/asomiyapratidin/media/media_files/2025/05/26/DHSOhl66fTqm1wQB6KUj.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ক্ৰমাৎ যেন মূৰৰ পৰা গেলিব ধৰিছে লখিমপুৰ জিলাৰ একমাত্ৰ আদৰ্শ বিদ্যালয়খন। বিতৰ্কই যেন লগ নেৰা হৈছে আদৰ্শ বিদ্যালয়, ঘিলামৰাক। আদৰ্শ বিদ্যালয়, ঘিলামৰাৰ অদক্ষ অধ্যক্ষ লক্ষজিৎ হাজৰিকাই সীমাহীন দুৰ্নীতি অনিয়ম আৰু বিত্তীয় কেলেংকাৰীৰ ক’লা অধ্যায় "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ধাৰাবাহিক ভাবে উন্মোচিত হোৱাৰ পাছত পুনৰ এক অনিয়ম, বেপৰোৱামীৰ তথ্য পোহৰলৈ আহিছে।
এইবাৰ বিদ্যালয়খনত অস্থায়ী অতিথি শিক্ষক (Guest Teacher) নিযুক্তিৰ বেলিকা সাংঘাতিক অনিয়ম আৰু স্বজন তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ আৰু তথ্য হাতলৈ আহিছে। সংগৃহীত তথ্য মতে বিদ্যালয়খনত ক’লা আৰু গণিত বিষয়ত পাঠদানৰ বাবে অতিথি শিক্ষকৰ দুটা পদৰ বাবে যোৱা ১৩ মে'ত এ ভি/ঘিলামৰা/ বিজ্ঞাপন/২০২৫/২৮৪ বিজ্ঞাপন জাৰি কৰিছিল বিতৰ্কিত অধ্যক্ষ লক্ষজিৎ হাজৰিকাই।
সেই অনুসৰি গণিত বিভাগৰ পদত ৪ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল। যোৱা ২০ মে'ত বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ। সাক্ষাৎকাৰত উপস্থিত আৱেদনকাৰীসকল আছিল ক্ৰমে চিমি হিলৈদাৰী, পৰিশিখা বৰগোহাঞি, টুটু ৰঞ্জন চেতিয়া আৰু জেৰিনা কোচ।
তাৎপৰ্যপূৰ্ণ ভাবে অধ্যক্ষগৰাকীয়ে কোনো উক্ত বিষয়ৰ বিশেষজ্ঞ শিক্ষকৰ জৰিয়তে প্ৰাৰ্থীৰ সাক্ষাৎকাৰৰ ব্যৱস্থা গ্ৰহণ নকৰি বিদ্যালয়ৰে ৫ গৰাকী অনভিজ্ঞ, অদক্ষ শিক্ষয়িত্ৰীৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ পৰ্বতো সম্পন্ন কৰাৰ ফন্দি পাতে। সেই অনুক্ৰমে বিদ্যালয় পৰিচালনা সমিতি কিম্বা অন্য বিভাগীয় দায়িত্বশীল বিষয়াৰ অনুপস্থিতিত বিদ্যালয়ৰে কেইগৰাকীমান অভিজ্ঞতাহীন শিক্ষয়িত্ৰী ক্ৰমে হেনা নন্দী, লিজা শইকীয়া আৰু সুনয়না গগৈৰ জৰিয়তে যোৱা ২০ মে'ত এই সাক্ষাৎকাৰ প্ৰক্ৰিয়া সমাপন কৰে।
পৰৱৰ্তী সময়ত অধ্যক্ষ হাজৰিকাই যোৱা ২০ মে'ত জাৰি কৰা এ ভি/ঘিলামৰা/ বিজ্ঞাপন/২০২৫/২৮৭ নম্বৰৰ জৰিয়তে গণিত বিষয়ৰ শিক্ষক হিচাবে চিমি হিলৈদাৰীক নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে। অধ্যক্ষ হাজৰিকা আৰু নিযুক্তি ব’ৰ্ডৰ সদস্য অনভিজ্ঞ শিক্ষয়িত্ৰীসকলে গণিত বিষয়ত যিগৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰিলে তাক দেখি স্তম্ভিত ঘিলামৰাৰ শিক্ষাসদী সমাজ, অভিভাৱক আৰু সামাজিক সংগঠন।
বিজ্ঞাপনটোত গণিত বিষয়ৰ শিক্ষকৰ পদৰ বাবে বিজ্ঞান শাখাৰ স্নাতক, স্নাতকোত্ত হোৱাৰ লগতে স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি এড, ডি এল এড ডিগ্ৰী থকা প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছিল। তাৰোপৰি বি এড ডিগ্ৰী থকা আৰু টেট উত্তীৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি স্পষ্টকৈ জাননী জাৰি কৰিছিল।
সেই মতে এই পদত নিয়মীয়া বি এড ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী কেৱল এগৰাকী প্ৰাৰ্থী টুটু ৰঞ্জন চেতিয়াই আবেদন কৰিছিল। যাৰ বিদ্যায়তনিক অৰ্হতাও অধিক সন্তোষজনক অন্য প্ৰাৰ্থীসকলৰ তুলনাত। কিন্তু অধ্যক্ষ আৰু তেওঁৰ দৃষ্টিত যোগ্য বিবেচিত বিদ্যালয়ৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা শিক্ষক নিৰ্বাচনী ব’ৰ্ডৰ সদস্যসকলে নিজৰ অনভিজ্ঞতা আৰু বেপৰোৱা পদক্ষেপৰ বাবে যোগ্য অৰ্হতা বিশিষ্ট প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰাৰ পৰিবৰ্তে কম অৰ্হতা আৰু তুলনামূলকভাৱে কম যোগ্যতা সম্পন্ন প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰি চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ নির্লজ্জ প্ৰদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতকলৈ ভয়ংকৰ হেতালি খেলিলে।
