/asomiyapratidin/media/media_files/2025/02/07/nLCQC6uoqiWA5oFg0Laj.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ''ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ একমাত্ৰ ধৰ্মীয় লোক উৎসৱ আলি আয়ে: লৃগাং। জনগোষ্ঠীটোৰ কৃষিভিত্তিক এই লোক উৎসৱটোকলৈ ৰাজনীতিকৰণ কৰাটো জনগোষ্ঠীয় ৰাইজ আৰু জাতীয় সংগঠনৰ কাম্য নহয়। কোনো ৰাজনৈতিক দল বা সংগঠনকে মাংগলিক লোক উৎসৱটোৰ স্বকীয় মৰ্যাদা আৰু ধৰ্মীয় পৰম্পৰাত কুঠাৰাঘাট কৰি ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত এই উৎসৱতো উদযাপন কৰিবলৈ এৰি দিয়া নহ'ব।''
মিচিং জনগোষ্ঠীৰ অন্যতম অভিভাৱক জাতীয় সংগঠন মিচিং বানে কৌবাংৰ কঠোৰ সকীয়নী এয়া। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই সকীয়নী প্ৰদান কৰে কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মৃগাং ইন্দ্ৰ কুমাৰ চুংক্ৰংয়ে ।
শুকুৰবাৰে ঢকুৱাখনাৰ ভিতৰ বগৰিগুৰিত অনুষ্ঠিত মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ খেৰকটা আঞ্চলিকৰ এখন যৌথ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে চুংক্ৰাংয়ে। ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত খেৰকটাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত অহা ১৯ আৰু ২০ ফেব্ৰুৱাৰীত টেকেলিফুটাৰ গুটুং বগৰীগুৰি গাঁৱত অনুষ্ঠিত হ'বলগা কেন্দ্ৰীয় আলি আয়ে লৃগাংৰ আয়োজনকলৈ অনুষ্ঠিত জাতীয় সংগঠনৰ বিশেষ সভাত বিষয়টোক লৈ বিস্তৃত আলোচনা কৰা হয় ।
সভাত জনগোষ্ঠীয় ধৰ্মীয় পৰম্পৰা আৰু মিচিং বানে কৌবাংৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰি ৰাজনৈতিক মুনাফা অর্জনৰ হাথিয়াৰ হিচাবে লোক উৎসৱটোক ব্যৱহাৰ কৰিবলৈ প্ৰদেশ যুৱ কংগ্ৰেছে গ্ৰহণ কৰা অবিবেচকী পদক্ষেপৰ কটু সমালোচনা কৰা হয় । সভাত উপস্থিত গৰিষ্ঠ সংখ্যক নেতৃত্বই এনে জাতিয় পৰম্পৰা বিদ্ৰোহী পদক্ষেপৰ একেমুখে বিৰোধিতা কৰে ।
২০১৭ চনতে জুনাইত বানে কৌবাংয়ে গ্ৰহণ কৰা চনদ আৰু সিদ্ধান্ত দোহাৰী চুংক্ৰাংযে কয় কোনো ৰাজনৈতিক দল কিম্বা সংগঠনে ৰাজহুৱা মঞ্চত লৃগাং পাতি, অতিথি নিমন্ত্ৰণ কৰি, সাংস্কৃতিক সন্ধিয়া পাতি লৃগাংৰ মাংগলিক স্বকীয় গৰিমা বিনষ্ট নকৰিবলৈ স্পষ্ট নিৰ্দেশনা দিয়া আছে। এয়া এক জাতীয় সাৰ্বজনীন নিৰ্দেশনা ।
এনে নিৰ্দেশনা উলংঘা কৰি যদি যিকোনো ৰাজনৈতিক দল বা সংগঠনে নিজৰ সাংগঠনিক ভেঁটি গঢ়িবলৈ জাতীয় লোক উৎসৱতোক ৰাজনৈতিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰে তেন্তে এনে জাতীয় স্বাভিমান বিৰোধী শক্তিৰ হঠকাৰী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰা হ'ব । কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ শীর্ষ বিষয়ববীয়াজনে কয় এই পবিত্ৰ মাংগলিক কাৰ্য মাংগলিক হিচাবে থাকিবলৈ দিয়ক।
ইয়াক কোনো ৰাজনৈতিক দলে দলীয় স্বাৰ্থত নিৰ্বাচনমুখী সাংগঠনিক ভেঁটি গঢ়াৰ মঞ্চত ব্যৱহাৰ কৰাটো মানি লোৱা নহ'ব। সেয়ে প্ৰদেশ যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিক এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ।
জনগোষ্ঠীয় লোক উৎসৱটোৰ স্বকীয়তা আৰু গৰিমা ম্লান নকৰি লৃগাংৰ নামত ৰাজনিতী নকৰিবলৈকো মুকলি সকীয়নী প্ৰদান কৰে চুংক্ৰাংয়ে । উল্লেখযোগ্য যে, অসম প্ৰদেশ যুৱ কংগ্ৰেছে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ অন্তৰ্গত খেৰকটাৰ বকুলগুৰিত কেন্দ্ৰীয় ভাবে দুদিনীয়াকৈ লৃগাং অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
যুৱ কংগ্ৰেছে ইতিমধ্যে মূল মণ্ডপ আৰু অতিথি শালাৰ অস্থায়ী নিৰ্মাণ পৰ্ব আৰম্ভ কৰিছে। এই লৃগাং উৎসবলৈ সাংসদ গৌৰৱ গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী কংগ্ৰেছ নেতা উপস্থিত থকাৰ কথা দলীয় সূত্ৰই প্ৰকাশ কৰিছে। এনে প্ৰেক্ষাপটত তিনি মিচিং জাতীয় সংগঠনৰ উপৰিও জনগোষ্ঠীটোৰ অভিভাৱক সংগঠন বানে কৌবাংৰ বিপৰীত মেৰুত অৱস্থানৰ লগতে নৈতিক বিৰুদ্ধাচৰণে সুকীয়া ইংগিত বহন কৰিছে ।