বিহপুৰীয়া বিহুতলীৰ সোণালী জয়ন্তী উদযাপন

বিহপুৰীয়া বিহুতলীৰ সোণালী জয়ন্তী উদযাপন

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়া বিহুতলীৰ সোণালী জয়ন্তী উদযাপন

ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়াৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰ’দালি সংঘৰ উদ্যোগত বিহপুৰীয়া বিহুতলীৰ সোণালী জয়ন্তী উদযাপন কৰা হয়। আজি উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বিহপুৰীয়াবাসীৰ মন মুহিবলৈ সক্ষম হয় ৷ জনপ্ৰিয় অভিনেতা নয়ন নিলীম আৰু ভ্ৰান্তি মেধিয়ে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক দল সমূহে অংশগ্ৰহণ কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে ৷

Advertisment

ঢোল পেঁপাৰ লগতে গায়ন - বায়নৰ পৰা আৰম্ভ কৰি ভাওনা,বিভিন্ন লোককৃষ্টিৰ সমাহাৰেৰে উলিওৱা শোভাযাত্ৰাই বিহপুৰীয়া নগৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে৷ ২৩ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহপুৰীয়া বিহুতলীৰ সোণালী জয়ন্তী উৎসৱ উদযাপনস্থলি সম্প্ৰতি ঢোলৰ গুমগুমনিত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইপিনে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা নয়ন নীলিম আৰু ভ্ৰান্তি মেধিৰ লগত বিহু গাই এপাক নাচিলে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি দেবানন্দ হাজৰিকাই ৷

Also Read: অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলৰ চমন

lakhimpur bihu Bihpuria news Bihpuria rongali bihu