দেৱলীনা হত্যাকাণ্ডঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ পত্নীহন্তা পৱন বৰুৱাক

দেৱলীনা হত্যাকাণ্ডঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ পত্নীহন্তা পৱন বৰুৱাক

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্য কপোৱা ঢকুৱাখনাৰ দেৱলীনা সোণোৱাল হত্যাকাণ্ডৰ নায়ক ঘাটক পৱন বৰুৱাক অৱশেষত লখিমপুৰ জিলাৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ নং- ৩১/২০২৪ ৰ আধাৰত নৰ হত্যাকাৰী পৱন বৰুৱাক ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক) আৰু ৩০৪ (খ) ধাৰাত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

বুধবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই  ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছৰে পৰা দীৰ্ঘদিন আৰক্ষীৰ জিম্মাত থকা ঢকুৱাখনাৰ নিৰ্বোধ কিশোৰী পত্নীহন্তা স্বামী পৱন বৰুৱাক দৃষ্টান্তমূলক শাস্তি বিহা, হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত কৰা আৰু মানৱ সমাজৰ বাবেই কলংক আৰু ক্ষতিকাৰক এনে নৰহত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত ঢকুৱাখনাত ধাৰাবাহিক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হৈ আছিল।

উল্লেখযোগ্য যে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়নপুৰ চাপৰি গাঁওৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাই সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কছাৰী গাঁওৰ  নাবালিকা দেৱলীনা সোণোৱালক পলুৱাই বিয়া কৰাই তিনি মাহ নৌহওঁতেই যৌতুক দাবী কৰি, নিৰ্মম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। পৰৱৰ্তী সময়ত যোৱা ১৪মে'ৰ দিনা ঘৰত কোনো নথকাৰ আলম লৈ নাবালিকা দেৱলীনাক অকথ্য নিৰ্যাতন চলাইছিল। পাছত দেৱলীনাৰ মৃতদেহ উদ্ধাৰ হৈছিল স্বামীৰ বাসগৃহত ।

স্বামীৰ আত্মীয়ই আৰক্ষীক  জনোৱা মতে দেৱলীনাই চিপলৈ আত্মহত্যা কৰিছে । কিন্তু আৰক্ষী,দণ্ডাধীশ, কিম্বা দেৱলীনাৰ পিতৃ পৰিয়াল কোনেও মৃতদেহ চিপ লোৱাৰ অৱস্থাত দেখা অথবা উদ্ধাৰ কৰা নাছিল। ইয়াক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেৱলীনাৰ মৃত্যু আত্মহত্যা নহয়, এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি প্ৰবল প্ৰতিবাদত উত্তাল হৈছিল ঢকুৱাখনা আৰু সোনাৰী চাপৰি।

শেহতীয়াভাৱে ঢকুৱাখনা আৰক্ষীয়ে ঘাটক স্বামী পৱন বৰুৱাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে যদিও তদন্তকাৰী আৰক্ষীৰ ক্ৰুটিপূৰ্ণ তদন্তৰ সুৰুঙা লৈ অপৰাধী কঠোৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ আশংকা কৰিছে ন্যায়কামী সোনাৰী চাপৰি মহিলা সমাজ আৰু ঢকুৱাখনা মহকুমা মহিলা সমিতিয়ে।

অদ্যপি দেৱলীনাৰ মৰণোত্তৰ পৰীক্ষাৰ পূৰ্ণাংগ প্ৰতিবেদন অহা নাই যদিও এটা সমাজ বিৰোধী চক্ৰই এই নিৰ্মম হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ এক কুচক্ৰান্ত ইতিমধ্যে আৰম্ভ কৰিছে বুলি ব্যাপক চৰ্চা চলিছে। এনে জঘন্য ষড়যন্ত্ৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ ন্যায়কামী মহিলা সমাজে অচিৰেই সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰো চিন্তা চৰ্চা কৰা বুলি জনা গৈছে ।

দেৱলীনা হত্যাকাণ্ডঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ পত্নীহন্তা পৱন বৰুৱাক
ধুবুৰীৰ প্ৰাৰ্থী শুকুৰ আলীক হাস্পতালত ভৰ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in