/asomiyapratidin/media/media_files/2025/02/19/40kys2vaE3shVvcUxwn8.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত উৎসাহ উদ্দীপনাৰ মাজেৰে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে স্বগোষ্ঠীৰ লোক উৎসৱ আলি আঃয়ে লৃগাং । মিচিং জনগোষ্ঠীসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বুধবাৰে পুৱা লৃগৎ কৰি কৃষি ভিত্তিক উৎসৱৰ আৰম্ভণি কৰে।
জনগোষ্ঠীয় চহা ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি গুমৰাগ চমান, ঐনিতম গাই আনন্দ উল্লাসত মতলীয়া হৈ পৰে। কণ কণ শিশুৰ পৰা বৃদ্ধ-বৃদ্ধা পৰ্যন্ত সকলো ৰাইজে সমন্বয় আৰু সম্প্ৰীতিৰ বাণী বিলাই লোক উৎসৱৰ পৰম্পৰাৰে সম্পৃক্ত হয়।
ঢকুৱাখনা সমজিলাৰ উজনি ইন্দুৰ গাঁৱৰ মুৰং অকুমতো চহা ৰাইজে অনুষ্ঠিত কৰে প্ৰাণৰ লৃগাং উৎসৱ। লৃগৎ পৰ্ব সম্পন্ন হোৱাৰ পাছতে জনগোষ্ঠীয় ৰাইজে একত্ৰিত হৈ মুৰং অকুম প্ৰাঙ্গনত গুমৰাগ নৃত্যৰে আকাশ-বতাহ ৰঙীন কৰি তোলে ৷
ঢকুৱাখনাৰ সম-জিলাৰ প্রান্তে প্রান্তে গোমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। জনগোষ্ঠীয় বসতি প্ৰধান বিভিন্ন গাৱত বুধবাৰে দিনজোৰা বর্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে মিচিং জনগোষ্ঠীৰ লোকসকলৰ পৱিত্ৰ উৎসৱ "আলি-আ:য়ে-লৃগাং"।
ঐক্য ভাতৃত্ব বোধৰ লগতে চহা প্ৰাণৰ পৰম্পৰা অক্ষুন্ন ৰাখি আনন্দ উচাহত মতলীয়া হোৱা জনগোষ্ঠীৰ ৰাইজে পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু লোক পানীয়ৰে প্ৰাণৰ উৎসৱত বিলীন হৈ যায়। মাজ ইন্দুৰ গাঁৱৰ গাম দেৱেশ্বৰ লাগাচোৱে দলুং কেংবাংৰ সভাপতি পুলেন লাগাচো, জাতীয় সংগঠনৰ নেতা অমৃত দলে, ৰাজকুমাৰ লাগাচো, শিক্ষক অশ্বীনি কুমাৰ মিচঙ মনোজ মিচঙৰ লগতে সমূহ গাঁওবাসী উপস্থিত থাকে। ইয়াৰোপৰি বৃহত্তৰ পূব ঢকুৱাখনাৰ মাজ ইন্দুৰ ,পশ্চিম লাইপুলিয়া, অভয়পুৰ লাচং ,দক্ষিণ চাপৰি ,ভোমা মিৰি, মাতমৰা আদি সকলো গাঁওত এই লোক উৎসৱ পালন কৰা হয় ।