আঞ্চলিক দল অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টি গঠন...

ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ঢকুৱাখনাত থকা সৱল সাংগঠনিক ভেঁটিৰ বুকুচাত উঠিয়ে ৰাজপাট দখল কৰিবলৈ সক্ষম হৈছিল নৱ কুমাৰ দলেয়ে।

author-image
Tushar Pratim
New Update
আঞ্চলিক দল অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টি গঠন...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ঢকুৱাখনাত থকা সৱল সাংগঠনিক ভেঁটিৰ বুকুচাত উঠিয়ে ৰাজপাট দখল কৰিবলৈ সক্ষম হৈছিল নৱ কুমাৰ দলেয়ে। পৰিৱৰ্তিত সময়ত আঞ্চলিক দলটোৰ মজিয়া এৰি গেৰুৱা বসন পিন্ধিলে একালৰ আঞ্চলিক ৰাজনৈতিক নেতাগৰাকীয়ে । 

Advertisment

ঢকুৱাখনা বিধানসভা সমষ্টিত আঞ্চলিকতাবাদৰ ভেঁটি মজবুত হোৱাৰ পৰৱৰ্তী সময়ত গেৰুৱা দলৰ সৈতে মিত্ৰতাৰ বান্ধোনত বান্ধ খালে অগপ। কিন্তু এই ৰাজনৈতিক মিত্ৰতাৰ নামত আচলতে গেৰুৱা দলটোৱে আঞ্চলিক দলটোক কৰি আহিলে চূড়ান্ত প্ৰতাৰণা বঞ্চনা।

আঞ্চলিক দল অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টি গঠন...

এই সন্দৰ্ভত বিগত সময়ত সমষ্টি সমিতিখনে গ্ৰহণ কৰি অহা নিৰ্লিপ্ত ভূমিকাৰ মুকলি আলোচনা হোৱাৰ পিছত ভংগ কৰা হৈছিল সমষ্টি সমিতিখন। গঠন কৰা হৈছিল আহ্বায়ক সমিতি। এই আহ্বায়ক সমিতিৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় দলৰ সাধাৰণ পৰিষদৰ সভা।

এক স্বকীয় ৰাজনৈতিক সংকল্পৰে ঢকুৱাখনাত সমাগত পৰিষদিয় নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গঠন কৰা হ'ল ঢকুৱাখনা বিধান পৰিষদ সমষ্টি সমিতি। ঢকুৱাখনা সমষ্টি সমিতিৰ স্থায়ী কাৰ্য্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা।

লখিমপুৰ জিলা অগপৰ সভাপতি দীপক বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত সভাত সমষ্টি সমিতিৰ ৩০ খন আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু দলীয় কৰ্মীসকলৰ লগতে দলৰ জ্যেষ্ঠ নেতা কৰ্মীসকল উপস্থিত থাকে। পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা সাধাৰণ সভাখন কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দেউতী দাসে উদ্বোধন কৰে। 

আঞ্চলিক দল অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টি গঠন...

সভাত প্ৰবীণ অগপ নেতা ৰবীন খনিকৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ধনমনি দত্ত, প্ৰেম বৰুৱা, হৰিচন্দ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক দলীয় কৰ্মকর্তা উপস্থিত থাকে। সভাত আঞ্চলিকতাবাদৰ ধ্বজা সাৰ্বজনীন ভাৱে উৰুৱাই আঞ্চলিক দলটোৰ সাংগঠনিক ভেঁটি অধিক মজবুত কৰাৰ সংকল্পৰে প্ৰতিগৰাকী নেতা কৰ্মী আগুৱাই অহাৰ আহ্বান জনোৱা হয়।

তাৰেই লক্ষ্যৰে প্ৰবীণ অগপ নেতা দুলাল দত্তক সভাপতি ,সমুজ্জল চেতিয়া, নবীন পেগুক যুটীয়া সম্পাদক, উপসভাপতি হিচাবে মিনাৰাম পেগু ,হৰেন দত্ত,সুৰেন চাংমাই,ৰঞ্জিত বৰা আৰু কালোৰাম দলে আৰু বিত্ত সম্পাদক হিচাবে নিতুল বৰাকলৈ এখন ৪১জনীয়া শক্তিশালী বিধানসভা সমষ্টিখন গঠন কৰা হয়।

নৱগঠিত সমষ্টি সমিতিখনে প্ৰবঞ্চক, প্ৰতাৰক গেৰুৱা দলটোৰে স্থানীয়ভাৱে মিত্ৰতা ভংগ কৰি অনাগত সময়ত একক ভাৱে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব বুলি জানিবলৈ দিলে নিৰ্বাচিত সভাপতি দুলাল দত্তই। 

নৱ কুমাৰ দলে অসম গণ পৰিষদ ঢকুৱাখনা