/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/838b7776-1281-429c-82b0-c9edc889e917/z29.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: জ্ঞান প্ৰজ্ঞা আৰু বৌদ্ধিক মন্থনৰ সমুজ্জল চানেকি স্বৰূপ ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণী অনুষ্ঠানৰ শনিবাৰে দ্বিতীয় দিন। মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল জয়ন্তীৰ শনিবাৰে দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী প্রাক্তন প্রশিক্ষার্থীসকলৰ নাম পঞ্জীয়নেৰে আৰম্ভ কৰা হয় ৷ ইয়াৰ পাছতে প্ৰাক্তন প্ৰশিক্ষাৰ্থী, বৰ্তমানৰ প্ৰশিক্ষাৰ্থী সকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহনেৰে অনুষ্ঠিত হয় "পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্ব" শীৰ্ষক এখন মনোজ্ঞ আলোচনা সত্ৰ৷
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই উদ্বোধন কৰা আলোচনা সত্ৰত সঞ্চালক তথা মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংস্কৃতিক গৱেষক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকা, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) উপাধ্যক্ষ বাণীকান্ত কোঁৱৰে আলোচক হিচাবে অংশগ্ৰহণ কৰি বিষয়বস্তুৰ ওপৰত গৱেষণালব্ধ বক্তব্য আগবঢ়াই।
সাম্প্ৰতিক অবক্ষয়ী সমাজ ব্যৱস্থাত বিজ্ঞানৰ দ্ৰুত উন্নয়নৰ ফলশ্ৰুতিত যুৱ আৰু নৱ প্ৰজম্মৰ মাজত পৰা নেতিবাচক আৰু ইতিবাচক প্ৰভাৱ সন্দৰ্ভত মননশীল বক্তব্য দাঙি ধৰে বিশিষ্ট আলোচকদ্বয়ে। প্ৰধানতঃ মবাইলৰ সুপ্ৰয়োগ আৰু দুপ্ৰয়োগৰ জৰিয়তে কিদৰে এটা প্ৰজন্ম পথভ্রষ্ট হ'ব পাৰে অথবা জ্ঞান গৰিমাৰে উৎকৃষ্ট মানৱ সম্পদ হিচাবে নিজকে গঢ়ি তুলিব পাৰে তাৰ তুলনামূলক বক্তব্য ডাঙি ধৰি উপস্থিত ৰাইজক উপকৃত কৰে।
বিয়লি ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ 'ৰূপালী বৈভৱ' উন্মোচন কৰা হয় এক মাংগলিক পৰিৱেশত। বিশিষ্ট লেখক ভাষা সাহিত্যৰ গৱেষক ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ড° উপেন ৰাভা হাকচামে এই তত্বগধুৰ লেখনিৰে সমৃদ্ধ "ৰূপালী বৈভৱ" স্মৃতি গ্ৰন্থখন আয়তীৰ উৰুলি মঙ্গলধ্বনিৰ মাজত উন্মোচন কৰে৷ মহাবিদ্যালয়ৰ প্ৰশিক্ষক ডঃ সুৰজিত দলে আৰু সংগীতা শইকীয়াৰ সম্পাদনাত প্ৰায় ২ শতাধিক পৃষ্ঠাৰ ভিন্ন ধর্মী লেখনিৰে সমৃদ্ধ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি সৰস আৰু শ্ৰুতিমধুৰ বক্তব্য আগবঢ়াই উন্মোচক গৱেষক ডঃ হাকচামে ।
সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ সাৰ্বজনীন প্ৰচলন, অসমীয়া কথিত ভাষা আৰু সাহিত্যত পাশ্চাত্য ভাষাৰ আধিপত্যতা, সাম্প্ৰতিক সময়ত নাগৰিকৰ ওপৰত বব নোৱাৰা কৰৰ বোজা, অত্যাধিক টোলগেটৰ অবৈধ হেঁচা আদি বিভিন্ন সময়োপযোগী বিষয়বস্তু সাঙুৰি প্ৰদান কৰা তত্বগধুৰ আৰু শ্ৰুতিমধুৰ বক্তব্যই উপস্থিত ৰাইজক আপ্লুত কৰে।
কেইবা শতাধিক শিক্ষানুৰাগী ৰাইজ, প্ৰাক্তন প্ৰশিক্ষাৰ্থী শিক্ষার্থী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানৰ পাছতেই প্রাক্তন প্রশিক্ষার্থী সম্মিলনৰ সভাপতি দুলু শইকীয়াৰ সঞ্চালনাত প্রাক্তন প্রশিক্ষার্থীসকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়ালৈ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চেনীৰাম বৰুৱাৰ বন্তি প্ৰজ্বলনৰ পাছত অনুষ্ঠিত হয় বিদ্যালয় পৰিয়ালৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক চৈতন্য দত্তই উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানেৰে দ্বিতীয় দিনৰ জয়ন্তীৰ কাৰ্যসূচীৰ সফল সামৰণি মৰা হয়।
Also Read: ২১ দিনে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us