সুনীল গগৈৰ পুত্ৰৰ পঢ়াৰ দায়িত্ব ল'ব মুখ্যমন্ত্ৰীয়ে...

সুনীল গগৈৰ পুত্ৰৰ পঢ়াৰ দায়িত্ব ল'ব মুখ্যমন্ত্ৰীয়ে...

author-image
Asomiya Pratidin
New Update
সুনীল গগৈৰ পুত্ৰৰ পঢ়াৰ দায়িত্ব ল'ব মুখ্যমন্ত্ৰীয়ে...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ পৰা নিখোজ হৈ থকা বিজেপি নেতা সুনীল গগৈৰ পত্নী সহ আৰু এগৰাকী ব্যক্তিক হায়দৰাবাদৰ ফৰেনচিক গৱেষণাগাৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যাতে এই সন্দৰ্ভত অহা ফৰেনচিক প্ৰতিবেদনৰ নিৰপেক্ষতা যাতে নিজে পৰীক্ষা কৰিব পাৰে।

Advertisment

তাৰোপৰি নিখোজ বিজেপি নেতা সুনীল গগৈৰ পুত্ৰৰ পঢ়াৰ দায়িত্ব মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব। বৃহস্পতিবাৰে ঢকুৱাখনাত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

বৃহস্পতিবাৰে বিয়লি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱাৰ লগত অহা মুখ্যমন্ত্ৰী গৰাকীয়ে জিৰ পইণ্টৰ নিৰ্মীয়মান লেণ্ড স্পাৰ পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ বিষয়া বৰ্গৰে আলোচনাত মিলিত হয়। ঢকুৱাখনা সমষ্টিৰ বিধায়ক নব দলে, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, লখিমপুৰ জিলাৰ উপায়ুক্ত গায়ত্ৰী দেৱী হায়লিঙ্গে, লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা, ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৰ লগতে গৰিষ্ঠ সংখ্যক দলীয় আৰু চৰকাৰী আমোলা বিষয়া মুখ্যমন্ত্ৰীৰ মথাউৰি পৰিদৰ্শন কালত উপস্থিত থাকে। 

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখনাৰ সংবাদ মাধ্যমৰ সতে মত বিনিময় কৰে । তেওঁ মথাউৰিটোৰ ২২কিলোমিটাৰ অংশত এখন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ তকে আৰু পৰৱৰ্তী সময়ত কাম আৰম্ভ কৰিব বুলি মন্তব্য কৰে।

আনহাতে ঢকুৱাখনাৰ নৃশংস জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ডৰ পাছত নিখোজ হৈ থকা বিজেপি নেতা সুনীল গগৈৰ দুৰ্ভগীয়া পত্নী পুষ্পা গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

dhakuakhana