Advertisment

ক'ত লুকাল ঢকুৱাখনাৰ প্ৰধান আচাৰ্য আত্মহত্যা কাণ্ডৰ ১৫ অভিযুক্ত ?

এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ সম্বলিত মৰ্মান্তিক ঘটনাই জোকাৰি গৈছিল ঢকুৱাখনা । ঢকুৱাখনাৰ স্বাভিমানত কলংক সনা এই নিকৃষ্ট ষড়যন্ত্ৰমূলক হত্যাকাণ্ডৰ অভিযোগে আজিও শোকাহত কৰি ৰাখিছে সমগ্ৰ ঢকুৱাখনা।

author-image
Asomiya Pratidin
New Update
ক'ত লুকাল প্ৰধান আচাৰ্য আত্মহত্যা কাণ্ডৰ ১৫ অভিযুক্ত ?

ডিজিটেল সংবাদ ঢকুৱাখনাঃ এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ সম্বলিত মৰ্মান্তিক ঘটনাই জোকাৰি গৈছিল ঢকুৱাখনা । ঢকুৱাখনাৰ স্বাভিমানত কলংক সনা এই নিকৃষ্ট ষড়যন্ত্ৰমূলক হত্যাকাণ্ডৰ অভিযোগে আজিও শোকাহত কৰি ৰাখিছে সমগ্ৰ ঢকুৱাখনা।

Advertisment

 শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰধান আচাৰ্য বনমালী সূতৰ আত্মহনন কাণ্ডত ঢকুৱাখনাৰ যোগেশ বৰুৱাক মুখ্য অভিযুক্ত সজাই ৰুজু কৰা গোচৰৰ ৩গৰাকীক গ্ৰেপ্তাৰ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে। কিন্তু অন্য অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে ঢকুৱাখনা আৰক্ষী।

অদ্যপি আৰক্ষীৰ জালত বন্দী হোৱা নাই ১৫গৰাকী অভিযুক্ত। তাৎপৰ্যপূৰ্ণ দিশ হ'ল এই তালিকাত নাম সোমাইছে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াৰ। নিকেতনৰ শিশু শিক্ষাৰ্থীসকলৰ হাতত প্ৰধানাচাৰ্যগৰাকীৰ সন্মান আৰু মৰ্য্যদা হানিকৰ পত্ৰ ছপা কৰি গুজি দিয়া অবিবেচকী কাণ্ডৰ সতে জড়িত আছিল এইগৰাকী ব্যক্তিৰ নাম।

যিটো বিষয়ে ৰাজনৈতিক দলটোৰ অভ্যন্তৰত সৃষ্টি কৰিছে প্ৰবল প্ৰতিক্ৰিয়াৰ। মৃতকৰ আত্মীয়ৰ এজাহাৰৰ ভিত্তিত অভিযুক্তসকলৰ তালিকাত দলটোৰ ব্লক সভাপতিগৰাকীৰ অন্তৰ্ভুক্ত হোৱাত লজ্জিত নিষ্ঠাবান নেতা কৰ্মীসকল ।

আহ্বায়ক মণ্ডলীৰ নাম তালিকাভুক্ত চেতিয়াৰ লগতে নাম সন্নিবিষ্ট আছিল গ্ৰামোন্নয়ন কৰ্মচাৰী মৃদুল চুতীয়া, জিন্টু গগৈ,  শিক্ষক ৰবীন দত্ত, প্ৰফুল্ল শৰ্মা, স্বাস্থ্য কৰ্মী  বিষ্ণু চেতিয়া । ইয়াৰোপৰি অন্য ১০ গৰাকীৰ নামো উক্ত গোহাৰী পত্রত সন্নিবিষ্ট আছিল।

ঢকুৱাখনা আৰক্ষীয়ে ইতিমধ্যে ছুটী লৈ কৰ্তব্যত অনুপস্থিত এনেবোৰ কৰ্মচাৰীক কৰ্তব্যত হাজিৰ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ কৰিছে। অভিযুক্ত এনেবোৰ ব্যক্তিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰিছে যদিও আৰক্ষীৰ সন্ধান অভিযান অব্যাহত আছে।

জনামতে ইয়াৰে অন্যতম অভিযুক্ত তৰুণ চেতিয়া আৰু পুতুল শৰ্মা সদৰ থানাত উপস্থিত হৈ উক্ত বিতৰ্কিত ৰাজহুৱা সভাত অনুপস্থিত নথকা আৰু জড়িত নথকাৰ প্ৰামানিক তথ্য তদন্তকাৰী আৰক্ষী বিষয়াক দাখিল কৰি নিৰ্দোষীতা প্ৰমাণৰ চেষ্টা কৰিছে। আৰক্ষীয়ে এই দুই এজাহাৰত নাম অভিযুক্ত তৰুণ চেতিয়া আৰু পুতুল শৰ্মাক সোধা পোছাৰ অন্তত "বন্দ"ত যাবলৈ দিছে ভৱিষ্যতে বিচাৰিলে পোৱাকৈ।

প্ৰাপ্ত খবৰ অনুসৰি এই হৃদয় বিদাৰক ঘটনাৰ এজাহাৰত নাম অভিযুক্ত গৰিষ্ঠ সংখ্যক অভিযুক্তই আদালতৰ দ্বাৰস্থ হৈছে অন্তৱৰ্তীকালীন জামিন বাবে। ইপিনে সদৌ অসম সূত সন্মিলনৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰাক্তন সম্পাদক, শঙ্কৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰতিষ্ঠাপক আচাৰ্য, প্ৰধান আচাৰ্য , ঢকুৱাখনা ঘাঁহি গাঁৱৰ নিৰ্বাসী সদ্য প্ৰয়াত বনমালী সূতৰ আত্মহননৰ অন্তৰালত যোগেশ বৰুৱা জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সোচ্চাৰ হৈ পৰিছে  সদৌ অসম সূত সন্মিলন ।

সন্মিলনৰ ঢকুৱাখনা জিলা সমিতিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি থকা যোগেশ বৰুৱা এই নিৰ্মম ঘটনাৰ সৈতে  প্ৰত্যক্ষ ভাবে জড়িত থকা বুলি ৰুজু কৰা গোচৰ আৰু একে গোচৰত গ্ৰেপ্তাৰ হৈ জে'ললৈ প্ৰেৰিত হোৱাত সন্মিলনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সদৌ অসম সূত সন্মিলনৰ ঢকুৱাখনা জিলা সমিতিয়ে যোগেশ বৰুৱাক জৰুৰী ভাবে কাৰ্যকৰী হোৱাকৈ সন্মিলনৰ জিলা সমিতিৰ সম্পাদক পদৰ পৰা  বৰ্খাস্ত কৰিছে। তাৰোপৰি নতুন এখন পূৰ্ণাংগ সমিতি গঠন নোহোৱা পৰ্যন্ত সন্মিলনৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব হৰিচন্দ্ৰ বৰুৱাক অৰ্পণ কৰে।

ঢকুৱাখনা