সংখ্যালঘুৰ ভোট বিভাজনেৰে বিহপুৰীয়াত কংগ্ৰেছক ধাৰাশায়ী কৰাৰ কৌশল অখিল গগৈৰ

বিহপুৰীয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী উবাইদুৰ ৰহমানৰ লগতে বিজেপি প্ৰাৰ্থী খগেন হাজৰিকা আৰু কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ বৰাই প্ৰত্যেকেই নিৰ্বাচনত জয়ী হোৱাৰ দাবী কৰিছে ৷

author-image
Tushar Pratim
New Update
সংখ্যালঘুৰ ভোট বিভাজনেৰে বিহপুৰীয়াত কংগ্ৰেছক ধাৰাশায়ী কৰাৰ কৌশল অখিল গগৈৰ

ডিজিটেল সংবাদ, বিহপুৰীয়া: সংখ্যালঘুৰ ভোট বিভাজনেৰে বিহপুৰীয়াত কংগ্ৰেছক ধাৰাশায়ী কৰাৰ কৌশল অখিল গগৈৰ ! বিহপুৰীয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলক শ’লঠেকত পেলোৱাৰ স্বাৰ্থত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰোৱাক লৈ ৰাজনৈতিক দলৰ মাজত চৰ্চা অব্যাহত থকা সময়তে আজি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী উবাইদুৰ ৰহমানৰ লগতে বিজেপি প্ৰাৰ্থী খগেন হাজৰিকা আৰু কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ বৰাই প্ৰত্যেকেই নিৰ্বাচনত জয়ী হোৱাৰ দাবী কৰিছে ৷

Advertisment

বিশেষকৈ সংখ্যালঘু ভোটাৰৰ আশিৰ্বাদত প্ৰতিটো পঞ্চায়ত নিৰ্বাচনতেই বিহপুৰীয়া জিলা পৰিষদৰ আসন খন কংগ্ৰেছ দলে দখল কৰি আহিছিল যদিও এইবাৰ সমষ্টিটোত কংগ্ৰেছ দলক উৎখাত কৰিবৰ বাবে ৰাইজৰ দলে সংখ্যালঘু প্ৰাৰ্থীক নিৰ্বাচনী যুজঁত নমোৱাত ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা বৃদ্ধি পাইছে। কংগ্ৰেছৰ ভোট বেংকত আঘাত হানি ৰাইজৰ দলে বিজেপিৰ বিজয়ৰ পথ সুগম কৰিব বিচাৰিছে বুলি কংগ্ৰেছ দলে সমালোচনা কৰি থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টিটোত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰিছে।

অৱশ্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অখিল গগৈয়ে আৰম্ভ কৰা এই খেলখনত অখিল গগৈ কিমান দুৰ সফল হ’ব সেইয়া লক্ষনীয় হ’ব যদিও বিহপুৰীয়া জিলা পৰিষদত সংখ্যালঘুৰ ভোট বিভাজনে শাসকীয় বিজেপিক কিমান দুৰ সহায় কৰে সেইয়া নিৰ্বাচনী ফলাফলতহে স্পষ্ট হ’ব ৷

অখিল গগৈ পঞ্চায়ত নিৰ্বাচন বিহপুৰীয়া