/asomiyapratidin/media/media_files/2025/04/24/Ge5GVc6wp09FTCcIMiFl.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: এক মৰ্মান্তিক ঘটনাই বৃহস্পতিবাৰে জোকাৰি গ'ল ঢকুৱাখনা । এটি কণমানি শিশুৰ অকাল মৃত্যু ঘটিল পানীত পৰি।
ঘটনাৰ স্থান ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত হুজ গাঁও। বৃহস্পতি বাৰে পুৱা প্ৰায় ৯-৩০ বজাত হুজ গাঁৱ নিবাসী প্ৰনৱ দাসৰ আঢ়ৈ বছৰীয়া সন্তানটিয়ে ঘৰত খেলি থকা মাজতে ঘৰৰ কাষতে থকা এটি পানী ভৰ্তি পুখুৰীৰ পাৰলৈ যায় ।
যোৱা নিশাৰ ধাৰাসাৰ বৰষুণৰ ফলত পানীৰে উপচি পৰা পুখুৰীৰ পাৰৰ পৰা পিছলি গৈ শিশুটি বহু সময় ধৰি পানীত ডুব গৈ থাকে । বহু সময়ৰ পাছত আত্মীয়ই শিশুটিক নেদেখি সন্ধান চলোৱাৰ পাছত সন্দেহ বশতঃ পুখুৰীটোত নামি সন্ধান চলোৱাৰ পাছত অচেতন অৱস্থাত উদ্ধাৰ হয় ।
আত্মীয় স্বজনে ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । দুৰ্ভগীয়া প্ৰণৱ দাসৰ একমাত্ৰ সন্তানতিৰ অকাল মৃত্যুত শোকাছন্ন হৈ পৰিছে সমগ্ৰ অঞ্চলটো।