/asomiyapratidin/media/media_files/2025/06/09/lwre3kSCUkEooe7A3VWW.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: বছৰ বছৰ ধৰি সীমাহীন দুৰ্নীতি ভ্ৰূষ্টাচাৰ আৰু লুণ্ঠনৰাজেৰে পৰিচালিত হৈ আহিছে ঢকুৱাখনা সমজিলাৰ দক্ষিণ গোঁহাই সমবায় সমিতি লিমিটেড। ঢকুৱাখনাৰ ৫খন গাঁও পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত সুলভ মূল্যৰ ৰেচন যোগান ধৰাৰ নামত এইখন সমবায় সমিতিৰ সভাপতি নৰেন পেগু, সচিব পৰমানন্দ সোণোৱালৰ নেতৃত্বত ভঁৰাল ৰখীয়া বিপিন পেগুৰ সহযোগিতাত সুদীর্ঘ দিন ধৰি অব্যাহত আছিল চৰকাৰী আঁচনিৰ চাউলৰ চোৰাং বেহা।
শেহতীয়াকৈ বৃহত্তৰ সোনাৰী চাপৰিৰ একাংশ শিক্ষানুষ্ঠানত নিৰ্ধাৰিত হাৰতকৈ বহু কম পৰিমাণৰ চৰকাৰী মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰি মুনাফা লুটাৰ এক নিকৃষ্ট ফন্দি অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৎপৰতাত পোহৰলৈ আহিছিল। ধাৰাবাহিক বাতৰি প্ৰকাশৰ পাছত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে তদন্ত কৰিবলৈ বাধ্য হৈছিল।
কিন্তু যিগৰাকী তদন্তকাৰী বিষয়াক দায়িত্ব দিলে যোগান বিভাগে সেইজন বিষয়াৰ দুৰ্নীতিগ্ৰস্ত স্থিতিহে ৰাইজে দেখিলে। মধাহ্ন ভোজনৰ চাউল উদৰস্থ কৰি ধনৱন্ত হোৱা সভাপতি, সচিবৰ সৈতে ঘনিষ্ঠতা আৰু চত্ৰছাঁয়াত এই ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাটো পতিয়ন গৈছে ৰাইজ।
কাৰণ দুৰ্নীতিগ্ৰস্ত লুণ্ঠনকাৰীক সুৰক্ষা দিবলৈ, ভয়ংকৰ কেলেংকাৰী গাপ দিবলৈ এইজন যোগান বিষয়া শ্যাম কুটুমে স্পৰ্শকাতৰ বিষয়টো স্থানীয়ভাৱে নিস্পতি কৰাৰ পৰামৰ্শ দিছিল সভাপতি-সচিবক। তাৰেই অংশ হিচাবে জেলৰ ভাত খোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ এই দুই দুৰ্নীতিগ্ৰস্তই যোৱা ৩ জুনত এখন ৰাজহুৱা সভা আহ্বান কৰে সোনাৰী চাপৰি মুৰং অকুমত।
য’ত উপস্থিত আছিল সংশ্লিষ্ট এলেকাৰ গাঁও প্ৰধান, নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি, দুৰ্নীতি পোহৰলৈ অনা সচেতন যুৱ শক্তি আৰু গণ্য মান্য একাংশ নাগৰিক। জ্যেষ্ঠ নাগৰিক সৰ্বেশ্বৰ দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সচেতন যুৱক বিপুল কুটুমে।
গাঁও প্ৰধান শান্তি ৰাম সোণোৱাল, হোমেন খনিকৰ, বিশ্বজিৎ দেউৰী, প্ৰশান্ত গোঁহাই আদিৰ লগতে গৰিষ্ঠ সংখ্যক নাগৰিকৰ উপস্থিতিত এই ভয়ানক চাউল কেলেংকাৰী সন্দৰ্ভত মুকলি আলোচনা চলে। সভাত চৰকাৰী মধ্যাহ্ন ভোজনৰ চাউল ৯ খন বিদ্যালয়ত কমকৈ যোগান ধৰাটো ৰাজহুৱা ভাবে স্বীকাৰ কৰে অৰ্থলোভী সভাপতি আৰু সচিবজনে।
সভাত এইসকল সমবায় সমিতিৰ নেতৃত্বৰ এনে দুৰ্নীতিগ্ৰস্ত স্থিতিক কটু সমালোচনা কৰাত ভৱিষ্যতৰ দিনত চাউল জুখি নিৰ্দিষ্ট পৰিমাণৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে সভাপতি সচিৱে। লগতে বিষয়টো সন্দৰ্ভত ৰাজহুৱা সভাৰ নিৰ্দিষ্ট চুক্তিত স্বাক্ষৰ কৰি বিষয়টো নিস্পতিৰ আহ্বান জনায়।
এতিয়া প্ৰশ্ন হ’ল সোনাৰী চাপৰিত মুকলি ভাবেই চোৰাং চাউলৰ ক’লা বেহা মেলি লুটপাত চলাই অহা এইসকলক খাদ্য আৰু অসামৰিক যোগান বিভাগে কোনো ধৰণৰ বিভাগীয় অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। ৰাজহুৱাকৈ এনে ভুল কৰা বুলি স্বীকাৰ কৰাৰ পাছতো যোগান বিষয়াই ভুল নেদেখা অন্ধমুনিৰ ভূমিকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে।
চৰকাৰী চাউলৰ ক’লা বেহা পাতিবলৈ এই দুৰ্নীতিগ্ৰস্ত যোগান বিভাগেই সুযোগ দি কমিচনৰ অংশীদাৰ হোৱা বুলি চর্চা চলিছে। বেতনৰ ধনে উদৰ পূৰ নোহোৱা এইসকল দুৰ্নীতি পৰায়ন যোগান বিষয়াৰ এনে বিতৰ্কিত স্থিতি প্ৰত্যক্ষ কৰি, বছৰ বছৰ ধৰি চলাই অহা ভয়ংকৰ দুৰ্নীতি গাপ দি মুনাফা লুটাৰ অংক কৰা যোগান বিভাগৰ এনে বেপৰোৱা কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা জিলা সমিতি।
তৎকালীন ভাবে যোগান বিভাগৰ তদন্তৰ প্ৰতিবেদন সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাক দাখিল কৰা আৰু দোষীক আইনগত শাস্তি প্ৰদানৰ দাবী জনাইছে। তদন্তৰ প্ৰতিবেদন কৃষক মুক্তিয়ে সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত ব্যাপক গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলিব বুলি কৈ এই সন্দৰ্ভত লখিমপুৰ জিলা আয়ুক্তৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।
কৃষক মুক্তিয়ে যোগান বিভাগৰ শ্ৰুতলিপি মতে এইখন সমস্ত নাটক পৰিচালিত হোৱা বুলি কৈ স্থানীয়ভাৱে এই স্পৰ্শকাতৰ কেলেংকাৰী বুজাবুজিৰ ভিত্তিত নিস্পতি হলেও কৃষক মুক্তিযে এনে দুৰ্নীতি পৰায়ন চক্ৰটোক ৰেহাই দিয়া নহ’ব বুলি সকিয়াই দিয়ে।