কৰ্মৰত স্থানৰ পৰা ঘৰলৈ উভতাৰ পথতেই আঁকোৱালি ল'লে মৃত্যুক...

কৰ্মৰত স্থানৰ পৰা ঘৰলৈ উভতাৰ পথতেই আঁকোৱালি মৃত্যুক ল'লে এজনে

author-image
Asomiya Pratidin
New Update
কৰ্মৰত স্থানৰ পৰা ঘৰলৈ উভতাৰ পথতেই আঁকোৱালি ল'লে মৃত্যুক...

ডিজিটেল সংবাদ, ঢকুৱাখনঃ ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং বানতৌ গাঁৱত শুকুৰবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ অকাল বিয়োগ ঘটে।  ঘটনাৰ বিবৰণী মতে কাঠৰবাৰী গাঁৱৰ ব্যক্তি পংকজ গোঁহাই (২০)য়ে এখন টমটম চলাই জীৱন নিৰ্বাহ কৰি আহিছিল। নিশা উক্ত বাহনখন স্বত্বাধিকাৰীৰ ঘৰত থৈ এখন বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত ৰাজপথৰ দাঁতিত থকা এটা বিদ্যুৎ বিভাগৰ খুঁটাত খুন্দা মাৰি দুর্ঘটনাত পতিত হয় ।

Advertisment

সমীপৰ ৰাইজে প্ৰাথমিক সেৱা আগবঢ়োৱাৰ কিছু সময়ৰ পাছতে ব্যক্তিগৰাকীৰ ঘটনাস্থলীতে অকাল বিয়োগ ঘটে। পাছত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে আৰু বাইকখন জব্দ কৰি থানালৈ নি এক গোচৰ পঞ্জীয়ন কৰিছে। মিষ্টভাষী খাটি খোৱা ব্যক্তি গৰাকীৰ অকাল বিয়োগত ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে ।

Also Read: চক্ৰ বিষয়াৰ কাৰ্যালয়ত গুণ্ডাগিৰিঃ আটক বিজেপি নেতা

Assam police