/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8510b49b-801a-447e-8fd9-c3540875a204/dhokuakhana_20.jpg)
ঢকুৱাখনাত এখন ব্যতিক্ৰমী লটাৰীয়ে দৃষ্টি কাঢ়িছে বহুতৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাত এইবাৰ এখন ব্যতিক্ৰমী লটাৰী খেলৰ আয়োজন। লটাৰী বা ভাগ্য পৰীক্ষা খেল বহুত অনুষ্ঠিত হৈ আছে। এইবাৰ আমি দিবলৈ আহিছোঁ এখন ব্যতিক্ৰমী লটাৰী খেলৰ বতৰা।
এইখেলত সৌভাগ্যবান হৈ লাভ নকৰিব কোনো বিলাসী বাহন। মাত্ৰ ৫০ টকাত সভ্য ভৰ্তি হৈ আপুনি অর্জন কৰিব পাৰিব অতুল্য জ্ঞানৰ মেটমৰা ভাণ্ডাৰ। শিক্ষা, সংস্কৃতি, ভাষা সাহিত্যৰ বৰঘৰ স্বৰূপ ঢকুৱাখনা।
অতীজতেই ইতিহাসৰ পাতত সোণালী আখৰেৰে খোদিত ভদ্ৰ লোকৰ বাসস্থান এই ঢকুৱাখনা। ইয়াৰোপৰি অসমৰ ডেৰশ বছৰীয়া সংবাদ ক্ষেত্ৰখনতো ঢকুৱাখনাৰ নাম স্বৰ্ণিল বৰ্ণৰে জিলিকি আছে। এইখন ঢকুৱাখনাতেই গতানুগতিকতাৰ পৰা আঁতৰি অলপ পৃথক আৰু সুকীয়া চিন্তাই পোখা মেলিছে।
এটা অৰ্থসৰ্বস্ব প্ৰাত্যহিকতাৰ বিপৰীতে থিয় দি এইবাৰ এখন ব্যতিক্ৰমী চিন্তাৰে এখন লটাৰী খেল খেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। য'ত নামি-দামী বিলাসী গাড়ীৰ সীমাহীন তালিকাৰ পৰিবৰ্তে আপুনি পাব পৃথিৱীৰ প্ৰখ্যাত বিখ্যাত লেখকৰ অমূল্য অতুল্য জ্ঞান গৰিমাৰে সমৃদ্ধ অফুৰন্ত গ্ৰন্থসম্ভাৰ।
এই ব্যতিক্ৰমী লটাৰী খেল খেলাবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ঢকুৱাখনা নাট্য বিদ্যালয়ে । ২০১০ চনতে স্থাপিত ঢকুৱাখনাৰ অগ্ৰণী আৰু সৰ্বজন সমাদৃত অনুষ্ঠানটোৱে অনাগত ২০জুনৰ কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু নাট্য মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত এই বিশেষ লটাৰী অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
নাট্য মঞ্চৰ সচিব গণেশ চমুৱাই জনোৱা মতে উপহাৰ কুপনৰ মাচুল ৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। অফলাইন আৰু অনলাইন যোগে উপহাৰ কুপনৰ টিকট লাভ কৰাৰ সুধিবা বিশিষ্ট এই খেল সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পন্থাৰে অনুষ্ঠিত কৰিব ১৮জুনত ।
খেলৰ সৌভাগ্যবান মুঠ ২৫ গৰাকী বিজেতাক প্ৰথিতযশা সাহিত্যিকৰ বিৰচিত অমূল্য গ্ৰন্থ সম্ভাৰ পুৰস্কাৰ হিচাবে আগবঢ়োৱা হ'ব । সচিব চমুৱাই জনোৱা মতে প্ৰথম পুৰস্কাৰ হিচাবে ১০হাজাৰ টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ, দ্বিতীয় পুৰস্কাৰ হিচাবে ৮ হাজাৰ টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ, তৃতীয় পুৰস্কাৰ হিচাবে ৬ হাজাৰ টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ, চতুৰ্থ পুৰস্কাৰ হিচাবে ৪ হাজাৰ টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ আৰু পঞ্চম পুৰস্কাৰ হিচাবে ২ হাজাৰ টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ আৰু ষষ্ঠ পুৰস্কাৰ হিচাবে মুঠ ২০গৰাকী ভাগ্যশালী ব্যক্তিলৈ গ্ৰন্থ সম্ভাৰ আগবঢ়াব ।
ইয়াৰোপৰি ২০ জুনৰ দিনা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সশ্ৰদ্ধ স্মৰণত ছাত্ৰ-ছাত্ৰীসকলক মাজত চিত্ৰাংকণ, কবিতা আবৃত্তি, বিষ্ণু ৰাভা সংগীতৰ প্ৰতিযোগিতাৰ লগতে বিষ্ণু ৰাভা সংগীতৰ ওপৰত সৃষ্টিশীল নৃত্যৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে অনুষ্ঠানৰ মুখ্য আহ্বায়ক কমিন শইকীয়াই।
দিৱসৰ দিনা অন্তৰংগ আলাপ, আলোচনা সত্ৰ, বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিব বুলি মুখ্য আহ্বায়ক শইকীয়াই জনালে। এই দিৱসৰ লগতে ব্যতিক্ৰমী লটাৰী খেলৰ সভ্য ভৰ্তি আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী ব্যক্তি, প্ৰতিযোগীসকলক 9101824922 , 910102101 আৰু 9678198755 নম্বৰত যোগাযোগৰ বিনম্ৰ আহ্বান জনোৱা হৈছে।
Also Read: দেশৰ সৰ্বাধিক ধনী আৰু দৰিদ্ৰ ৰাজ্য কোনখন জানেনে? চাওঁক সবিশেষ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us