমাৰে বিগত দিনৰ দৰে বুধবাৰেও স্বাভাৱিক ভাবে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত থকাৰ সময়তে সন্ধিয়া প্ৰায় ৬ বজাত দোকানৰ সন্মুখত উপস্থিত হয় এখন বগা বৰণৰ বলেৰ' বাহন। 

প্ৰথমে চিগাৰেট বিচাৰি দোকানত প্ৰৱেশ কৰে এটা ৫ জনীয়া ছদ্মবেশী গ্ৰাহকৰ দল। দলটোৱে চিগাৰেট বিচাৰি দৰদাম কৰি থকা অৱস্থাতে দেৱেন্দ্ৰ ৰাজ কুমাৰক চেগ বুজি ছদ্মবেশী দলটোৱে বলপূৰ্বক ধৰি গাড়ীৰ ভিতৰত ভৰাই উধাও হয় ।

দলবব্ধ ভাবে ব্যক্তিগৰাকীক উঠাই উধাও হ'বলৈ উদ্যত হোৱাৰ সময়ত পত্নী পদ্মা গগৈয়ে ধৰিবলৈ চেষ্টা কৰে যদিও পত্নীক ঠেলি আঁতৰাই পেলাই আঁতৰি যায় দলটো। উল্লেখযোগ্য যে প্ৰায় ৬ টা মাহৰ পূৰ্বে এইগৰাকী হাৰিয়ানাৰ নিবাসী দেৱেন্দ্ৰ কুমাৰক অপহৰণ কৰিবলৈ এটা চক্ৰই চেষ্টা কৰিছিল।

গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ তৎপৰতাত সেইবাৰ ৰক্ষা পৰে আৰু আৰক্ষী থানাত ৰাইজে এনে দুস্কৃতিকাৰীক গতাই দিয়ে। কিন্তু আজি পুনৰ এখন আৰক্ষীৰ দৰে ৰঙা লাইট লগাই অহা ছদ্মবেশী অপহৰণকাৰী দলটোৱে অভীষ্ট সিদ্ধি কৰিবলৈ সক্ষম হয় ।

ঘটনাস্থলীত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও কোনো উৱাদিহ পাবলৈ সক্ষম হোৱা নাই।

ঢকুৱাখনা অপহৰণ