নাট্য চৰ্চাৰ ২০ দিনীয়া প্ৰশিক্ষণৰ প্ৰস্তুতি ঢকুৱাখনা এক্টিং একাডেমীৰ

৩ জুলাইত শুভাৰম্ভ হ'বলগীয়া এই কৰ্মশালাত মুখ্য অভিনয় প্ৰশিক্ষক হিচাবে খ্যাতনামা অভিনেত্ৰী দৰথী ভৰদ্বাজ, মুখ্য নৃত্য প্ৰশিক্ষক হিচাবে বিশিষ্ট কথক নৃত্য শিল্পী লক্ষজিৎ বৰুৱা...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: ভৱিষ্যত বংশধৰ সকলৰ মাজত নাট্য স্পৃহা জাগ্ৰত কৰি প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ ধাৰাবাহিক প্ৰয়াস দশক জুৰি অব্যাহত ৰাখি আহিছে ঢকুৱাখনা এক্টিং একাডেমীয়ে । প্ৰতিষ্ঠা কালৰে পৰা নিৰন্তৰ হাৰত প্ৰতিটো গ্ৰীষ্মকালীন বন্ধৰ সময় চোৱাত অবিৰত ভাৱে নাট্য সাহিত্যৰ চর্চা আৰু অভিনয় কলাৰ নিখুঁত প্ৰশিক্ষণ প্ৰদান কৰি অহা এক্টিং একাডেমীৰ এইবাৰ দশম সংখ্যক প্ৰয়াস।

Advertisment

ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অহা ৩ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত হ'ব ২২দিনীয়া এই ব্যতিক্ৰমী অভিনয় কৰ্মশালা। লগতে অনুষ্ঠিত হব ষষ্ঠ বাৰ্ষিক অচ্যুত দাস সোঁৱৰণী অকনি ৰংচৰা অনুষ্ঠান । যত কণ কণ শিশু সকলৰ মনত পৰিৱেশ্য কলাৰ সোপান ৰচনাৰ প্ৰাৰম্ভিক ব্যৱহাৰিক জ্ঞানৰ আভাষ দিয়া হ'ব।

এই অনুষ্ঠানৰ শুভাৰম্ভণি কাৰ্যসূচীৰ অনুশীলন ইতিমধ্যে সম্পন্ন হৈছে। অহা ৩ জুলাইত শুভাৰম্ভ হ'বলগীয়া এই কৰ্মশালাত মুখ্য অভিনয় প্ৰশিক্ষক হিচাবে খ্যাতনামা অভিনেত্ৰী দৰথী ভৰদ্বাজ, মুখ্য নৃত্য প্ৰশিক্ষক হিচাবে বিশিষ্ট কথক নৃত্য শিল্পী লক্ষজিৎ বৰুৱা, মুখ্য নাট পৰিচালক হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (দিল্লী)ৰ অধ্যাপক ভাস্কৰ বৰুৱা আদি বহু কেই গৰাকী বিদগ্ধ প্রশিক্ষকে অংশগ্ৰহণ গ্ৰহণ কৰি প্ৰণালীবদ্ধ প্ৰশিক্ষণ আগবঢ়াব বুলি একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই জানিবলৈ দিছে।

সচৰাচৰ চৰকাৰী অনুদানেৰে একাংশ অনুষ্ঠানে অনুষ্ঠিত কৰি অহা  গ্ৰীষ্মকালীন শিবিৰৰ বিপৰীত মেৰুত অৱস্থান কৰি নিজস্ব প্ৰচেষ্টাৰে সুদীর্ঘ কাল ধৰি এনে সময়োপযোগী প্ৰয়াসৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আহিছে একাডেমীয়ে ।

এক্টিং একাডেমী অধ্যক্ষ গৌৰৱ বৰুৱাই চলিত বৰ্ষৰ কৰ্মশালাত অংশ গ্ৰহণ কৰিব বিচৰা আগ্ৰহী সকলক একাডেমী অথবা প্ৰশিক্ষণস্থলীত উপস্থিত বিষয়ববীয়াৰ সতে যোগাযোগৰ আহ্বান জনাইছে। তাৰোপৰি  বৰুৱাই ৩ জুলাইৰ বৰ্ণিল শুভাৰম্ভনি অনুষ্ঠানলৈ শুভাকাংক্ষী ৰাইজ, অভিভাৱক আৰু একাডেমীৰ পৰিয়ালৰ সকলোলৈকে নিমন্ত্ৰনি শৰাই আগবঢ়াইছে ।

ঢকুৱাখনা