ঢকুৱাখনাৰ জ্যেষ্ঠ চিকিৎসা বিষয়ালৈ চেনিৰাম মুক্তিয়াৰ বৰবায়ন বঁটা...

জ্যেষ্ঠ চিকিৎসকৰ নাম অতুল চন্দ্ৰ খাউণ্ডে গ্ৰহণ কৰিলে এই বঁটা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ জ্যেষ্ঠ চিকিৎসা বিষয়ালৈ চেনিৰাম মুক্তিয়াৰ বৰবায়ন বঁটা...

ঢকুৱাখনাৰ জ্যেষ্ঠ চিকিৎসা বিষয়ালৈ চেনিৰাম মুক্তিয়াৰ বৰবায়ন বঁটা...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী জ্যেষ্ঠ স্বাস্থ্য আৰু চিকিৎসা বিষয়া। বৃত্তিগত তাগিদাত ঢকুৱাখনা নগৰৰ অস্থায়ী বাসিন্দা যদিও লখিমপুৰ জিলাৰ নাৰায়নপুৰত নিগাজি ঘৰ তেওঁৰ।

Advertisment

বিগত ১৯৯৬ চনৰে পৰা নিৰন্তৰ সাহিত্য চৰ্চা আৰু মানৱ সেৱা আগবঢ়াই অহা এইগৰাকী জ্যেষ্ঠ চিকিৎসকৰ নাম অতুল চন্দ্ৰ খাউণ্ড। চিকিৎসা সেৱাৰ লগতে সাহিত্য আৰু সামাজিক কল্যাণমূলক কামটো জীৱন উৎসৰ্গা কৰা এইগৰাকী বিশিষ্ট চিকিৎসকলৈ আগবঢ়োৱা হৈছে "চেনিৰাম মুক্তিয়াৰ বৰবায়ন বঁটা-২০২৪"।

মাজুলীৰ উত্তৰ কমলাবাৰীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৈকুণ্ঠগামী বৈষ্ণৱী সাধক, বৰবায়নগৰাকীৰ সশ্ৰদ্ধ স্মৰণত প্ৰদান কৰি অহা এই স্মাৰক বঁটা যোৱা শনিবাৰে ২৭ জুলাইত এক গাম্ভীৰ্য মধুৰ অনুষ্ঠানত প্ৰদান কৰা হয়।

"সপ্তক ইণ্টাৰনেচনেল" ৰ উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি বিকাশ সংঘ প্ৰাঙ্গনত অনুষ্ঠিত অষ্টম আন্তৰ্জাতিক নৃত্য, সংগীতৰ উৎসৱ "সংগম মহোৎসৱ"ৰ কাৰ্যসূচীত উদ্যোগক্তাসকলে এই বঁটাৰে ডাঃ খাউণ্ডক সম্বৰ্ধনা জনায়।

প্ৰয়াত সত্ৰীয়া গুৰু চেনীৰাম মুক্তিয়াৰ বৰবায়নৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আত্মোৎস্বৰ্গী ব্যক্তিসকললৈ আগবঢ়াই অহা এই বঁটা ভাষা সাহিত্য আৰু মানৱ সেৱাৰ অতুল্য অৱদানৰ বাবে এইবাৰ ডাঃ খাউণ্ডলৈ আগবঢ়ায়।

বঁটা প্ৰাপক চিকিৎসকগৰাকীক উদ্যোগক্তাসকলে মানপত্ৰ, স্মাৰক,শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনায়। উদ্যোগক্তা সমাজৰ লগতে কৃষ্টি সংস্কৃতিপ্ৰেমীৰ অভূতপূৰ্ব উপস্থিতিৰে জীপাল হৈ পৰা অনুষ্ঠানত এই বঁটাৰে বিভূষিত হোৱা ডাঃ খাউণ্ডে চমু অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই ।

ঢকুৱাখনা স্বাস্থ্য বিভাগৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়)হিচাবে কৰ্মৰত ডাঃ খাউণ্ড এই বিশেষ বঁটাৰে বিভূষিত হোৱাত কৰ্মথলী আৰু গৃহজিলা লখিমপুৰত আনন্দৰ বন্যা বৈছে। বিভাগীয় বিষয়া কৰ্মচাৰী, আত্মীয় স্বজন আৰু ডাঃ খাউণ্ডৰ গুণগ্ৰাহীসকলে এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

Also Read: মণিপুৰৰ ডেৰ বছৰীয়া সংঘৰ্ষঃ এন বীৰেন সিঙেৰে মোডীৰ ২০ মিনিটৰ বৈঠক...

ঢকুৱাখনা