
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ দেউৰী সকলৰ নৱবৰ্ষৰ আদৰণি উৎসৱটি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পৰম্পৰা অনুসৰি দেউৰী সকলে ফাগুন মাহৰ অন্তিম সপ্তাহটোৰ কোনো এটা দিনত কৃষিভিত্তিক উৎসৱ " বিবা বচু গিবা মেচ্চূ " উদযাপন কৰে।
বিগত বৰ্ষৰ দৰে এইবাৰো নাৰায়ণপুৰৰ কিনাপথাৰ-মাজৰচাপৰি উত্তৰশাল কুন্দিকু পৰিচালনা সমিতিয়ে স্থানীয় ৫ খন গাঁৱৰ ৰাইজৰ সহযোগত ৰাইজৰ দলনি ৰাজহুৱা খেলপথাৰত আয়োজন কৰে এই উৎসৱ। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছত বৰপূজাৰীয়ে পৰম্পৰাগত নিয়ম অনুসৰি গুটি সিছা কাৰ্য শুভাৰম্ভ কৰে।
লগতে গাঁৱৰ ডেকাৰ বৃদ্ধলৈকে পুৰুষ-মহিলা সকলোৱে কণী যুজঁ খেলে । ইয়াৰ পিছতেই গাঁৱৰ ডেকা-বুঢ়া,জীয়ৰী-বোৱাৰী সকলোৱে বিহু মাৰি আনন্দ ফুৰ্তি কৰে ।
বিয়লি অৱসৰপ্ৰাপ্ত শিক্ষক নন্দ কুমাৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দেউৰী সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ ষড়ানন দেউৰীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলা দেউৰী, দেউৰী সাংস্কৃতিক সংঘৰ সভাপতি মিত্ৰ কুমাৰ দেউৰী।
লগতে বিশিষ্ট কবি-সাহিত্যিক লক্ষ্যপতি দেউৰী, উত্তৰ কুন্দিকুৰ বৰপূজাৰী, বীৰধৰ দেউৰী, দক্ষিণ কুন্দিকুৰ বৰপূজাৰী, থানেশ্বৰ দেউৰী, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজুমনি দেউৰীয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।
যুৱ সংগঠক নৰেন দেউৰীয়ে আঁত ধৰা সভাখনত দুয়োখন কুন্দিকুৰ চাৰিসিদ্ধ পূজাৰীয়ে অংশগ্ৰহণ কৰে ৷ সভাৰ অন্তত ২১ গৰাকী পূজাৰী আৰু জ্যেষ্ঠলোকক আয়তীসকলে একোখনকৈ চেলেং চাদৰেৰে সেৱা লয়।
পৰৱৰ্তী সময়ত সকলোৱে মিলি জনগোষ্ঠীটোৰ পৰম্পৰাগত পানীয় চুজে, গাহৰি মাংস আৰু মাছেৰে আনন্দ মনে এসাঁজ খাই ফুৰ্তি কৰে।
পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি আজি নিশাৰে পৰা প্ৰতিখন দেউৰী গাঁৱৰ বৰপূজাৰীৰ চোতালত ৰাতি বিহু মৰা পৰ্ব আৰম্ভ হ’ব। উল্লেখ্য যে, দেউৰীসকলে ব'হাগ মাহৰ প্ৰথমটো বুধবাৰে উৰুকা আৰু বৃহস্পতিবাৰে বিহু উদযাপন কৰে।