চিমেন চাপৰিত মাছ মাৰিবলৈ গৈ নিখোঁজ হোৱা গঞাৰ মৃতদেহ উদ্ধাৰ...

চিমেন চাপৰিত মাছ মাৰিবলৈ গৈ নিখোঁজ হোৱা গঞাৰ মৃতদেহ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
চিমেন চাপৰিত মাছ মাৰিবলৈ গৈ নিখোঁজ হোৱা গঞাৰ মৃতদেহ উদ্ধাৰ...

চিমেন চাপৰিত মাছ মাৰিবলৈ গৈ নিখোঁজ হোৱা গঞাৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ চিমেন চাপৰিঃ দেওবাৰে মাছ ধৰিবলৈ ওলাই যোৱা চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চমকং পঞ্চায়তৰ ৩ নং লোকলুং গাঁৱৰ মহাদেৱ স্বৰ্গীয়াৰী নামৰ লোকজনৰ মৃতদে আজি উদ্ধাৰ হয়। উল্লেখ্য যে, মহাদেৱ স্বৰ্গীয়াৰী নামৰ ৪৬ বৰ্ষীয় এই লোকজনে দেওবাৰে জমজিং নলাত মাছ ধৰিবলৈ গৈ নিখোঁজ হৈ পৰিছিল।

Advertisment

ইয়াৰ পাছত দেওবাৰে নিশা তেওঁৰ সন্ধান চলাইছিল যদিও কোনো শুংসূত্ৰ পোৱা নগ'ল। সোমবাৰে পুৱা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে সন্ধানহীন লোকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু নিখোঁজ হোৱাৰ প্ৰায় ২৪ ঘণ্টাৰ পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰ পাছতে দৰিদ্ৰ পৰিয়ালটোৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতি। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Also Read: নলবাৰী জিলাৰ মহিলা আত্মসহায়ক গোটৰ বাবে ড্ৰোন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ...

চিমেন চাপৰি