আদৰ্শ বিদ্যালয় ঘিলামৰাত অনিয়মেই নিয়মঃ ফাৰ্নিচাৰ দোকানলৈ গ'ল মধ্যাহ্ন ভোজনৰ টকা

আদৰ্শ বিদ্যালয় ঘিলামৰাত মধ্যাহ্ন ভোজন প্ৰদানৰ বেলিকা ক্ৰয় কৰা খাদ্য আৰু আনুসংগিক সামগ্ৰীৰ বিপৰীতে আবন্তিত পুঁজি ব্যয় নকৰি খেয়াল খুচি মতে ব্যয় কৰিছে অন্য শিতানত ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আদৰ্শ বিদ্যালয় ঘিলামৰাত অনিয়মেই নিয়মঋঃ ফাৰ্নিচাৰ দোকানলৈ গ'ল মধ্যাহ্ন ভোজনৰ টকা

ডিজিটেল সংবাদ, ঢকুৱাখনা: চৰকাৰী খণ্ডৰ শিক্ষাৰ মানদণ্ড সৰ্বোন্নত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আদৰ্শ বিদ্যালয় সংগঠন অসমৰ পৰিচালনাত ৰাজ্যখনৰ ৫৬ টা  স্থানত প্ৰতিষ্ঠা কৰিছিল আদর্শ বিদ্যালয়। লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঘিলামৰাত ২০২৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল এই আদর্শ বিদ্যালয়ৰ।

Advertisment

ঘিলামৰা সদৰত পূৰ্বৰ ঘিলামৰা পাব্লিক হাইস্কুলৰ আন্তঃগাঁথনিৰ ভেঁটিত স্থাপন হোৱা চি বি এছ ইৰ অনুমোদিত ইংৰাজী মাধ্যমৰ এইখন আদর্শ বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পাছত সমজিলাবাসী শিক্ষাসদী সমাজ উৎফুল্লিত হৈছিল পতিয়ন গৈছিল এখন গুণগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ স্থাপনে জিলাখনৰ শৈক্ষিক মানদণ্ড বহু পৰিমানে উৰ্ধমুখী কৰিব। পিছে জিলাবাসীৰ এই আশাত চেঁচা পানী পৰাৰ উপক্ৰম ঘটিছে কেৱল অধ্যক্ষ গৰাকীৰ স্বেচ্ছাচাৰী নীতিৰ বাবে ।

প্ৰায় ডেৰ শতাধিক শিক্ষাৰ্থী বিশিষ্ট বিদ্যালয়খনৰ বিদ্যায়তনিক দিশটো সঠিক ভাবেই পৰিচালিত কৰাত শিক্ষাগুৰুসকল যত্নপৰ হৈছে যদিও বিদ্যালয়খনৰ আভ্যন্তৰীণ বিত্তীয় ক্ষেত্ৰখনত ব্যাপক অনিয়ম, বিসংগতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে । প্ৰাথমিক পৰ্য্যায়ত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজনৰ বিপৰীতে আবন্তিত চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰত বিদ্যালয় অধ্যক্ষগৰাকী নির্লজ ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

উত্থাপিত হৈছে মধ্যাহ্ন ভোজনৰ বিপৰীতে আবন্তিত চৰকাৰী পুঁজি অপচয় হোৱা আৰু নীতি বৰ্হিভূত ব্যৱস্থা গ্ৰহণ কৰি এই পুঁজি অন্য শিতানলৈ ট্ৰেন্সফাৰ কৰাৰ । সংগৃহীত তথ্য মতে বিদ্যালয়খনৰ অধ্যক্ষ লক্ষ্যজিত হাজৰিকাই বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক মধ্যাহ্ন ভোজন প্ৰদানৰ বেলিকা ক্ৰয় কৰা খাদ্য আৰু আনুসংগিক সামগ্ৰীৰ বিপৰীতে আবন্তিত পুঁজি ব্যয় নকৰি খেয়াল খুচি মতে ব্যয় কৰিছে অন্য শিতানত ।

