তিনি দশকৰ লাঞ্ছনা, গৰিহণাৰ অন্তঃ ফুলেশ্বৰী দত্তক গামোচা পিন্ধাবলৈ মানুহৰ ভিৰ...

নীৰৱ প্ৰচাৰ বিমুখ বন্যপ্ৰাণী সংৰক্ষক ফুলেশ্বৰী দত্তৰ ৩০ বছৰীয়া প্ৰচেষ্টাই দৃষ্টি আকৰ্ষণ কৰিলে চৰকাৰৰ। আত্মোৎস্বৰ্গী বন্যপ্ৰাণী সংৰক্ষকগৰাকীলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা।

author-image
Asomiya Pratidin
New Update
তিনি দশকৰ লাঞ্ছনা, গৰিহণাৰ অন্তঃ ফুলেশ্বৰী দত্তক গামোচা পিন্ধাবলৈ মানুহৰ ভিৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: নিজৰ সন্তানৰ দৰেই চেনেহ আপদাল কৰি পোহপাল প্ৰতিপালন কৰিছিল দুটি বন্যপ্ৰাণী। পৰিয়ালৰ সদস্যৰ দৰেই বিগত ৩০ বছৰৰ পূৰ্বে লালন পালন, সুৰক্ষা দি প্ৰতিনিয়ত খেয়াল ৰাখিছিল বন্যপ্ৰাণী দুটিৰ। 

Advertisment

সভ্য সমাজত অস্পৃশ্য গণ্য কৰা এই দুটি বনৰীয়া পক্ষীয়েও নিৰাপদ গণ্য কৰি আশ্ৰয় লৈছিল মহিলা গৰাকীৰ ঘৰৰ দাঁতিৰ ওখ শিমলুত। পৰিণতিত সীমাহীন লাঞ্ছনা, কটু বাক্য আৰু সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল তেওঁ । পিছে এইবোৰলৈ কেৰেপ নকৰি নিজস্ব ভাবে বন্যপ্ৰাণী সংৰক্ষণত মনোনিবেশ কৰি গৈছিল। 

অৱশেষত এই নীৰৱ প্ৰচাৰ বিমুখ বন্যপ্ৰাণী সংৰক্ষক গৰাকীৰ ৩০ বছৰীয়া প্ৰচেষ্টাই দৃষ্টি আকৰ্ষণ কৰিলে ৰজাঘৰীয়াৰ । ফলস্বৰূপে এই বিশেষ আত্মোৎস্বৰ্গী বন্যপ্ৰাণী সংৰক্ষক গৰাকীলৈ আগবঢ়োৱা হ'ল ৰাজ্য চৰকাৰৰ অসামৰিক সন্মান অসম গৌৰৱ বঁটা ।

মহিলাগৰাকী আন কোনো নহয়, তেওঁ হৈছে ঢকুৱাখনাৰ ফুলেশ্বৰী দত্ত। সামাজিক ৰক্ষণশীলতা  আৰু তথাকথিত অন্ধবিশ্বাসৰ বিপৰীতে গৈ একক ভাবে নীৰৱ প্ৰকৃতি প্ৰেমীৰ অনুকৰণীয় দৃষ্টান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা দত্তলৈ দেওবাৰে আগবঢ়োৱা হৈছে ২০২৫ বর্ষৰ  অসম গৌৰৱ বঁটা। ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ কঢ়া ঘাট অঞ্চলৰ বাসিন্দা এইগৰাকী আত্মোৎস্বৰ্গী প্ৰকৃতি সংৰক্ষকৰ
একক প্ৰচেষ্টাত ঘৰৰ পাছফালে গঢ় লৈ উঠা এখন জয়াল হাবিত আত্মীয়ৰ দৰে পোহপাল দি ৰাখিছে অৰ্ধ শতাধিক শগুন।  