তাৎপৰ্যপূৰ্ণ বিষয় হ’ল দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ আৰু অপৰিপক্ক শিক্ষয়িত্ৰীসকলে যোগ্য প্ৰাৰ্থীৰ বি এড ডিগ্ৰীৰ গ্ৰহণযোগ্যতা অস্বীকাৰ কৰি, কেৱল স্বজন তোষণৰ যোগ্যতাৰে নিঅছ ডি এল এড অৰ্হতা বিশিষ্ট প্ৰাৰ্থীক নিৰ্বাচিত কৰি চূড়ান্ত অবিবেচকী চৰিত্ৰ প্ৰকট কৰিলে। ৰাজ্য চৰকাৰে এনে "নিঅছ" ডি এল এডৰ যোগ্যতা নাকচ কৰি ৰখাৰ পাছতো নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ অধ্যক্ষৰ নেতৃত্বত এই অনভিজ্ঞ শিক্ষয়িত্ৰীসকলে বি এড ডিগ্ৰীধাৰী যোগ্যতা সম্পন্ন প্ৰাৰ্থীক অযোগ্য বিবেচনা কৰাত প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে সমগ্ৰ ঘিলামৰাত।
উত্থাপিত অভিযোগ মতে অধ্যক্ষ হাজৰিকাৰ শ্ৰুতলিপি অনুসৰি অপৰিপক্ক শিক্ষয়িত্ৰী কেইগৰাকীযে কেৱল মহিলা শিক্ষয়িত্ৰীয়ে ভৰি থকা অৰ্থাৎ এজনো পুৰুষ শিক্ষক নথকা বিদ্যালয়খনত পুনৰ এগৰাকী মহিলা প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈকে চৰকাৰী নীতি নিৰ্দেশনা ,বিভাগীয় নীতি নিয়ম জলাঞ্জলি দি যোগ্য প্ৰাৰ্থীক বঞ্চনা কৰাৰ নির্লজ ধৃষ্টতা প্ৰদৰ্শন কৰিলে। ইপিনে অধ্যক্ষ আৰু বেপৰোৱা শিক্ষয়িত্ৰীসকলৰ ষড়যন্ত্ৰৰ বাবেই নিযুক্তিৰ পৰা বঞ্চিত হ’ল প্ৰাৰ্থী টুটু ৰঞ্জন চেতিয়া।
তেওঁ এনে পক্ষপাতী আৰু ক্ৰুটিপূৰ্ণ প্ৰক্ৰিয়াৰ প্ৰতিবাদ কৰি ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰ বিষয়া মিতা বৃন্দা গগৈক যোৱা ২২ মে'ত আৰু লখিমপুৰ জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ বিষয়াক ২২ মে'ত লিখিত অভিযোগ প্ৰদান কৰে। য’ত নিযুক্তি প্ৰক্ৰিয়া আৰু নিৰ্বাচিত প্ৰাৰ্থীৰ অৰ্হতা তাৎক্ষণিক তদন্ত কৰা, যদি নিৰ্বাচিত প্ৰাৰ্থী অযোগ্য বুলি ধৰা পৰে তেন্তে নিৰ্বাচন প্ৰক্ৰিয়া পৰ্যালোচনা কৰি বাতিল কৰা আৰু মূল বিজ্ঞাপনত উল্লেখ কৰা যোগ্যতা আৰু যোগ্যতাৰ মাপ কাঠি অনুসৰি যোগ্য প্ৰাৰ্থীত্বৰ পুনৰ বিবেচনা কৰাৰ আহ্বান জনাই শিক্ষানুষ্ঠানখনৰ নিযুক্তিৰ ক্ষেত্রত ন্যায় আৰু স্বচ্ছতা বর্তাই ৰখাৰ স্বাৰ্থত জৰুৰী হস্তক্ষেপ কামনা কৰে।
আদৰ্শ বিদ্যালয় সংগঠন- অসম দ্বাৰা পৰিচালিত এইখন সপোনৰ বিদ্যাৰ মন্দিৰকলৈ নির্লজ হেতালি খেলি পৰ্বতসম বিত্তীয় কেলেংকাৰী সৃষ্টি কৰি বেতন বন্ধৰ দৰে বিভাগীয় অনুশাসনমূলক শাস্তিৰ সন্মুখীন হোৱা অধ্যক্ষজনে পুনৰ উচ্চ শিক্ষিত নিবনুৱাক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ খেলা নিকৃষ্ট খেলখনে পুনৰ শিক্ষানুষ্ঠানখনক চৰ্চাৰ কেন্দ্ৰ বিন্দু কৰি তুলিছে।
ঘিলামৰাৰ শৈক্ষিক স্বাভিমানত কলংক সনা এইজন অদক্ষ অধ্যক্ষৰ কৰাল গ্ৰাসৰ পৰা চি বি এছ ই পাঠ্যক্ৰমৰ আদর্শ বিদ্যালয়খন উদ্ধাৰ কৰিবলৈ তাৎক্ষণিক ভাৱে হাজৰিকাক নিলম্বন কৰি এগৰাকী দক্ষ অধ্যক্ষক নিযুক্তি দিয়াৰ ৰাজহুৱা দাবী উত্থাপিত হৈছে। উল্লেখ্য যে শেহতীয়া ভাবে এইগৰাকী অধ্যক্ষৰ কিছুমান বিতৰ্কিত মুহূৰ্তৰ ফটো অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰিছে। সামাজিক মাধ্যমত বহুল প্ৰচাৰ হোৱা এনেবোৰ বিতৰ্কিত ফটোৱে পুনৰ ঘিলামৰাৰ হাটে বাটে চৰ্চাৰ বিষয় হৈ পৰিছে।