ঢকুৱাখনাত লোকনিৰ্মাণৰ গেট ধ্বংসকাৰী ডাম্পাৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন...

চিচি টেকেলিফুটা মথাউৰীত দুখন লোৰ গেট ভাঙি তহিলং কৰি পলাইছিল দুয়োখন ডাম্পাৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত লোকনিৰ্মাণৰ গেট ধ্বংসকাৰী ডাম্পাৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন...

ঢকুৱাখনাত লোকনিৰ্মাণৰ গেট ধ্বংসকাৰী ডাম্পাৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন...

ডিজিটেল সংবাদ ঢকুৱাখনা: জনজীৱন বিপৰ্যস্ত কৰি বিপদজনক ভাবে গধূৰ যান চলাই চৰকাৰী সম্পত্তি বিনষ্ট কৰা দুই ডাম্পাৰৰ বিৰুদ্ধে পঞ্জীভূত হ'ল গোচৰ। ভাৰতীয় ন্যায় সংহিতা আইনৰ ধাৰাত পঞ্জীভূত হোৱা ৰাজহুৱা সম্পত্তি বিনষ্টকাৰী ডাম্পাৰ দুখনৰ নম্বৰ হ'ল এ এছ ২২/চি /৮৯০০  আৰু এ এছ ০৭/ এ চি /০৪১৫ ।

Advertisment

এই দুখন বৃহৎ ডাম্পাৰ দুখনে চিচি টেকেলিফুটা মথাউৰী আৰু পথৰ ওপৰত লোকনিৰ্মাণ বিভাগে গধূৰ যান বাহন চলাচল কৰিব নোৱাৰাকৈ স্থাপন কৰা দুখন লোৰ গেট ভাঙি তহিলং কৰি পলাইছিল। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগিতাত এই দুখন ডাম্পাৰৰ ফটো সংগ্ৰহ কৰি ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলে ঢকুৱাখনা  সদৰ থানাত গোচৰ তৰিছিল।

বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুবীৰ কৰ্মকাৰে ৰুজু কৰা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এখনো ডাম্পাৰ আটক কৰিবলৈ সক্ষম হোৱা নাই। লক্ষণীয় ভাবে এইক্ষেত্ৰত ঢকুৱাখনা আৰক্ষীয়ে দুয়োখন ডাম্পাৰৰ বিৰুদ্ধে ৰহস্যজনক দৰদ প্ৰদৰ্শন কৰাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে এ এছ ২২/চি /৮৯০০ নম্বৰৰ বগা বৰণৰ ডাম্পাৰখনে লোটাচুৰ অংশৰ পথৰ ওপৰত থকা লোৰ গেটখন ইচ্ছাকৃতভাৱে খুন্দিয়াই ভাঙি বনজ সম্পদ সৰবৰাহ কৰিছিল। তদ্রুপ ভাবে মাতমৰাৰ গেটখন ভাঙিছিল এ এছ ০৭/ এ চি /০৪১৫ নম্বৰৰ ডাম্পাৰখনে। 

পথ পৰিবহন আৰু লোকনিৰ্মাণ বিভাগৰ বাধা নিষেধ অমান্য কৰি এনেদৰে চৰকাৰী সম্পত্তি ধ্বংস কৰা এই দুখন ডাম্পাৰৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষীয়ে কি আইনগত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

উল্লেখযোগ্য যে সম্প্ৰতি এই পথ আৰু মথাউৰীৰে সকলো ধৰণৰ গধূৰ মালবাহী ট্ৰাক,ট্ৰেক্টৰ ট্ৰলি, যাত্ৰী বাহী বাছ, নৈশ চুপাৰ, ডাম্পাৰ আদিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে লখিমপুৰ জিলা উপায়ুক্তই। কেৱল লঘু বাহনৰ চলাচল কৰিবলৈহে অনুমতি দিয়া হৈছে বগীবিল দলঙৰ পৰা মাজুলী সংযোগী ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত এই পকী পথত।

Also Read: মঙলদৈত 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ১০০ সংখ্যক জন্মদিন পালন...

ঢকুৱাখনা লোক নিৰ্মাণ বিভাগ