/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/zeforymx/71b10266-a7e0-499c-84e0-aa3958149212.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সাম্প্ৰতিক সমাজত ভয়াৱহ সামাজিক ব্যাধি হিচাপে আত্মপ্ৰকাশ কৰি আহিছে নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ অবৈধ প্ৰচলনে । এখন সমাজ আৰু এটা প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি প্ৰচণ্ড ভাবুকি নমাই অনা এই মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক পৰিত্ৰাণ দিয়াৰ মানসেৰে বৃহস্পতিবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা ।
ঢকুৱাখনাৰ প্ৰেছ গীল্ড আৰু "ৰেড ৰিবন ক্লাৱ"ৰ যৌথ উদ্যোগত 'Stress Management Committee' ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠাত "ড্রাগছ বিৰোধী সজাগতা সভা" অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী , শিক্ষক আৰু সংবাদসেৱী উপস্থিত থকা সজাগতা সভাখন ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত)ৰ অধ্যক্ষ ড° যুগানন্দ সূতৰ মনোজ্ঞ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/0cwlmwhh/40df6d6e-d2bf-4775-9786-0b239ee04427.jpg)
যুৱ প্ৰজন্মক এই মাৰাত্মক ব্যাধিৰ পৰা নিজকে আঁতৰাই ৰখা আৰু অন্যকো আঁতৰাই ৰখাৰ বাবে মনোনিবেশ কৰাৰ আহ্বান ৰাখি ডঃ সূতে জনসজাগতাই এই ভয়ানক ব্যাধি উৎখাত কৰাৰ একমাত্ৰ সম্বল বুলি মন্তব্য কৰে । সভাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঞি , ঢকুৱাখনা মহকুমাৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডা: অতুল চন্দ্ৰ খাউণ্ড , ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ গীতাঞ্জলি বৰুৱা আদি সমল ব্যক্তিয়ে মানৱ শৰীৰত ড্ৰাগছৰ অপকাৰিতা, সামাজিক, গাৰ্হস্থ্য ক্ষেত্ৰত ড্ৰাগছৰ অকল্পনীয় নেতিবাচক প্ৰভাৱ আৰু ভৱিষ্যত প্ৰজন্মৰ অন্ধকাৰাচন্ন ভৱিষ্যতৰ সকলো দিশ সামৰি বিশ্লেষণাত্মক অবলোকন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/9vhoha7s/1274bbe9-63d1-4e0a-b35a-d44fe943883d.jpg)
উল্লেখ্য যে আৰক্ষীৰ সোপাধিলা স্থিতি আৰু এচাম অৰ্থলোভীৰ কৌশলী নীতিৰ বাবেই ঢকুৱাখনাৰ সৰ্বত্ৰতে বৰবিহ ড্ৰাগছৰ মুকলি বেহা উপলব্ধ হৈ আহিছে । এইক্ষেত্ৰত ঢকুৱাখনা আৰক্ষীৰ মৰটোপনিৰ বিপৰীতে যুৱ প্ৰজন্মক এই ভয়ানক জালৰ পৰা উদ্ধাৰ কৰাৰ লক্ষ্যৰে এই সজাগতা সভা অনুষ্ঠিত কৰাত ৰাইজ অভিভাৱক সকলে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।
Also Read: চানমাৰিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন