ৰঙানদীৰ পাৰৰ জনতাৰ জীৱন, সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙাজান বৰবিলৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে তেওঁক সাক্ষাৎ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে। 

author-image
Asomiya Pratidin
New Update
ৰঙানদীৰ পাৰৰ জনতাৰ জীৱন, সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

ডিজিটেল ডেস্কঃ ৰঙানদী বান্ধৰ এৰি দিয়া পানীৰ ফলত লখিমপুৰত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল ২ জুন, ২০২৫ সোমবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজলৈ আহি পৰিস্থিতি বুজ লোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে। 

Advertisment

তাৰোপৰি তেওঁ পৰিদৰ্শন কৰে ভগ্ন মথাউৰিও। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙাজান বৰবিলৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে তেওঁক সাক্ষাৎ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে। 

দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে প্ৰতি বছৰে নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই ইয়াৰ নামনিত নদীখনৰ দুয়োপাৰে বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি বিপদাপন্ন কৰাৰ কথা উল্লেখ কৰি দুয়ো পাৰৰ মথাউৰি বিজ্ঞানসন্মত ভাৱে পুনৰ নিৰ্মাণ কৰি নৈ পৰীয়া জনসাধাৰণৰ জীৱন, সম্পত্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। 

আজি মুখ্যমন্ত্ৰীগৰাকীক এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত লখিমপুৰ জিলা সমিতিৰ সভাপতি জগত শইকীয়া, সাধাৰণ সম্পাদক অৰুণ গগৈ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মাৰ লগতে জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া আৰু উত্তৰ লখিমপুৰ, আজাদ তেলাহী আৰু কমলাবাৰীয়া আঞ্চলিক সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

ড০ হিমন্ত বিশ্ব শৰ্মা এ জে ৱাই চি পি ৰঙানদী