বিহপুৰীয়া জাতীয় বিদ্যালয়ত প্ৰদৰ্শিত হ'ল 'ৰুক্মিণী হৰণ' ভাওনা

বিহপুৰীয়া জাতীয় বিদ্যালয়ত প্ৰদৰ্শিত হ'ল 'ৰুক্মিণী হৰণ' ভাওনা

ডিজিটেল সংবাদ,বিহপুৰীয়া: মহাপুৰুষীয়া সংস্কৃতিৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ মানসেৰেই বিহপুৰীয়াস্থিত চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে এক সুন্দৰ পদক্ষেপ ৷ বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি মঙ্গলবাৰে নিশা প্ৰদৰ্শন কৰা হয় ৰুক্মিণী হৰণ ভাওনা ৷

বিদ্যালয়ৰ শিক্ষক ক্ষীৰোদ বৰাৰ পৰিচালনাত প্ৰদৰ্শন কৰা ভাওনাখনে সকলোৰে মন মুহিবলৈ সক্ষম হয় ৷ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ অনবদ্য অভিনয়ে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

পুথিগত শিক্ষাৰ লগতে অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিক ছাত্ৰ ছাত্ৰীৰ সৈতে পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে বিভিন্ন সময়ত ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰি অহা বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ এই প্ৰচেষ্টাৰ সকলোৱে শলাগ লৈছে ৷

অভিনয়ৰ প্ৰতি ধাউতি থকা বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক লৈ সম্পূৰ্ণ মহাপুৰুষীয়া ৰীতি নীতিৰে উপস্থাপন কৰা ৰুক্মিণী হৰণ ভাওনাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হয়৷ বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ এই প্ৰচেষ্টাৰ সকলোৱে শলাগ লৈছে ৷

বিহপুৰীয়া জাতীয় বিদ্যালয়ত প্ৰদৰ্শিত হ'ল 'ৰুক্মিণী হৰণ' ভাওনা
উত্তৰ পূৰ্বাঞ্চলত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ : ৰন্ধন গেছ কঢ়িওৱা পৰিবহণ সংস্থাৰ ধৰ্মঘট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in