/asomiyapratidin/media/media_files/2025/04/01/cFJYfkM1LzWsgEQjHS9P.jpg)
ডিজিটেল সংবাদ লখিমপুৰঃ অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আজি লখিমপুৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা প্ৰদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ মুখপাত্র ৰিতম সিঙক সাক্ষাৎ কৰে। একাংশ দলীয় নেতা কৰ্মীসহ কাৰাগাৰত ৰিতম সিঙক সাক্ষাৎ কৰি তেঁও সাংবাদিকৰ আগত মুখ্যমন্ত্রীৰ লগতে চৰকাৰক চোকা সমালোচনা কৰে।
তেওঁ কটাক্ষ কৰি কয় অসমত এটিয়া আৰু কোনো বেলেগ অপৰাধী নাই। আছে কেৱল দিলোৱাৰ হুছেইন, ৰিতম সিং আৰু মহবুবুল হক। মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয়-লুইচ বাৰ্জাৰ কেলেংকাৰীক লৈ মই প্ৰত্যাহ্বান দিলো।
তেওঁ কিয় চিবিআইক নকয় ক্লীন চিট দিবলৈ। অসমৰ মানুহে এই কথাত সন্দেহ কৰে। মই চিণ্ডিকেটৰ কথা কলে পীয়ুষ হাজৰীকাই লাজ পাব। অডিঅ' চলি আছে, কয়লা চিণ্ডিকেট চলি আছে। যদি ৰেড হোল মাইনিং নাই তেন্তে উমৰাংচুত কেনেকৈ মৃতদেহ ওলাল? লিডু মাৰ্ঘেৰিটাত কেনেকৈ মৃতদেহ ওলাল? আৰু কি প্ৰমাণ লাগে তেও লোকক?
এইদৰে প্ৰশ্ন তোলে ভূপেন বৰাই। ৰিতম সিঙৰ প্ৰসংগ তুলি ভূপেন বৰাই কয়, লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কথা ৰিতম সিঙে প্ৰথম কোৱা নাই। ADR ৰ ৰি'পৰ্টত সেই কথা উল্লেখ কৰা হৈছিল। নাৰী নিৰ্যাতনৰ লগত জড়িত ১৫১ জন ৰাজনৈতিক নেতাৰ নাম এ ডি আৰ এ প্ৰকাশ কৰিছিল।
২০২৪ চনত আচাম ট্ৰিবিউনত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল। সেই কথাটোহে ৰিতম সিঙে ৰাইজক মনত পেলাই দিছিল। তেওঁলোকে এ ডি আৰৰ ওপৰত কিয় কেচ নিদিলে বুলি উভটি ধৰে ভূপেন বৰাই। ৰিতম সিং কাৰাবন্দী হৈ থকাৰ প্ৰসংগত ভূপেন বৰাই আৰু কয় কংগ্রেছ ভয় খোৱা দল নহয়। স্বাধীনতাৰ সময়ত জেলৰ ভিতৰৰ পৰাই কংগ্রেছে মহা সংগ্ৰাম কৰিছিল।
তেওঁ চৰকাৰক সকীয়াই দি কয় ৰিতম সিং জেলত থকাৰ প্ৰতিটো মিনিট, প্ৰতিটো ঘন্টাৰ হিচাপ দিব লাগিব আহি থকা সময় বোৰত। এইবোৰ মূল্যাংকণ কৰা হ'ব। কংগ্রেছৰ জাতীয়তাবাদৰ যি চেতনা চৰকাৰে সেইয়া কেনেকৈ কাৰাৰুদ্ধ কৰিব?
সাংবাদিকৰ ওপৰত আক্ৰোশ পূৰাবলৈ গৈ এপেক্স বেংকক ধ্বংসৰ পথলৈ ঠেলি দিয়া বুলিও তেওঁ চৰকাৰক দোষাৰোপ কৰে। বেংকটোত ৬০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি ভূপেন বৰাই উল্লেখ কৰি কয় এনে কেলেংকাৰী তল পেলাবলৈ যেনেদৰে সাংবাদিক দিলোৱাৰ হুছেইনক কাৰাৰুদ্ধ কৰা হৈছে তেনেদৰে নাৰী নিৰ্যাতনৰ প্ৰসংগ তল পেলাবলৈ ৰিতম সিঙক কাৰাগাৰত আৱদ্ধ কৰা হৈছে।
সময় মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা নকৰিলে অহা ৬ এপ্ৰিলত তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্হ হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে। তেওঁৰ সৈতে লখিমপুৰ জিলা কাৰাগাৰত কংগ্রেছৰ জিলা সভাপতি গগন বৰাৰ লগতে জিন্টু হাজৰিকা, নাৰায়ণ শইকীয়া, অধিবক্তা উত্তম ফুকনকে ধৰি ভালেখিনি কংগ্রেছৰ নেতা কৰ্মী উপস্থিত হয়।