আদৰ্শ বিদ্যালয় ঘিলামৰাত অধ্যক্ষৰ দৌৰাত্ম্য: শিক্ষা বিষয়াৰ কাৰণ দৰ্শোৱা জাননী

আদৰ্শ বিদ্যালয়ৰ ধন লুণ্ঠনৰ ফন্দি কৰা ঘিলামৰাৰ এজন অধ্যক্ষৰ দৌৰাত্ম্যই ঘিলামৰাত প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। শিক্ষা বিষয়াই জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।

author-image
Tushar Pratim
New Update
আদৰ্শ বিদ্যালয় ঘিলামৰাত অধ্যক্ষৰ দৌৰাত্ম্য: শিক্ষা বিষয়াৰ কাৰণ দৰ্শোৱা জাননী

ডিজিটেল সংবাদ, ঢকুৱাখনা: আদৰ্শ বিদ্যালয় সংগঠন অসমৰ এটা মহৎ উদ্দেশ্যক লুণ্ঠনৰ ফন্দি কৰা ঘিলামৰাৰ এজন অধ্যক্ষৰ দৌৰাত্ম্যই ঘিলামৰাত প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। ঘিলামৰা সদৰত ২০২৩ চনত স্থাপন কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ চি) অন্তৰ্ভুক্ত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়, ঘিলামৰাৰ অধ্যক্ষ লক্ষজিৎ হাজৰিকাই চৰকাৰী পুঁজিক পৈত্রিক সম্পত্তি গণ্য কৰি নীতি বৰ্হিভূত প্ৰক্ৰিয়াৰে নিজৰ লগতে অন্য ব্যবসায়িক প্ৰতিষ্ঠানলৈ ট্ৰেন্সফাৰ কৰি বিত্তীয় অনিয়মৰ সূত্ৰপাত ঘটাইছিল।

Advertisment

বিদ্যালয়ৰ বিপৰীতে আবন্তিত মধ্যাহ্ন ভোজনৰ পুঁজি ফাৰ্নিচাৰ দোকানৰ গৰাকীলৈ, নিজৰ ব্যক্তিগত একাউণ্টলৈ প্ৰেৰণ কৰা, বিদ্যালয়ৰ বিপৰীতে আবন্তিত ক্ৰীড়া সামগ্ৰী ক্ৰয়ৰ চৰকাৰী পুঁজি অপব্যৱহাৰ কৰাকে প্ৰমুখ্য কৰি অজস্ৰ বিত্তীয় অনিয়ম সংঘটিত কৰা অধ্যক্ষ শইকীয়াৰ এনে দুৰ্নীতিপৰায়ন কাণ্ড সন্দৰ্ভত অৱগত হৈ ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা, ঘিলামৰা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা মহকুমা সমিতিযে ৰাজহুৱা অনুষ্ঠানটোক অনিয়মৰ ভুস্বর্গ কৰি তোলা অধ্যক্ষ হাজৰিকাৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবীৰে ঢকুৱাখনা সমজিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ।

অসমীয়া প্ৰতিদিন ডিজিটেলত এই সন্দৰ্ভত উথাপিত ৰাজহুৱা অভিযোগ সম্বলিত বাতৰি প্ৰকাশ হৈছিল । বাতৰি প্ৰকাশ হোৱাৰ পাছতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বিষয়টো বৰদলনীৰ ঘিলামৰা শিক্ষা খণ্ডৰ অন্তৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চুমী শইকীয়াই যোৱা ২ এপ্ৰিলত বিদ্যালয়খনত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে। শিক্ষা খণ্ডটোৰ একাংশ দায়িত্বশীল কৰ্মচাৰীৰ সহযোগত চলোৱা প্ৰাথমিক তদন্ত কালত বিদ্যালয়খনৰ অভ্যন্তৰত চলি থকা অধ্যক্ষগৰাকীৰ বেপৰোৱামী আৰু দায়িত্বহীন পৰিচালনা, বিতৰ্কিত কাৰু কাৰ্য দেখি দলটো স্তম্ভিত হয়। 

