/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/jj9rpuwg/dhakuakhana web.png)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ বিগত ৪২বছৰীয়া গণ সংগ্ৰামৰ সুমিষ্ঠ ফচল প্ৰাপ্তিৰ সময় সমাগত। মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন সমূহৰ নাৰ্য অধিকাৰ বিচৰা ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামখনৰ প্ৰতি সঁহাৰি জনাই অচিৰেই মিচিং জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা হব। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত শীঘ্ৰেই এই সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব। মিচিং জাতীয় সংগঠনৰ প্ৰাক্তন নেতা ,ভাৰতীয় জনতা পাৰ্টিৰ জ'নাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে দেওবাৰে এই মন্তব্য কৰে । মাতমৰাৰ খেৰকটা মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত এক বিশাল সমাৰোহত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়ক পেগুৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/hdhtbf8f/f6ba01a7-fbed-45fb-bc2e-e8e8c4eb6794.jpg)
মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত বাঃতাক সমাৰোহত উপস্থিত প্ৰায় ২০হাজাৰ প্ৰতিনিধি আৰু স্বগোষ্ঠীয় ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত বিধায়ক পেগুৱে কয় পূৰ্বতে মিচিং অধ্যুষিত অঞ্চলত সততে দেখা গৈছিল জাতীয় সংগঠনৰ ব্যাপক প্ৰচাৰ। ন' চিক্স চিডিউল ন' ৰেষ্ট , উই ৱান্ট চিক্স চিডিউল , ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তকৰণ আমাৰ আজন্ম দাবী , আদি দাবী সম্বলিত শ্লোগান আৰু দেৱাল লিখন। কিন্তু এতিয়াৰ পৰা এইবোৰ বন্ধ হ'ব সৰ্বত্ৰতে। পট পৰিৱৰ্তন হ'ব জনগোষ্ঠীয় অধ্যুষিত গ্রামাঞ্চলৰ। এতিয়াৰ পৰা গাঁৱে ভূঞে কেৱল প্ৰচাৰ চলিব, দেৱাল লিখন চলিব 'চিক্স চিডিউল ৱেল কাম', 'সংবিধানৰ ষষ্ঠ অনুসূচী স্বীকৃতিলৈ আদৰণি' শীর্ষক বাণী।
মিচিং জনগোষ্ঠীৰ কেইবা দশক জোৰা সংগ্ৰামী যাত্ৰাৰ অন্তত জাতীয় সংগঠনৰ আজন্ম দাবীসমূহ পূৰণ হৈ অহা বুলি অনুকীয়াই শীঘ্ৰে ষষ্ঠ অনুসূচী প্ৰাপ্তিৰ এই মূল দাবীও কাৰ্যকৰী হোৱাটো নিশ্চিত বুলি ঘোষণা কৰে পেগুৱে। শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰ , ৰাজ্য চৰকাৰ আৰু জাতীয় সংগঠনৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হব বুলি দোহাৰি বিধায়ক পেগুৱে কয় যদি এই ক্ষেত্ৰত কাৰিকৰী প্ৰতিবন্ধকতা আহি স্বীকৃতি প্ৰদানত বিলম্ব হয় তেন্তে আহিব লগীয়া সময়ত গোগামুখত ৫ লাখ জনগোষ্ঠীয় ৰাইজ একত্ৰিত হৈ চৰকাৰলৈ দৃষ্টি আকর্ষক বাৰ্তা প্ৰেৰণ কৰিব বুলি ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/zdc2k6cm/3e948366-443f-43fb-900c-b6349cef7526.jpg)
বিধায়ক গৰাকীয়ে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সময়োপযোগী পদক্ষেপৰ প্ৰতি গৰাকী স্বগোষ্ঠীয় ৰাইজে আদৰণি জনোৱা উচিত বুলি কৈ সকলো সময়ত জনগোষ্ঠীয় ৰাইজ একত্ৰিত হৈ থকাৰ আহ্বান জনাই। পুৱা জাতীয় সংগীত পৰিৱেশনৰ লগতে এটি শ্ৰুতিমধুৰ বৃন্দ গানৰ পৰৱৰ্তী সময়ত সমাৰোহ উদ্বোধন কৰে জাতীয় সংগঠন এম এম কেৰ সভাপতি তথা এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে । সভাত মুখ্য অতিথি হিচাবে মিচিং বানে কৌবাংৰ সভাপতি তথা এম এ চিৰ মুখ্য কার্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই মননশীল বক্তব্য আগবঢ়াই।
নাৰ্য প্ৰাপ্য বিচৰা সংগ্ৰামখনৰ ইতিহাস প্ৰসিদ্ধ উৰ্বৰ ভূমি ঢকুৱাখনাত জীৱন জীৱিকাৰ আৰু প্ৰগতিশীল গণতান্ত্ৰিক সমাজ গঠনৰ এক নতুন সংগ্ৰামৰ পাতনি মেলাৰ আহ্বান জনাই চায়েঙিয়াই কয় ত্যাগ আৰু সংগ্ৰামৰ ক্ষেত্ৰত যিদৰে ঢকুৱাখনাৰ এটা সুনাম আছে তেনেদৰে উৎপাদনৰ ক্ষেত্ৰতো ঢকুৱাখনাই এটা গুৰু দায়িত্ব লব লাগিব আৰু মোৰ বিশ্বাস আছে ঢকুৱাখনাই পাৰিব। ৰেচম শিল্প, ৰবৰ খেতি ,উদ্যান খেতি , মীন পালন, পশুপালন আদি সকলো দিশতে ঢকুৱাখনাই আগৰণুৱা ভূমিকা লৈ জীৱন জীৱিকাৰ ক্ষেত্ৰখন উজ্বলাই গ্ৰাম্য অৰ্থনীতি সবল কৰি তোলাৰ আহ্বান জনায় চায়েঙিয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/ewwj0au8/e65e1e13-b653-4ef3-9032-fdc5e40ca4f3.jpg)
সমাৰোহত আমন্ত্ৰিত অতিথি হিচাবে টি এম পি কেৰ সভাপতি তিলক দলে , সাধাৰণ সম্পাদক চান পাংগিং ,টি এম এম কেৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং , সম্পাদিকা শৰ্মিলা পায়েং পেগু , এম এম কেৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং ,মিচিং আগম কৌবাংৰ সম্পাদক সুমেশ্বৰ কপ্টাক ,মিচিং দৃৰবি কৌবাংৰ সম্পাদক প্ৰশান্ত বড়ি আদিয়ে অংশগ্ৰহণ কৰে । বিধায়ক নৱ কুমাৰ দলেয়েও সমাৰোহত উপস্থিত থাকি চমু বক্তব্য আগবঢ়াই ।