কৃষ্ণপুৰ বৰামাৰি তুলসীজানত বোকা বিহু পালন

বোকা বিহু, অসমীয়া জাতীয় জীৱনৰ এক পৰম্পৰাগত লোক উৎসৱ এই বোকা বিহু। ৰঙালী বিহুৰ প্ৰথম দিনাই শতিকা জুৰি উদযাপিত হৈ অহা এই বোকা বিহু ঢকুৱাখনাৰ চহা জীৱনৰ এক প্ৰধান অংগ।

author-image
Tushar Pratim
New Update
কৃষ্ণপুৰ বৰামাৰি তুলসীজানত বোকা বিহু পালন   

ডিজিটেল সংবাদ, ঢকুৱাখনা: বোকা বিহু, অসমীয়া জাতীয় জীৱনৰ এক পৰম্পৰাগত লোক উৎসৱ এই বোকা বিহু। ৰঙালী বিহুৰ প্ৰথম দিনাই শতিকা জুৰি উদযাপিত হৈ অহা এই বোকা বিহু ঢকুৱাখনাৰ চহা জীৱনৰ এক প্ৰধান অংগ।

Advertisment

ঢকুৱাখনাৰ কৃষ্ণপুৰ আৰু তুলসীজানত বিগত শতিকা ধৰি উদযাপিত হৈ অহা এই বোকা বিহু মঙলবাৰে পালন কৰা হয়। গাঁৱৰ সকলো মুনিহ-তিৰোতা, যুৱক-যুৱতী, কিশোৰ-কিশোৰীয়ে মঙলবাৰে দুপৰীয়া হাতে হাত ধৰি ওলাই আহি বোকা বিহুৰ মাদকতাত বিলীন হয়।

জ্যেষ্ঠ, কনিষ্ঠ সকলো বোকা বিহুৰ মাদকতাত একাত্ম হৈ ইজনে সিজনৰ দেহত বোকা সানি পৰম্পৰাৰে সংপৃক্ত হয়। প্ৰবাদ অনুসৰি বছৰলৈ চৰ্ম ৰোগ, পিত্ত ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চহা পৰিয়ালসমূহে এনেকৈ ইজনে সিজনক বোকা সানি উৎসৱ পালন কৰে।

ঢকুৱাখনাৰ কৃষ্ণপূৰ বৰামাৰী আৰু তুলসীজান গাঁৱৰ ৰাইজে তুলসী জানৰ পাৰত সমবেত হৈ এই পৰম্পৰাগত উৎসৱ পালন কৰে। জাত জাত বিহু নামৰ মাজত নিজকে বিলীন কৰি গঞা ৰাইজে যুগজয়ীকৈ পালন কৰি অহা এই বোকা বিহুৰ পাছত তুলসীজান আৰু চাৰিকড়ীয়া নদীত সমূহীয়া স্নান কৰি বছৰতোলৈ নিৰোগী হৈ থকাৰ প্ৰাৰ্থনা জনায়।

ঢকুৱাখনা