জনা মতে শিক্ষা বিষয়াগৰাকীয়ে পৰিদৰ্শন কালত অধ্যক্ষগৰাকীৰ কাৰ্য্যালয়ত স্বত্বাধিকাৰীৰ ছীল, স্বাক্ষৰ, সামগ্ৰীৰ নাম ,পৰিমান নথকা উকা ভাউচাৰ( ৰচিদ) বহী , বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ব্যয়ৰ খতিয়ানৰ নথি সঠিক ভাবে নৰখা, কেচ বুক আৰু ভাউচাৰত প্ৰকৃত ছীল স্বাক্ষৰ উপলব্ধ নথকাকৈ ক্ৰুটিপূৰ্ণ পদ্ধতিৰে ৰখাতো প্ৰত্যক্ষ কৰি স্তম্ভিত হয়। প্ৰধানকৈ ঘিলামৰা দৈনিক বজাৰৰ এখন গেলামালৰ সামগ্ৰীৰ দোকানৰ নামত থকা এখন উকা ৰচিদ বহী প্ৰত্যক্ষ কৰি এনে অবৈধ কাৰ্যৰ বাবে অধ্যক্ষজনক কাৰ্য্যালয়তে সকীয়নী প্ৰদান কৰে ।

পৰৱৰ্তী সময়ত শিক্ষা বিষয়াগৰাকীয়ে অধ্যক্ষ হাজৰিকাক অহা ৮ এপ্ৰিলৰ ভিতৰত এনে আচৰণৰ লিখিত প্ৰত্যুত্তৰ বিচাৰি এখন কাৰণ দৰ্শোৱা জাননী জাৰি কৰে।  ঘিলামৰাৰ শৈক্ষিক জগতৰ এক অমূল্য সংযোজন এইখন একক শিক্ষানুষ্ঠানত সংঘটিত বিত্তীয় অনিয়ম সন্দৰ্ভত ঘিলামৰা ছাত্ৰ সন্থাৰ এটা দলে অধ্যক্ষগৰাকীৰ মতামতৰ বিচাৰি সাক্ষাৎ কৰাত চতুৰ অধ্যক্ষ শইকীয়াই "মোৰ ভুল ৰৈ গ'ল "বুলি অকপতে স্বীকাৰ কৰি বিষয়টো গাপ দিয়াত যত্নপৰ হয়।

ইপিনে এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত চৰকাৰী পুঁজি অপচয় কৰা , জালিয়াটিপূর্ণ ৰচিদ মজুত ৰখা আৰু বিত্তীয় কেলেংকাৰী সংঘটিত কৰা সন্দৰ্ভত ঢকুৱাখনা সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা, আদর্শ বিদ্যালয় সংগঠন, অসম , শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল সংগঠনসমূহে। জনামতে ঢকুৱাখনা সমজিলা প্ৰশাসনে এই চৰকাৰী পুঁজি অপচয় সন্দৰ্ভত সহকাৰী আয়ুক্ত জানুমা সোণোৱালক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে ।

ইপিনে চৰকাৰী পুঁজি অপচয়কাৰী অধ্যক্ষগৰাকীক ৰক্ষণাবেক্ষণ দিয়াত এটা প্ৰভাৱশালী চক্ৰ উঠি পৰি লগাৰ অভিযোগ উত্থাপিত হৈছে। স্মৰ্তব্য যে বিদ্যালয়খনৰ অত্যাধুনিক বিদ্যালয় গৃহ নিৰ্মাণৰ বিপৰীতে আবন্তন হৈছে প্ৰায় ৮ কোটি টকা। এই বিশাল পুঁজিৰে গৃহনিৰ্মাণৰ ঠিকা লাভ কৰিছে এগৰাকী স্থানীয় ঠিকাদাৰে ।

এইজন ঠিকাদাৰৰ সৈতে অধ্যক্ষগৰাকীৰ থকা মধুৰ সম্পৰ্কৰ অচিলা লৈ বিদ্যালয়খনৰ পুঁজিলৈ  লুলুপ দৃষ্টি দি অহা এটা অশুভ চক্ৰই  দুৰ্নীতিগ্ৰস্ত অধ্যক্ষজনক নিষ্কলুষ সজাবলৈ, ৰক্ষণাবেক্ষণ দিবলৈ ৰাজনৈতিক, প্ৰশাসনিক আৰু বিভাগীয় শক্তি প্ৰয়োগ কৰা বুলি ঘিলামৰাৰ হাটে বাটে ব্যাপক চৰ্চা চলিছে । অৱশ্যে সমজিলা প্ৰশাসনৰ তদন্তৰ পাছত এই দিশটো অধিক স্পষ্ট হ'ব ।

ঢকুৱাখনা ঘিলামৰা আদৰ্শ বিদ্যালয়