বাৰীৰ সুউচ্চ শিমলুৰ ডালকে সাৰথি কৰি বিগত প্ৰায় ৩০ বছৰ পূৰ্বে আশ্ৰয় লৈছিল দুটা শগুনে। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ আতিথ্যত সুৰক্ষিত অনুভৱ কৰি শগুন দুটাই শিমলু জোপাত এটা বাঁহ সাজি আৰম্ভ কৰে বংশ বৃদ্ধিৰ।

মহিলাগৰাকীৰ এনে উদাৰতাৰ আলম লৈ সম্প্ৰতি ৪ টা বাঁহ সাজি বংশ বৃদ্ধিৰে ভিন্ন প্ৰজাতিৰ মুঠ ৬০ টা শগুনলৈ বংশ বিস্তাৰ কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ আগত নীৰৱ প্ৰকৃতি সংৰক্ষকে জনোৱা মতে ১৯৮৯ চনতে তেওঁৰ ঘৰৰ চৌহদত থকা  এজোপা শিমলু গছত আশ্ৰয় লোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ জমাদাৰৰ বাবে দত্তই বাৰীৰ বৃক্ষ নকটাকৈ ৰাখি এক সুস্থিৰ পৰিবেশ সৃষ্টি কৰি দিছিল। সময়ৰ গতিত এই শগুণৰ সংখ্যা ৬০ লৈ বৃদ্ধি পালে বংশ বিস্তাৰেৰে।

নিজৰ নিঃস্ব আৰু আৰ্থিক দৈন্যতাৰ স্বত্বেও বাৰীৰ বৃক্ষ বিক্ৰী নকৰাকৈ পৰিস্থিতিৰ মুকাবিলা কৰি অহা এইগৰাকী নীৰৱ প্ৰকৃতি সংৰক্ষকৰ এনে আদৰ্শনীয় পদক্ষেপে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল। পৰৱৰ্তী সময়ত লখিমপুৰ জিলা আয়ুক্তক এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিলে মন্ত্ৰী ডাঃ পেগুৱে ।

বিধায়ক নৱ দলেৰ লগতে সমজিলা প্ৰশাসনৰ দ্বাৰা উপেক্ষিত ফুলেশ্বৰী দত্তৰ এনে আদৰ্শনীয় আৰু প্ৰশংসনীয় পদক্ষেপ সন্দৰ্ভত জিলা আয়ুক্তৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীক ডাঃ পেগুৱে অৱগত কৰাৰ পাছতে অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় দত্তক। উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত প্ৰকৃতিৰ জমাদাৰ হিচাবে পৰিচিত এই শগুণৰ উদ্বেগজনক বিলুপ্তিৰ তথ্যই প্ৰকৃতি সংৰক্ষক সকলক উদ্বিগ্ন কৰি তোলাৰ বিপৰীতে এগৰাকী  নিঃস্ব মহিলাৰ এনে আত্মোৎস্বৰ্গী বন্য প্ৰাণী সংৰক্ষণৰ অনুকৰণীয় প্ৰয়াসে বিশেষ চর্চা লাভ কৰিছে ।  

প্ৰায় তিনি দশকৰো অধিক কাল প্ৰকৃতিৰ জমাদাৰক আশ্ৰয় দিয়াৰ বাবেই লাঞ্ছিত বৰ্জিত হ'বলগা হোৱা নিৰ্জু ফুলেশ্বৰী দত্তৰ ঘৰলৈ এতিয়া বৈছে জনশ্ৰুত । উদ্দেশ্য ঢকুৱাখনাৰ  লগতে কঢ়া ঘাটলৈ আজুৰি অনা বিৰল ৰাজ্যিক সন্মানৰ গৰাকীক এখন গামোচা পিন্ধাই অভিনন্দন জনোৱা । নীৰৱ নিভাঁজ প্ৰকৃতি প্ৰেমী দত্তক শুভেচ্ছা জনোৱা।

ঢকুৱাখনা অসম গৌৰৱ