আপেল বগৰী খেতিৰে স্বাৱলম্বনৰ সেন্দুৰীয়া পথেৰে আগুৱাইছে অষ্মীন-ৰানুৱে

আপেল বগৰী খেতিৰে স্বাৱলম্বনৰ সেন্দুৰীয়া পথেৰে আগুৱাইছে অষ্মীন-ৰানুৱে

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ 'মন কৰিলেই চন ,বকৰাণী মাটিতেই ধন।' অসমীয়া জনজীৱনৰ এই আপ্তবাক্য শাৰী বাস্তৱত পৰিণত কৰি দেখুৱাইছে ঢকুৱাখনা উন্নয়ন খণ্ডৰ হাৰ্হি অঞ্চলৰ এটা চহা পৰিয়ালে। কৰ্মকে ধৰ্ম হিচাবে লৈ হাৰ্হিঘাট অঞ্চলৰ কৰ্মঠ দম্পত্তি অষ্মীন কুমাৰ চেতিয়া আৰু ৰানু মনি চেতিয়াই বিগত এবছৰীয়া নিৰন্তৰ কষ্টৰ ফচল হিচাবে ইস্পিত সন্তোষজনক লাভালাভ অর্জন কৰিবলৈ সক্ষম হৈছে।

পৰম্পৰাগত ধান ,মাহ সৰিয়হ ,ৰবি শস্যৰ খেতিৰ সমান্তৰাল ভাৱে এই দম্পতিয়ে নিজৰ আৱাদী কৃষি ভূমিত ব্যতিক্ৰমী ঋতুকালীন খেতি কৰাৰ মনস্থ কৰি সংগ্ৰহ কৰে আপেল বগৰী পুলি। নিজৰ প্ৰায় ৩ বিঘা মাটি কালি চহ কৰি চেতিয়া দম্পত্তিযে জৈৱিক সাৰ প্ৰয়োগেৰে উক্ত মাটিত ৰোপণ কৰে তিনিটা উন্নত প্ৰজাতিৰ আপেল বগৰীৰ পুলি।

২০২৩ বর্ষৰ এপ্ৰিল মাহত সমগ্ৰ মাটিকালিত এই বগৰী পুলি ৰোপণ কৰি জৈৱিক সাৰ প্ৰয়োগ কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা লোমা লোমে ফচল উৎপাদন কৰিবলৈ সমৰ্থ হৈছে চেতিয়া দম্পত্তি। মাটিৰ গুণাগুণ আৰু জৈৱিক সাৰ প্ৰয়োগ সাপেক্ষে অন্য আপেল বগৰিতকৈ অধিক সুস্বাদু আৰু উৎকৃষ্ট মানৰ লগতে অধিক পৰিমাণৰ বগৰী উৎপাদন কৰি ঈর্ষণীয় অৰ্থোপার্জন কৰিবলৈ সক্ষম হৈছে দম্পত্তি।

জৈৱিক সাৰ প্ৰয়োগেৰে উৎকৃষ্ট মানৰ গুণগত ফচল উৎপাদন হোৱাৰ বাবে ঘৰতেই এখন সুকীয়া বজাৰ সৃষ্টি কৰি লবলৈ সক্ষম হৈছে এই কৰ্মঠ দম্পত্তি । সংবাদ মাধ্যমৰ আগত কষ্ট সহিষ্ণু চহা চেতিয়াই প্ৰকাশ কৰা মতে সমীপৱৰ্তী ধেমাজি ,মাছখোৱা, ঘিলামৰা ,ঢকুৱাখনা ,মাজুলী আদি অঞ্চলৰ গ্ৰাহকৰ চাহিদা অনুসাৰে এই সুস্বাদু বগৰী যোগান ধৰি আৰ্থিক ভাৱে লাভান্বিত হৈ আহিছে ।

চলিত সময়ছোৱাত এই সুস্বাদু বগৰী বিক্ৰী কৰি ইতিমধ্যে লক্ষাধিক পুঁজি অর্জন কৰিবলৈ সক্ষম হোৱা বুলি প্ৰত্যয়েৰে জানিবলৈ দি কৃষক চেতিয়াই কয় চাকৰিমুখী আৰু বৰ্হিৰাজ্য গমনমুখী প্ৰৱণতা ত্যাগ কৰি যুৱ প্ৰজন্মই এনেদৰে ঘৰতেই এনে খেতি খোলা কৰি নিশ্চিতভাৱে স্বাৱলম্বনৰ সেন্দুৰীয়া পথৰ সফল পথিক হ'ব পাৰিব। কেৱল একাগ্রতা আৰু কৰ্মোদ্যমক উপজীব্য কৰি কোনো যুৱ প্ৰজন্মই যদি এনে খেতিৰে আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামৰ সংগ্ৰামী হব খোজে তেন্তে সফল খেতিয়ক অষ্মীন কুমাৰ চেতিয়াই সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।

আপেল বগৰী খেতিৰে স্বাৱলম্বনৰ সেন্দুৰীয়া পথেৰে আগুৱাইছে অষ্মীন-ৰানুৱে
গোৱাত অনুষ্ঠিত হোৱা ভাৰত শক্তি সপ্তাহ-২০২৪ৰ দ্বিতীয়টো দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in