/asomiyapratidin/media/media_files/2025/04/03/HHhq7ZL98tKVVLCPdrmS.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ ভূমিপুত্ৰ চুতীয়া সকলৰ অন্যতম বংশধৰ বাদল বংশৰ চতুৰ্থ সংখ্যক বংশাৱলী অনুষ্ঠান এইবাৰ ঢকুৱাখনাত অনুষ্ঠিত হ'ব। ঢকুৱাখনা সমজিলাৰ সোনাৰী চাপৰিৰ সাপেখাতি গাঁওত চতুৰ্থ সংখ্যক এই চুতীয়া বাদল বংশৰ বংশাৱলী অনুষ্ঠান অনুষ্ঠিত হ'ব ।
অহা ৬ এপ্ৰিলত এদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই বংশাৱলীৰ মূল মণ্ডপৰ বুধবাৰে লাই খুঁটা স্থাপন অনুষ্ঠান সম্পন্ন কৰা হয় । গাঁওখনৰ বাদল বংশৰ বয়োজ্যেষ্ঠ নাগৰিক ভোগেশ্বৰ চুতীয়াই পৰম্পৰাগত মাংগলীক অনুষ্ঠান আৰু উৰুলি মংগল ধ্বনিৰ মাজত এই লাইখুঁটা স্থানীয় ৰাইজৰ সহযোগত স্থাপন কৰে।
বাদল বংশৰ সাপেখাতি শাখাৰ আতিথ্যত অনুষ্ঠিত এই পবিত্ৰ লাই খুঁটা স্থাপন অনুষ্ঠানত বংশাৱলী উদযাপন সমিতিৰ সভাপতি যোগানন্দ শইকীয়া ,উপ সভাপতি গগন শইকীয়া , গণেশ চুতীয়া , উপদেষ্টা নোমল চুতীয়া মুখেশ্বৰ শইকীয়া জীৱন চুতীয়া, সম্পাদক ডিম্বেশ্বৰ চুতীয়া, সহকাৰী সম্পাদক প্ৰাঞ্জল চুতীয়াকে প্ৰমুখ্য কৰি বহু সংখ্যক জ্ঞাতি বৰ্গ উপস্থিত থাকে ।
প্ৰায় ৪ লাখ টকা বাজেট নিৰ্ধাৰণ কৰি উদযাপন সমিতিয়ে শিৱসাগৰ ,ধেমাজি ,লখিমপুৰ জিলাৰ উপৰিও
সাপেখাতি , সৰুপতিয়া , সোৱণশিৰীৰ বৰচাপৰি, বৰদৈ ,বেতনীসোলা ,বৰবিলা আদি অঞ্চলৰ ৫ সহস্ৰাধিক বাদল বংশৰ জ্ঞাতি উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত বংশাৱলীৰ পতাকা উত্তোলন, উপৰি পুৰুষৰ স্মৰনেৰে মৌন প্ৰাৰ্থনা ,আলোচনা চক্ৰ , বংশাৱলীৰ ইতিহাস বৰ্ণন আদি বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিলে উদযাপন সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল চুতীয়াই ।
ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ পৰা আগমন ঘটা জ্ঞাতি অভ্যাগত সকলক আদৰিবলৈ সাপেখাতি অঞ্চলৰ আয়োজক ৰাইজ সাজু হোৱা বুলি কৈ উক্ত অনুষ্ঠানলৈ সকলো জ্ঞাতি কুটুম্ব আৰু সদাশয় ৰাইজক উদযাপন সমিতিয়ে নিমন্ত্ৰণ জনাইছে ।