প্ৰাপ্ত তথ্য মতে অধ্যক্ষ গৰাকীয়ে বিদ্যালয়খনৰ ঘিলামৰা শাখা পাঞ্জাৱ নেচনেল বেংকৰ ০৬৩৩২০০১০০০১৭৪১২ নম্বৰৰ  মধ্যাহ্ন ভোজন বেংক একাউন্টৰ পৰা দিচাং ইলেকট্ৰনিকচৰ অসম গ্ৰামীণ বিকাশ বেংক ঘিলামৰা শাখাৰ  একাউন্টলৈ ২০২৪ চনৰ ৩১আগষ্ট মুঠ ১৫হাজাৰ টকা আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ ঢকুৱাখনা শাখাৰ ৩১০৩০৬৯৯৭০৫ নম্বৰৰ একাউন্টলৈ এন ই এফ টি যোগে ৪১ হাজাৰ টকা ২০২৫ চনৰ ৬ মাৰ্চত ট্ৰেন্সফাৰ কৰিছে । যিটো বিত্তীয় লেনদেন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সতে জড়িত নহয় ।

তাৰোপৰি অধ্যক্ষজনে বিদ্যালয়খনৰ একে চৰকাৰী একাউন্টৰ পৰা যোৱা ১৩ ছেপ্টেম্বৰ ২০২৪ ত ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ লখিমপুৰ জে'ল ৰোড শাখাৰ নিজৰ একাউণ্টলৈ মুঠ ১০ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিছে।  সমান্তৰাল ভাৱে মধ্যাহ্ন ভোজনৰ সামগ্ৰী ক্ৰয় কৰা ঘিলামৰাৰ সাপ্তাহিক বজাৰৰ সমীপৰ এন বি ষ্ট'ৰলৈকো বিভিন্ন সময়ত প্ৰাপ্য পুঁজি ট্ৰেন্সফাৰ কৰিছে ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে মধ্যাহ্ন ভোজনৰ বিপৰীতে আবন্তিত বৃহৎ পুঁজি কিয় ব্যক্তিগত আৰু ফাৰ্নিচাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ট্ৰেন্সফাৰ কৰা হ'ল? যদি অন্য সামগ্ৰী সম্পৰ্কীয় লেন দেন আছিল সেয়া সুকীয়া শিতানৰ পৰা নকৰি কিয় বিধি বৰ্হিভূত প্ৰক্ৰিয়াৰে মধ্যাহ্ন ভোজনৰ শিতানৰ পুঁজি মোকোলাই দিয়া হ'ল। 

চৰকাৰী বিত্তীয় নিয়ম প্ৰকাশ্যে উলংঘা কৰি দাম্ভিক আচৰণেৰে অধ্যক্ষ হাজৰিকাই চলাই অহা এনে দৌৰাত্ম্য সন্দৰ্ভত বিদ্যালয় উচ্চ ক্ষমতা সম্পন্ন পৰিচালনা সমিতিৰ ৰহস্যজনক নীৰৱতায়ো হতাশ কৰিছে শিক্ষাসদী সমাজক। কেৱল সেয়ে নহয় বিদ্যালয়ৰ বিত্তীয় লেন দেন জড়িত থকা বিভিন্ন দিশত সীমাহীন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

তাৰোপৰি বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ভাউচাৰ প্ৰতি মাহে সঠিক আৰু পৰিশুদ্ধ ভাবে অধ্যক্ষই যোগান নধৰাৰো আশংকা কৰা হৈছে । এই সমস্ত অভিযোগৰ সন্দৰ্ভত অধ্যক্ষগৰাকীক বিদ্যালয়ত সাক্ষাতৰ চেষ্টা কৰা হৈছিল যদিও দুদিন ধৰি অনুপস্থিত থকাৰ বাবে সম্ভৱ নহ'ল। ঘিলামৰাৰ ছাত্ৰ সংগঠন আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগিতাত "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ  এই সন্দৰ্ভত চলোৱা অনুসন্ধান কালত  উন্মোচিত হোৱা অধ্যক্ষগৰাকীৰ সীমাহীন দুষ্কাৰ্য পৰৱৰ্তী সময়ৰ প্ৰতিবেদনে সামৰি ল'ব।

ঘিলামৰা মধ্যাহ্ন ভোজন