লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ তিৰোভাৱ তিথি পালনঃ জগত বনিয়াক শ্ৰী শ্ৰী বঢ়াৰ-পো বটাঁ প্ৰদান

নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

author-image
Asomiya Pratidin
New Update
লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ তিৰোভাৱ তিথি পালনঃ জগত বনিয়াক শ্ৰী শ্ৰী বঢ়াৰ-পো বটাঁ প্ৰদান

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত সোমবাৰে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰে ৷ এই উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত জগত বনিয়াক শ্ৰী শ্ৰী বঢ়াৰ-পো বটাঁ প্ৰদান কৰা হয় ৷

উক্ত বঁটা প্ৰদান অনুষ্ঠানত শ্ৰী শ্ৰী বদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপ মহন্ত,ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামী, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা,সম্পাদক কৃষ্ণজ্যোতি হাজৰিকা প্ৰমূখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লখিমপুৰ মহকুমা ছাত্ৰ সন্থা