ডিজিটেল সংবাদ ঢকুৱাখনাঃ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা বুধবাৰে অনুষ্ঠিত হয়। ধেনুখণা আঞ্চলিকৰ বাটমৰীত অনুষ্ঠিত হয় সভাখন।
আঞ্চলিকখনৰ জ্যেষ্ঠ অগপ নেতা পূৰ্ণচন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে
অগপ ঢকুৱাখনা বিধান সভা সমষ্টিৰ সাধাৰণ সম্পাদক সমুজ্জল চেতিয়াই। বিধান পৰিষদৰ সভাপতি মহেশ দলে, সম্পাদক সুৰেন চাংমাই , বিত্ত সম্পাদক নিতুল বৰা, প্ৰবীণ আঞ্চলিক নেতা
নবীন গগৈ, নয়ন কুমাৰ শইকীয়া আদি সভাত উপস্থিত থাকে।
সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সদস্য প্ৰাঞ্জল দিহিঙীয়া, অগপ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি মহেশ কুমাৰ দলে, নিতুল বৰা, সুৰেন চাংমাই আদিয়ে সভাত বক্তব্য আগবঢ়াই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়াই। পঞ্চায়তখনত আঞ্চলিকতাবাদৰ সুস্থ সবল বুনিয়াদ অটুট ৰখাৰ বাবে দুগুণ উৎসাহেৰে নিষ্ঠবান কৰ্মীসকলক আত্মনিয়োগ কৰাৰ আহ্বান জনায় শীর্ষ নেতৃত্ব সকলে।
জনাকীৰ্ণ সভাত মৃদুল দত্তক সভাপতি আৰু জিতেন চুতীয়াক সম্পাদক হিচাপেলৈ এখন ২১ জনীয়া আঞ্চলিক তদৰ্থ সমিতি গঠন কৰা হয়। সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলৰ সাংগঠনিক ভেঁটি সৱলীকৰণ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়ি জযোৱাৰ পৰামৰ্শ আগবঢ়াই।