লখিমপুৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰৰ বিশেষ তৎপৰতাঃ মুকলি কৰিলে ইনপুট নম্বৰ...

লখিমপুৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰৰ বিশেষ তৎপৰতাঃ মুকলি কৰিলে ইনপুট নম্বৰ...
লখিমপুৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰৰ বিশেষ তৎপৰতাঃ মুকলি কৰিলে ইনপুট নম্বৰ...

ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আই পি এছ বিষয়া আনন্দ মিশ্ৰই। জিলাখনত বছৰ বছৰ ধৰি অব্যাহত থকা নকল সোণ, নকল নোট আদি অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা।

ইয়াৰ বাবে তেওঁ আজি মুকলি কৰিছে এটা বিশেষ ইনপুট নম্বৰ। তেওঁ মুকলি কৰা এই ইনপুট নম্বৰটো হৈছে ৬০০০৮১৫৭৯৯। এই নম্বৰৰ জৰিয়তে সকলো লোকে নকল সোণ, নকল নোটৰ লগতে আন যিকোনো অপৰাধৰ বিষয়ে অৱগত কৰিব পাৰিব।

উল্লেখ্য যে, জোনমণি ৰাভা কাণ্ডই সৃষ্টি কৰা বিতৰ্কৰ মাজতে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লাভ কৰিছে আনন্দ মিশ্ৰই। তেওঁক জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব দিয়াৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও তাৎপৰ্যপূৰ্ণ ভাৱে লখিমপুৰৰ পৰা চলি থকা নকল সোণ আৰু নকল নোটৰ ব্যৱসায় এমাহৰ ভিতৰত উৎখাত কৰা হ'ব বুলি উল্লেখ কৰিছিল।

ইয়াৰ পাছতে আনন্দ মিশ্ৰই জিলাখনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই অবৈধ ব্যৱসায় সন্দৰ্ভত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। আজি তেওঁ জিলাখনৰ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আগন্তুক কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰিছে।

সকলোৱে আশা কৰিছে তেওঁ জিলাখনৰ পৰা এই অপৰাধ নিৰ্মূল কৰিব পাৰিব। অৱশ্যে সুদীৰ্ঘ প্ৰায় ৪০ বছৰৰো অধিক কাল ধৰি লখিমপুৰৰ বিহপুৰীয়াকে ধৰি একাংশ অঞ্চলত নকল সোণ আৰু নকল নোটৰ যি বেহা চলি আহিছে সেই বেহাক সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিব পাৰিবনে নাই সেয়া সময়েহে ক'ব।

কিয়নো এই অবৈধ বেহাৰ বা এই অবৈধ চক্ৰটোৰ সৈতে আৰক্ষী কনিষ্টবলৰ পৰা শীৰ্ষ বিষয়ালৈ সকলো জড়িত থকাৰ মুকলি অভিযোগ উত্থাপন হৈছে। আনকি এই নকল সোণ আৰু নকল নোটৰ বেহাৰ টকাই বহু আৰক্ষী বিষয়াৰ পকেট গৰম কৰে বুলিও মুকলিকৈয়ে প্ৰকাশ কৰিছে এই বেহাৰ সৈতে জড়িত হৈ জে'ললৈ যোৱা একাংশ অপৰাধীয়ে। এতিয়া লক্ষণীয় হ'ব এই গোটই চক্ৰটোক কিদৰে আনন্দ মিশ্ৰই উৎখাত কৰিব।

লখিমপুৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰৰ বিশেষ তৎপৰতাঃ মুকলি কৰিলে ইনপুট নম্বৰ...
হাজোৰ বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in