/asomiyapratidin/media/media_files/2025/05/21/JKXp159BE4JMDurBrfjZ.jpg)
ডিজিটেল সংনাদ, ঢকুৱাখনাঃ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক, প্ৰবীণ বৈষ্ণৱ সাধক ভোগেশ্বৰ ভৰালী আৰু নাই। হৃদৰোগত আক্ৰান্ত হৈ আজি বিয়লি প্ৰায় ৬-১০ বজাত ঢকুৱাখনা উজনি জালভাৰী গাঁওস্থিত নিজা বাসগৃহত বিশিষ্ট নাগৰিকগৰাকীৰ বৈকুণ্ঠ প্ৰয়ান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮৪ বছৰ।
উল্লেখ্য যে, পশ্চিম ঢকুৱাখনাৰ উজনি জালভাৰী গাঁৱত ১৯৪১ চনত প্ৰয়াত সিন্দুৰা ভৰালী আৰু কলীদৈ ভৰালীৰ ঔৰসত জন্মগ্ৰহণ কৰা ভোগেশ্বৰ ভৰালীয়ে অষ্টম শ্ৰেণীত উৰ্ত্তীণ হৈয়ে পদৰ্পণ কৰিছিল বৈষ্ণৱী সংস্কৃতিৰ চিৰসেউজ ক্ষেত্ৰখনত । শৈশৱৰে পৰা গ্ৰাম্য কলা-সংস্কৃতিৰ সৈতে পৰিচিত হৈ আনুষ্ঠানিক ভাৱে ১৯৭০ চনৰ পৰাই তাহানীৰ অবিভক্ত লক্ষীমপুৰ জিলাৰ বিভিন্ন অঞ্চলত ভাওনা-যাত্ৰা পাল্লা, থিয়েটাৰ, শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা, নৃত্য-নাটিকা আদিত বলিষ্ঠ অভিনয় আৰু পৰিচালনা কৰি সমগ্ৰ ৰাইজৰ প্ৰিয়ভাজন হৈ পৰিছিল।
পশ্চিম ঢকুৱাখনা-আৰু বৃহত্তৰ জালভাৰী অঞ্চলত নাট্য পৰম্পৰা আৰু সাংস্কৃতিক জাগৰণ আনিবৰ বাবে বিশিষ্ট নাগৰিকসকলৰ সৈতে বহু আপ্ৰাণ চেষ্টাৰে ১৯৭১ চনতে প্ৰতিষ্ঠা কৰিছিল "জালভাৰী নাট্য মন্দিৰ (পশ্চিম ঢকুৱাখনা ৰাজহুৱা ভৱন) আৰু ''জালভাৰী নাট্য সমাজ'' নামৰ এটি অনুষ্ঠান।
একেদৰে ১৯৭১ চনতে যোৰহাটৰ "শংকৰ ভাণ্ডাৰ"ত ভাওনা-থিয়েটাৰৰ পোচাক নিৰ্মাণ-সাজ সজ্জা, ৰূপসজ্জা আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি জালভাৰীলৈ আহি একে বছৰতে "ভৰালী পোচাক ভাণ্ডাৰ" নামেৰে এক প্ৰতিষ্ঠানৰ জন্মদিয়ে । পৰৱৰ্তী সময়ত "ভৰালী পোচাক ভাণ্ডাৰ"ৰ যোগেদি সমগ্ৰ অঞ্চলত যুৱ প্ৰজন্মৰ জৰিয়তে ভাওনা-থিয়েটাৰ আদিৰ পোছাক প্ৰস্তুত কৰি ৰাইজক মূল্যৰ বিনিময়ত যোগান ধৰি আহে।
ভাওনাৰ সৈতে সেই দিন ধৰি ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ ভৰালীয়ে অসমীয়া সংস্কৃতিৰ গৌৰৱৰ প্ৰতীক এই ভাওনা সংস্কৃতি জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছিল ৷ ১৯৭১ চনৰ পৰাই ভাওনাৰ বাবে প্ৰয়োজনীয় সাজ-পাৰ প্ৰস্তুত কৰি ভাড়ালৈ যোগান ধৰাই নহয়; অনেক ঠাইৰ লগতে শিৱসাগৰ,যোৰহাট আদিৰ পৰা মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ বিভিন্ন অংকীয়া ভাওনা, পৰম্পৰাগত থিয়েটাৰ, যাত্ৰাপাল্লা, মহাপুৰুষীয়া শতাধিক নাট সংগ্ৰহ আৰু সংৰক্ষণ কৰি আনিও ভৰালী পোচাক ভাণ্ডাৰৰ সৈতে নাটকঘৰ সংযোগ কৰি জাতীয় সাংস্কৃতিক পথাৰখনলৈ অতুল্য সেৱা আগবঢ়াই আহিছিল।
ভাওনা সংস্কৃতিকে জীৱনৰ ব্ৰত কৰি লৈ সুদীৰ্ঘ ৫০ বছৰো অধিক কাল লোক সংস্কৃতি চৰ্চাৰে পাৰ কৰি সোণালী জয়ন্তীবর্ষ গৰকা শিল্পী হিচাপে জীৱন্ত কিংবদন্তি হৈ পৰা ভৰালীৰ বিয়োগত ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্ত্তিক কলিতা, ঢকুৱাখনা জিলা পৰিষদ সদস্য প্ৰণৱ পেগু, ঢকুৱাখনা বিধান পৰিষদৰ সম্পাদক সমুজ্জল চেতিয়া, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি মৃগম পেগুৱে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।