/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/146ccbec-1378-4d06-9ef6-a0428c3a0408/police.jpg)
-
লখিমপুৰত আৰক্ষীৰ দলক ভয়ংকৰ আক্ৰমণ।
-
বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত এই ঘটনা।
-
ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিব গৈ আক্ৰমণৰ বলি হয় অভিযান চলোৱা আৰক্ষীৰ দলটো।
-
ধৃত আন এটা ড্ৰাগছ পেডলাৰক লগত লৈ অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে।
-
আৰক্ষী জোৱানক কামুৰি আহত কৰে আক্ৰমণকাৰীৰ দলে।
-
আৰক্ষীৰ দলটো অসামৰিক পোচাকত আছিল।
-
ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইনক কৰায়ত্ত কৰাৰ পিছতেই আৰক্ষীৰ ওপৰত জপিয়াই পৰে ছাদ্দাম ওৰফে বেলায়তৰ পৰিয়ালৰ লোক।
-
আক্ৰমণ কৰি মোকলাই নিয়ে পেডলাৰ ছাদ্দাম হুছেইনক।
-
ইফালে আক্ৰমণৰ সময়ত পেডলাৰ ছাদ্দামৰ গৰ্ভৱতী পত্নী ৱাহিদা বেগম গুৰুতৰভাৱে আহত হয়।
-
আক্ৰমণকাৰী আৰু পেডলাৰ ছাদ্দাম হুছেইনক বিচাৰি পুৱতি নিশা SP আনন্দ মিশ্ৰৰ বৃহৎ অভিযান।
-
বৃহৎ আৰক্ষীৰ দল লৈ ঘটনাস্থলী দলনিৰপাৰৰ পৰা আটক অৰ্ধ শতাধিক লোকক।
-
আটকাধীন লোকসকলক বঙালমৰা, বিহপুৰীয়া,ধলপুৰ, নাওবৈচা,লালুক থানাত পৃথকে পৃথকে ৰখা হৈছে।