/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0f577dd7-52a7-4f3a-bd05-3df2a8e27365/dhokuakhana 20.jpg)
ঢকুৱাখনা ব্লক কংগ্ৰেছত বিদ্ৰোহ-সভাপতিক অপসাৰণৰ দাবী...
ডিজিটেল সংবাদ ঢকুৱাখনা: এইবাৰ বিদ্ৰোহৰ সূচনা হৈছে ঢকুৱাখনা ব্লক কংগ্ৰেছত। ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিখন সভাপতিগৰাকীয়ে মইমতালি আৰু এককভাবে পৰিচালনা কৰাৰ সমজুৱা অভিযোগ উত্থাপিত হৈছে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, লখিমপুৰ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক বিদ্যা জ্যোতি পায়েং, লখিমপুৰ জিলা কংগ্ৰেছ সমিতিলৈ লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।
সংগৃহীত তথ্য আৰু গৰিষ্ঠ সংখ্যক দলৰ জিলা আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াই জনোৱা মতে সভাপতি চেতিয়াই দলৰ সাংবিধানিক নীতি নিৰ্দেশনা পদপিষ্ট কৰি একেৰাহে ৭ বছৰ ধৰি সভাপতিৰ পদ কুক্ষীগত কৰি ৰাখিছে। দলৰ কেইজনমান বিশেষ স্তাবকক লগত লৈ দল চলাই যোৱা চেতিয়াই আন আন নেতা কৰ্মীক অবিশ্বাসতলৈ নিজৰ ময়মতালি ভাবে দলটো পৰিচালনা কৰি আহিছে সুদীর্ঘ দিন ধৰি ।
যাৰ বাবে বিগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত দলে শোচনীয় ব্যৰ্থতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা বুলি কৈ এনে এগৰাকী ব্যৰ্থ, জনবিছিন্ন সভাপতিক উক্ত গুৰুত্বপূৰ্ণ পদৰ পৰা অব্যাহতি দিয়াৰ ৰাজহুৱা দলীয় অভিযোগ উত্থাপন কৰি দলৰ শীর্ষ নেতৃত্বলৈ প্ৰেৰণ কৰিছে। জিলা কংগ্ৰেছ আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ অৰ্ধশতাধিক নেতা আৰু নিষ্ঠাবান কৰ্মীয়ে অভিযোগ পত্ৰত স্বাক্ষৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ প্ৰেৰণ কৰি শীঘ্ৰে এইজন সভাপতিক অপসাৰণ কৰিবলৈ দাবী জনাইছে।
সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি মজবুত কৰাৰ স্বাৰ্থত গৰিষ্ঠ সংখ্যক নিষ্ঠাবান কৰ্মীয়ে উত্থাপন কৰা এই দাবীলৈ প্ৰদেশ কংগ্ৰেছে কিমান গুৰুত্ব প্ৰদান কৰে তালৈ অপেক্ষা কৰিছে এইসকল দলীয় কৰ্মকর্তা আৰু বিষয়ববীয়াই । অন্যথাই দলৰ অভ্যন্তৰত ব্যাপক বিদ্ৰোহৰ সূচনা হ'ব বুলি সকীয়াই দিছে ক্ষুব্ধ নেতা কৰ্মীসকলে।
Also Read: আলুৰ নাটনিৰ সম্ভাৱনাঃ বংগ চৰাকৰে অসমত প্ৰৱেশত বাধা দিছে শ শ আলু ভৰ্তি ট্ৰাক...