বগীনদী আঞ্চলিক বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষত 'মা অনুষ্ঠান'

বগীনদী আঞ্চলিক বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষত 'মা অনুষ্ঠান'

author-image
Asomiya Pratidin
New Update
বগীনদী আঞ্চলিক বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষত 'মা অনুষ্ঠান'

ডিজিটেল সংবাদ,ঢকুৱাখনা : ভূমিপুত্ৰ সোণোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা খ্ৰীং খ্ৰীং বাইথ’ পৰম্পৰা অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰাৰে সম্পৃক্ত বগীনদী আঞ্চলিক বাইথ সমাজে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বর্ষত পদাৰ্পন কৰিলে । লখিমপুৰ জিলাৰ অন্তৰ্গত বগীনদীৰ বাইথ সমাজ এই যুগজয়ী গৰিমাণ্ডিত যাত্ৰাপথৰে আগুৱাই ৰূপালী জয়ন্তী বর্ষত উপনিত হোৱাৰ বৰেণ্য সন্ধিক্ষণত বর্ষজোৰা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

Advertisment

অহা ২০২৪ চনৰ ১৮, ১৯ আৰু ২০ মাৰ্চত পৰিসমাপ্তি ঘটিব লগা এই জয়ন্তীৰ বর্ষযোৰা কাৰ্যক্ৰমণিকাৰ সতে সংগতি ৰাখি অহা ১৮ নৱেম্বৰ শনিবাৰে আয়োজন কৰা হৈছে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। বগীনদীৰ গজাই মনাই ক্ষেত্ৰত ১৮ নৱেম্বৰ শনিবাৰে আয়োজিত ৰূপালী জয়ন্তীৰ মনোজ্ঞ অনুষ্ঠানৰ অংশ হিচাবে" মা" অনুষ্ঠান অনুষ্ঠিত হ'ব। "মা" অনুষ্ঠানৰ ৩৩ সংখ্যক বর্ষ পূৰ্তি উপলক্ষত অনুষ্ঠিতব্য এই কাৰ্যসূচীত জিলাখনৰ ২০০ গৰাকী পিতৃ আৰু ৪৩ গৰাকী মাতৃক আনুষ্ঠানিক ভাৱে মান্যতা প্ৰদানেৰে প্ৰণিপাত জনোৱা হ'ব।

সাম্প্ৰতিক অবক্ষয়ী সমাজ ব্যৱস্থাত জন্মদাতা পিতৃ-মাতৃৰ প্ৰতি সন্তান শ্ৰদ্ধাশীল, আনুগত্যশীল আৰু বিনয়ী হোৱাৰ পৰম্পৰা প্ৰদর্শনেৰে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যৰে বিগত ৩২ বছৰ ধৰি  ধাৰাবাহিকভাৱে এই "মা" অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে পৰিচালক গোবিন বৰদলৈয়ে। এইবাৰ এই ২৪৩ সংখ্যক অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই ২৪৩ গৰাকী পিতৃ-মাতৃক মান্যতা প্ৰদান কৰাৰ উপৰিও দুটা বিশেষ বঁটা প্ৰদান কৰিব "মা" কৰ্তৃপক্ষই। সেই অনুসৰি ২০২৩ বর্ষৰ শ্ৰৱণ কুমাৰ বঁটা আৰু ২০২৩ বর্ষৰ শ্ৰেষ্ঠ আদৰ্শ  পুত্ৰ বঁটা প্ৰদান কৰা হ'ব।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক অনুষ্ঠানৰ মুখ্য অতিথি জয়ন্ত বৰুৱা আৰু সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল উপস্থিত থাকি বঁটা প্ৰাপকসকলক বঁটা প্ৰদান কৰিব। স্মৰ্তব্য যে, চলিত বৰ্ষৰ শ্ৰেষ্ঠ শ্ৰৱণ কুমাৰ বঁটা লাভ কৰিছে লখিমপুৰৰ এছাৰী খনাৰ লক্ষীৰাম নাথ আৰু শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা লাভ কৰিছে লখিমপুৰ সদৰৰ খেলমাটি নিবাসী শিক্ষক উম প্ৰকাশ তিৱাৰীযে ।

শনিবাৰে পুৱা ১০বজাত অনুষ্ঠানৰ মুখ্য অতিথি জয়ন্ত বৰুৱা আৰু সম্বৰ্ধিত আই মাতৃ-পিতৃ সকলক সসন্মানে আদৰি নিব গজাই মনাই ক্ষেত্ৰলৈ আৰু ১১ বজাত বিশেষ অনুষ্ঠান আৰম্ভ হ'ব । শনিবাৰে অনুষ্ঠিতব্য এই অনুষ্ঠানত আয়োজক বাইথ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মজিন সোণোৱাল আৰু বাইথ সমাজে সমাজহিতৈষী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

Also Read: বাংলাদেশত ঘূৰ্ণীবতাহ 'মিধিলি'ৰ তাণ্ডৱ : নিহত ৪ জন

lakhimpur