প্ৰাক্তন সতীৰ্থ মুখ্যমন্ত্ৰীৰ কালতেই আলফা সমস্যা সমাধান হোৱা উচিত -ভূপেন বৰা

এসময়ৰ প্ৰাক্তন আলফা এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীয়ে আলফাক আলোচনালে আনিব নোৱাৰিলে কোনে আনিব ?

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন সতীৰ্থ মুখ্যমন্ত্ৰীৰ কালতেই আলফা সমস্যা সমাধান হোৱা উচিত -ভূপেন বৰা

ডিজিটেল সংবাদ, লখিমপুৰঃ এসময়ৰ প্ৰাক্তন আলফা এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীয়ে আলফাক আলোচনালে আনিব নোৱাৰিলে কোনে আনিব ? আলফাই প্ৰাক্তন সতীৰ্থ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ কালতে সমস্যাটো সমাধান কৰিব লাগে -এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷

বুধবাৰে নাওবৈচাত নিজ বাসগৃহত সাংবাদিকৰে এক সাক্ষাৎকাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই কথা প্ৰকাশ কৰে ৷শেহতীয়াকৈ আলফা শিবিৰত সতীৰ্থক মৃত্যুদণ্ড দিয়া আৰু সেনা বাহিনীৰ জোৱান আলফালৈ যোৱা প্ৰসংগত ভূপেন কুমাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “কংগ্ৰেছৰ দিনত বিদ্ৰোহীৰে  বহু শান্তি চুক্তি হ’ল ৷ মিজো উগ্ৰপন্থীৰ লগত ৰাজীৱ গান্ধীয়ে শান্তি চুক্তি কৰিলে ৷ নৰসিংহ ৰাও আৰু ৰাজেশ পাইলটেও উত্তৰ পূৱৰ বিদ্ৰোহীক মুল সুঁতিলৈ আনিলে ৷ অশান্ত অসমক শান্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পোন্ধৰ বছৰৰ শাসনত ৷

ৰাজ্যত এতিয়া প্ৰাক্তন আলফা এজন মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰী প্ৰাক্তন আলফা হিচাবে আলফাৰ আবেগ আছে ৷ তেখেতৰ প্ৰাক্তন সতীৰ্থ সকলক আলোচনালৈ তেখেতে নানিলে কোনে আনিব ? এটা সময়ত তেখেতো আলফালৈ গৈছিল ৷ তেখেত উভতি আহি আজি মুখ্যমন্ত্ৰী হ’ল ৷ গতিকে বিজেপিয়ে আলফা চৰকাৰৰ আলোচনাক লৈ ৰাজনীতি কৰিব নালাগে ৷

মুখ্যমন্ত্ৰীয়ে এচি কোঠাৰ পৰা প্ৰাক্তন সতীৰ্থ সকলৰ কথা চিন্তা কৰিব লাগে ৷ আলফাৰ বাবেও এয়া উচিত সময় আলোচনাৰ ৷ আমি বিৰোধীয়েও সহায় কৰিম আলোচনাত ৷ দিল্লীত মুখ্যমন্ত্ৰীৰ একে দলৰ চৰকাৰ আৰু সাংসদ আছে ৷ গতিকে প্ৰাক্তন সতীৰ্থ সকলৰ সমস্যা সমাধানত মুখ্যমন্ত্ৰীৰ পূৰ্ণ দায়িত্ব আছে ৷

আনহাতে লুই বাৰ্জাৰক ব্ৰহ্মপুত্ৰৰ সুৰংগ নিৰ্মানৰ দায়িত্ব অৰ্পন কৰাক লৈ পুনৰ সৰৱ হৈছে বিৰোধী কংগ্ৰেছ দল ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মতে লুই বাৰ্জাৰক কাম দি চৰকাৰে পুৰস্কৃত কৰিব খুজিছে । লুই বাৰ্জাৰক যদি কাম নিদিয়ে তেন্তে কাক দিব ? মুখ্যমন্ত্ৰীয়ে লুই বাৰ্জাৰ কেলেংকাৰী গাপ দি আছে ৷ গতিকে এইবাৰ ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মানৰ দায়িত্ব দি পুৰস্কৃত কৰা হৈছে ৷

আনহাতে সমাগত লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ আসন বতোৱাৰক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিশেষ মন্তব্য আগবঢ়াইছে ৷ সভাপতি ভূপেন কুমাৰ বৰাই আজি সাংবাদিকক লখিমপুৰত কয়“ ২০২৬ লৈকে বিৰোধীৰ ঐক্য থাকিব ৷ আমি দুটা টাৰ্মৰ বাবে বিৰোধী ঐক্য গঠন কৰিছো ৷ ঐক্যৱদ্ধ বিৰোধীয়ে ৰাজ্যৰ ১৪ খন আসনতে সমাগত লোক সভা নিৰ্বাচনত এজনকৈ প্ৰাৰ্থী দিব ৷

ৰাষ্ট্ৰীয় দল কেইবাটাও আমাৰ ঐক্যত আছে ৷তেওঁলোকৰ লগত আসন ভাগবতৰাৰ বিষয়টো হাইকামাণ্ডে বিবেচনা কৰিব ৷ কেইবাটাও আঞ্চলিক দলে এই নিৰ্বাচনতকৈ ৰাজ্যৰ বিধান সভা আসনতে অধিক আসন বিৰোধী ঐক্যৰ হৈ বিচাৰিব পাৰে ৷ আসন ভাগবতৰাক লৈ বিৰোধীৰ ঐক্যত কোনো খেলি মেলি হোৱা নাই ৷”

Also Read: কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পাছত দাম কমিল পিয়াজৰ...